শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গৈ আছিল ডাভোছলৈ, মাজ আকাশতে অথন্তৰ! আধা বাটৰ পৰা উভতিল ট্ৰাম্প…

আজি পুৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ বিমানেৰে ডাভোছলৈ গৈ আছিল। অৱশ্যে তেওঁৰ বিমানখনে মাজভাগত কাৰিকৰী সমস্যাৰ সন্মুখীন হয়। তেওঁ উভতি আহিছে, আৰু আন এখন বিমানত ছুইজাৰলেণ্ডলৈ যাত্ৰা কৰিব।

গৈ আছিল ডাভোছলৈ, মাজ আকাশতে অথন্তৰ! আধা বাটৰ পৰা উভতিল ট্ৰাম্প…
ড’নাল্ড ট্ৰাম্প
Trishna Kalita
Trishna Kalita | Updated On: 21 Jan 2026 10:31 AM

আজি পুৱা নিজৰ বিমানেৰে ডাভোছলৈ গৈ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অৱশ্যে তেওঁৰ বিমানখনে মাজভাগত কাৰিকৰী সমস্যাৰ সন্মুখীন হয়। তাৰ পিছক তেওঁ উভতি আহে আৰু আন এখন বিমানত ছুইজাৰলেণ্ডলৈ যাত্ৰা কৰিব। অৱশ্যে এয়াৰ ফৰ্চ ৱানৰ পৰিৱৰ্তে আন এখন বিমানেৰে ট্ৰাম্পে ছুইজাৰলেণ্ডলৈ যাব বুলি খবৰ প্ৰকাশ পাইছে।

বিমানখনৰ বিষয়ে প্ৰাথমিক তথ্যত বৈদ্যুতিক সমস্যাৰ কথা পোহৰলৈ আহিছে, যাৰ বাবে ইয়াক পুনৰ জেবিএলৈ অনা হৈছে। বৰ্তমান এয়াৰ ফৰ্চ ৱানত ৱাশ্বিংটনলৈ উভতি আহিছে ট্ৰাম্প। ট্ৰাম্পৰ বিমানখনৰ বিষয়ে এতিয়ালৈকে উপলব্ধ তথ্য অনুসৰি এয়াৰ ফৰ্চ ৱানৰ ক্ৰুৱে উৰণৰ পিছত এটা সৰু বৈদ্যুতিক সমস্যা ধৰা পেলায়। তাৎক্ষণিক সতৰ্কতামূলক ব্যৱস্থা হিচাপে এ এফ ১ক জইণ্ট বেছ এণ্ড্ৰুজলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হয়। ৰাষ্ট্ৰপতি আৰু দলটোৱে আন এখন বিমানত উঠি চুইজাৰলেণ্ডলৈ যাব।

কোনখন বিমানত যাত্ৰা কৰে ট্ৰাম্পে

এয়াৰ ফৰ্চ ৱানেৰে যাত্ৰা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইটো এটা কাৰিকৰী নাম। তেওঁৰ দুখন বয়িং ৭৪৭ বিমানৰ মালিক। যাৰ ক’ড ২৮০০০ আৰু ২৯০০০।

ড’নাল্ড ট্ৰাম্পৰ বিমানত আমেৰিকাৰ প্ৰতীক আৰু ৰাষ্ট্ৰীয় পতাকা আছে। এই বিমানখনৰ বিশেষ বৈশিষ্ট্য হৈছে আকাশৰ মাজতে ইন্ধন ভৰোৱাৰ ক্ষমতা। আক্ৰমণৰ সময়ত ই মোবাইল কমাণ্ড চেণ্টাৰ হিচাপেও কাম কৰিব পাৰে। এই কাৰণেই ইয়াক ইমান বিশেষ বুলি গণ্য কৰা হয়।

উল্লেখ্য যে, ডাভোছত অনুষ্ঠিত হৈছে বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠক। য’ত সমবেত হৈছে বিশ্বৰ বহু নেতা। এই বৈঠকত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত হিমন্ত বিশ্ব শৰ্মাই। ২০২৫ চনৰ ২০-২৪ জানুৱাৰীলৈ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত ৫০খনতকৈও অধিক দেশৰ ৰাষ্ট্ৰপতি আৰু নেতাসকলে অংশগ্ৰহণ কৰিছে। ট্ৰাম্পেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰায় ছবছৰৰ অন্তত উভতি আহিছে ড’নাল্ড ট্ৰাম্প। ইয়াৰ পূৰ্বে তেওঁ ২০২০ চনৰ ২১ জানুৱাৰীত, প্ৰথম কাৰ্যকালত বিমানখন উৰুৱাইছিল। ডাভোছত ভাষণ দিলে।