শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজ্যৰ গৱেষক ছাত্ৰসকললৈ সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে, চাকৰিৰ প্ৰস্তুতি চলোৱা স্নাতক শিক্ষাৰ্থীয়েও পাব জলপানি

গৱেষকসকলৰ উপৰিও সদ্য স্নাতকসকলৰ বাবেও চৰকাৰে ‘জীৱন প্ৰেৰণা আঁচনি’ নামেৰে আন এক আঁচনি ঘোষণা কৰিছে। অহা ১০ ফেব্ৰুৱাৰীতে এই আঁচনিখন আৰম্ভ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে ২০২৫ বৰ্ষৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিত সহায় হোৱাকৈ জলপানি লাভ কৰিব।

ৰাজ্যৰ গৱেষক ছাত্ৰসকললৈ সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে, চাকৰিৰ প্ৰস্তুতি চলোৱা স্নাতক শিক্ষাৰ্থীয়েও পাব জলপানি
মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণাImage Credit source: Facebook/Himanta Biswa Sarma
Monjit Dutta
Monjit Dutta | Updated On: 21 Jan 2026 17:18 PM

অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসম চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্রেৰণা আঁচনি’ নামেৰে এক বিশেষ আৰ্থিক সাহায্য আঁচনি ঘোষণা কৰিছে। অহা ১১ ফেব্ৰুৱাৰীত এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। এই আঁচনিখনে উচ্চতৰ গৱেষণাৰ সৈতে জড়িত মেধাসম্পন্ন যুৱক-যুৱতীসকলক বৃহৎ সকাহ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যম একাউণ্ট যোগে এই বিষয়ে ঘোষণা কৰিছে।

শিক্ষাৰ্থীলৈ আৰ্থিক সকাহ

‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্রেৰণা আঁচনি’ নামৰ এই অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলক প্ৰতি মাহে ২৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। তদুপৰি দিব্যাংগ গৱেষকসকলে এই আঁচনিখনৰ অধীনত প্ৰতি মাহে ৪০,০০০ টকাৰ এক সন্মানজনক পুঁজি লাভ কৰিব।

মুখ্যমন্ত্ৰীৰ ঘোষণা

এই আঁচনিৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ফেচবুক পোষ্টত লিখিছে, “গৱেষণা কৰি থকা মৰমৰ শিক্ষাৰ্থীসকল— তোমালোকক কথা দিয়া মতেই গৱেষণাত সহায়ক হোৱাকৈ জীৱন অনুপ্রেৰণা আঁচনিৰ সাহায্য ৰাশি ১১ ফেব্রুৱাৰীৰ পৰা বিতৰণ কৰা হ’ব।”

“তোমালোকে গৱেষণা কার্য সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একো একোজন অগ্রণী সেনানী হোৱা, আমি এনেকৈয়ে সদায় আছোঁ তোমালোকক উৎসাহ যোগাবলৈ…।” – ফেচবুক পোষ্টটোত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এইদৰে লিখিছে।

সদ্য স্নাতকসকললৈও সকাহ

গৱেষকসকলৰ উপৰিও সদ্য স্নাতকসকলৰ বাবেও চৰকাৰে ‘জীৱন প্ৰেৰণা আঁচনি’ নামেৰে আন এক আঁচনি ঘোষণা কৰিছে। অহা ১০ ফেব্ৰুৱাৰীতে এই আঁচনিখন আৰম্ভ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে ২০২৫ বৰ্ষৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিত সহায় হোৱাকৈ জলপানি লাভ কৰিব।

সদ্য স্নাতক এই শিক্ষাৰ্থীসকলে এবছৰৰ বাবে মাহিলি ২,৫০০ টকাৰ আৰ্থিক সকাহ লাভ কৰিব। অৱশ্যে চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলেহে এই আঁচনিৰ অধীনত জলপানি লাভ কৰিব। এই আঁচনিৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাবলৈ পৰামৰ্শ দিয়ে।