শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোনো বিতৰ্ক নাই, কেৱল মিঞাকহে জাননী প্ৰেৰণ কৰা হৈছে: SR সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক’লে…

ড০ শৰ্মাই কয়, "ভোটাৰ পুনৰীক্ষণ অভিযানৰ সময়ত বাংলাভাষী মুছলমানসকলৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা শব্দ ‘মিঞা’ লৈহে জাননী প্ৰদান কৰা হৈছে। তেওঁলোকক হেঁচাত ৰাখিবলৈ এই কাম কৰা হৈছে।"

কোনো বিতৰ্ক নাই, কেৱল মিঞাকহে জাননী প্ৰেৰণ কৰা হৈছে: SR সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক’লে…
SR বিৰ্তক সন্দৰ্ভত মুখ্যমন্ত্ৰী...
Trishna Kalita
Trishna Kalita | Updated On: 24 Jan 2026 21:47 PM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চলি থকা নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন (SR)ক লৈ কোনো বিতৰ্ক হোৱা নাই বুলি উল্লেখ কৰে। লগতে এই প্ৰক্ৰিয়া আধাৰত কোনো হিন্দু বা অসমীয়া মুছলমান জাননী পোৱা নাই বুলি দাবী কৰে।

নলবাৰী জিলাত এক কাৰ্যসূচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই কয়, “ভোটাৰ পুনৰীক্ষণ অভিযানৰ সময়ত বাংলাভাষী মুছলমানসকলৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা শব্দ ‘মিঞা’ লৈহে জাননী প্ৰদান কৰা হৈছে। তেওঁলোকক হেঁচাত ৰাখিবলৈ এই কাম কৰা হৈছে।” মুখ্যমন্ত্ৰীয়ে কয়, “এছ আৰক লৈ কোনো বিতৰ্ক নাই। কোনো হিন্দুৱে ন’টিচ পাইছে নেকি? নে কোনোবা অসমীয়া মুছলমানে ন’টিচ পাইছে? মিঞা বা তেনেকুৱা মানুহক জাননী দিয়া হৈছে, নহ’লে আমাৰ মূৰৰ ওপৰত উঠিব।”

ইফালে তেওঁৰ চৰকাৰৰ অধীনত মিঞাসকল সমস্যাৰ সন্মুখীন হ’ব বুলি পূৰ্বৰ মন্তব্য পুনৰবাৰ উল্লেখ কৰি শৰ্মাই কয়, লুকুৱাবলগীয়া একো নাই, আমি তেওঁলোকক কষ্ট দিছো। তেওঁ লগতে কয় যে এনেধৰণৰ কার্যৰ উদ্দেশ্য হৈছে অসমীয়া সমাজৰ একাংশ শ্ৰেণীৰ পৰা প্ৰতিৰোধৰ সংকেত। মুখ্যমন্ত্ৰীয়ে কয়, ‘আমি কিছু ‘উৎপাত’ (দুষ্টামি) কৰিম, কিন্তু আইনৰ পৰিসৰৰ ভিতৰত। আমি দুখীয়া আৰু নিপীড়িত লোকৰ সৈতে আছো, কিন্তু আমাৰ ‘জাতি’ (সম্প্ৰদায়) ধ্বংস কৰিব বিচৰাসকলৰ লগত নহয়।’

পৰৱৰ্তী লোকপিয়লত অসমৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ বাংলাভাষী মুছলমান হ’ব পাৰে কৰা পূৰ্বৰ দাবী পুনৰবাৰ উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । ইয়াৰ উপৰিও কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিঞাৰ ৰাজত্ব চলিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, বিৰোধী দলসমূহে অভিযোগ কৰিছে যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে চলি থকা এছ আৰ প্ৰক্ৰিয়াৰ উদ্দেশ্য প্ৰকৃত নাগৰিক বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক হাৰাশাস্তি কৰা। তেওঁলোকে দাবী কৰিছে যে ফৰ্ম ৭ৰ অপব্যৱহাৰ বিজেপিৰ এজেণ্টৰ দ্বাৰা প্ৰকৃত ভোটাৰক লক্ষ্য কৰি লোৱা হৈছে। এই বিধানসমূহৰ অধীনত ভোটাৰসকলে স্থায়ী স্থানান্তৰ, ডুপ্লিকেট নামভৰ্তি বা বিনা-নাগৰিকত্বৰ দৰে কাৰণত নিৰ্বাচনী তালিকাৰ পৰা নিজৰ নাম বাদ দিবলৈ প্ৰ-পত্ৰ ৭ ব্যৱহাৰ কৰিব পাৰে। আনহাতে ভোটাৰসকলে মৃত্যু, কম বয়স, স্থায়ীভাৱে স্থানান্তৰিত হোৱা, ডুপ্লিকেট নামভৰ্তি বা বিনা-নাগৰিকত্ব আদি কাৰণত আনৰ নাম গুচাই দিয়াৰ দাবী কৰিব পাৰে। কোনো ধৰণৰ ডিলিট কৰাৰ পূৰ্বে কৰ্তৃপক্ষই শুনানি গ্ৰহণ কৰে।

২৩ জানুৱাৰীত বকো-ছয়গাঁও বিধান সভা সমষ্টিৰ স্থানীয় বিজেপি নেতা আৰু চৰকাৰী বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰি পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত ভোটাৰৰ নাম মচি পেলোৱা আৰু অন্তৰ্ভুক্ত কৰাৰ অকৰ্তৃত্বশীল প্ৰচেষ্টাৰ অভিযোগ উত্থাপন কৰিছিল।