শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেৱল আমেৰিকাই নহয়, এই দেশৰো ৰাষ্ট্ৰপতিৰ দায়িত্বত ট্ৰাম্প! নিজ মুখে কৰিলে ঘোষণা

গভীৰ নিশা লেটিন আমেৰিকান দেশ ভেনিজুৱেলাত আমেৰিকাই চলোৱা আক্ৰমণে বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিছে আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা শেহতীয়া এক কাৰ্যই আন এক নতুন বিতৰ্কৰ সূত্ৰপাত কৰিছে।

কেৱল আমেৰিকাই নহয়, এই দেশৰো ৰাষ্ট্ৰপতিৰ দায়িত্বত ট্ৰাম্প! নিজ মুখে কৰিলে ঘোষণা
ড’নাল্ড ট্ৰাম্পImage Credit source: PTI
Monjit Dutta
Monjit Dutta | Updated On: 12 Jan 2026 12:59 PM

আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাত অতৰ্কিতে চলোৱা সামৰিক অভিযানৰ পাছত বৰ্তমান সমগ্ৰ বিশ্বৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। গভীৰ নিশা লেটিন আমেৰিকাৰ দেশখনত আক্ৰমণ চলাই মাৰ্কিন সেনাই আনকি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক আটক কৰি নিজ দেশলৈ লৈ যায়। আমেৰিকাৰ এই কাৰ্যই বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিছে আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা শেহতীয়া এক কাৰ্যই আন এক নতুন বিতৰ্কৰ সূত্ৰপাত কৰিছে।

ভাইৰেল ট্ৰাম্পৰ বিশেষ ফটো

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছচিয়েল’ত শ্বেয়াৰ কৰা এটা পোষ্টে ব্যাপক চৰ্চা লাভ কৰিছে। ট্ৰাম্পে তেওঁৰ ৱিকিপিডিয়া পেজৰ এখন স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে, য’ত তেওঁক ভেনিজুৱেলাৰ ‘ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি’ হিচাপে দেখুওৱা হৈছে। সেই ফটোখনৰ মতে, ২০ জানুৱাৰী ২০২৫-ৰ পৰা তেওঁ এই পদত অধিষ্ঠিত হৈ আছে।

অৱশ্যে এই ফটোখন যে দৰাচলতে এখন এডিট কৰা ফটো, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। বাস্তৱত ৱিকিপিডিয়া বা কোনো চৰকাৰী নথি-পত্ৰত ট্ৰাম্পক ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি হিচাপে উল্লেখ কৰা হোৱা নাই। ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজাকৈহে সামাজিক মাধ্যম যোগে এই ফটোখন শ্বেয়াৰ কৰিছে।

ভেনিজুৱেলাত আমেৰিকাৰ অভিযান

কেইসপ্তাহমান পূৰ্বে আমেৰিকাই ভেনিজুৱেলাত এক সামৰিক অভিযান চলাইছিল। এই অভিযানৰ সময়ত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক আটক কৰা হয়। বৰ্তমান তেওঁলোকক নিউয়ৰ্কলৈ লৈ যোৱা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে ‘নাৰ্কো সন্ত্ৰাসবাদ’ৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ গোচৰ চলাই থকা হৈছে। মাডুৰোৱে অৱশ্যে এনে অভিযোগ অস্বীকাৰ কৰিছে।

বৰ্তমান ভেনিজুৱেলাৰ দায়িত্বত কোন

মাডুৰোক অপসাৰণ কৰাৰ পাছত ভেনিজুৱেলাৰ উপ-ৰাষ্ট্ৰপতি তথা তেল মন্ত্ৰী ডেলচি ৰড্ৰিগুৱেজক যোৱা সপ্তাহত আনুষ্ঠানিকভাৱে দেশখনৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য পাঠ কৰোৱা হয়। ইফালে ভেনিজুৱেলাত এক সুস্থিৰ আৰু উচিত চৰকাৰ গঠন নোহোৱালৈকে আমেৰিকাই দেশখনৰ প্ৰশাসনৰ ওপৰত চকু ৰাখিব বুলি ট্ৰাম্পে স্পষ্ট কৰি দিছে।