শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাষ্ট্ৰপতি ভৱনত ৰাহুল গান্ধীয়ে পিন্ধিছিল উত্তৰ-পূবৰ পাটকা: মুখ্যমন্ত্ৰীৰ অভিযোগক লৈ কংগ্ৰেছৰ দাবী

ৰাহুল গান্ধীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, ‘পাটকা’ স্বীকাৰ কৰি প্ৰথমে পিন্ধিছিল যদিও পিছত বহি থকা অৱস্থাত আঁতৰাই টেবুলত থৈ দিয়ে। সূত্ৰটোৱে দাবী কৰে যে, ‘তেওঁ ‘পাটকা’ পিন্ধিছিল যদিও বহি থাকোঁতে খুলি থৈ দিছিল। গান্ধীয়ে পাটকা পিন্ধাৰ পৰিৱৰ্তে হাতত লৈ থকা ভিডিঅ’ ফুটেজ ব্যাপক প্ৰচাৰৰ সময়তে এই স্পষ্টীকৰণ দিয়া হৈছে।

ৰাষ্ট্ৰপতি ভৱনত ৰাহুল গান্ধীয়ে পিন্ধিছিল উত্তৰ-পূবৰ পাটকা: মুখ্যমন্ত্ৰীৰ অভিযোগক লৈ কংগ্ৰেছৰ দাবী
ৰাহুল গান্ধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযোগ
Trishna Kalita
Trishna Kalita | Updated On: 27 Jan 2026 08:36 AM

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপন হৈছে এক ডাঙৰ অভিযোগ।  ভাৰতৰ উত্তৰ-পূবক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠানত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ-পূবৰ ‘পাটকা’ (গলবস্ত্ৰ) পৰিধান নকৰাক লৈ বিতৰ্কৰ সৃষ্টি হয়।

অভ্যৰ্থনাৰ দৃশ্যত গান্ধীক উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক পৰম্পৰাগত পাটকা পৰিধান নকৰা একমাত্ৰ বিশিষ্ট অতিথি হিচাপে দেখা গৈছিল। যাৰ ফলত বিশেষকৈ অসমত ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সমালোচনা বাঢ়ি অহাৰ লগে লগে কংগ্ৰেছৰ সূত্ৰই এই সন্দৰ্ভত স্পষ্টীকৰণ দি দাবী কৰে যে ৰাহুল গান্ধীয়ে কিছুসময়ৰ বাবে উত্তৰ-পূবৰ ‘পাটকা’ পৰিধান কৰিছিল ।

ৰাহুল গান্ধীৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, তেওঁ প্ৰথমে ‘পাটকা’ পিন্ধিছিল যদিও পিছত বহি থকা অৱস্থাত আঁতৰাই টেবুলত থৈ দিয়ে। সূত্ৰটোৱে দাবী কৰে যে, ‘তেওঁ ‘পাটকা’ পিন্ধিছিল যদিও বহি থাকোঁতে খুলি থৈ দিছিল। গান্ধীয়ে পাটকা পিন্ধাৰ পৰিৱৰ্তে হাতত লৈ থকা ভিডিঅ’ ফুটেজ ব্যাপক প্ৰচাৰৰ সময়তে এই স্পষ্টীকৰণ দিয়া হৈছে।

একেটা ভিজুৱেলতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে গান্ধীৰ কাষত থিয় হৈ পাটকা পিন্ধা দেখা গৈছে। যিয়ে এই বিতৰ্কত আৰু অধিক ইন্ধন যোগাইছিল। সমালোচকসকলে আঙুলিয়াই দিছিল যে গান্ধীয়ে পাটকা গ্ৰহণ কৰিছিল যদিও অনুষ্ঠানত উপস্থিত থকা আন নেতাসকলৰ দৰে পাটকা পৰিধান কৰি থাকিবলৈ বিচৰা নাছিল।

ৰাহুল গান্ধীৰ ওপৰত বিজেপিৰ আক্ৰমণৰ প্ৰতিহত কৰি কংগ্ৰেছ নেতা পৱন খেৰাই একেটা অনুষ্ঠানৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এখন ফটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। য’ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ অভিযোগক লৈ প্রশ্ন উত্থাপন কৰি খেৰাই ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্রীক টেগ কৰি লিখে যে, উত্তৰ-পূর্বাঞ্চলৰ পৰম্পৰাগত পাটকা নিপিন্ধাৰ বাবে ৰাজনাথ সিঙৰ পৰাও ক্ষমা বিচাৰিব নেকি বুলি প্রশ্ন কৰে ৷ তেওঁ আৰু প্ৰশ্ন কৰে যে, এনে বিষয় উত্থাপন কৰাটো ৰাজনৈতিক বিতৰ্কলৈ ৰূপান্তৰিত কৰি বিৰোধীৰ জনপ্ৰিয়তাৰ পৰা মনোযোগ আঁতৰোৱাৰ কৌশলৰ অংশ নেকি?

উল্লেখ্য যে, ২৬ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা ‘এট হোম ৰিচেপচন’ত প্ৰধানমন্ত্ৰী, ইউৰোপীয় সংঘৰ নেতা, বিদেশী কূটনীতিবিদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। উত্তৰ-পূর্বাঞ্চলৰ সংস্কৃতি প্রদর্শনৰ বাবে নিবেদিত অনুষ্ঠানটোৰ জৰিয়তে অতিথিসকলক থিমৰ অংশ হিচাপে উত্তৰ-পূর্বাঞ্চলৰ পৰম্পৰাগত ‘পাটকা’ উপহাৰ দিয়া হয়।