শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“জাৰ্চি সলনি হ’লেও মোৰ নাম কে এল ৰাহুল !”, লক্ষ্ণৌৰ বিৰুদ্ধে অৰ্ধশতকেৰে নিজৰ সামৰ্থ্য দেখুৱালে ৰাহুলে…

প্ৰথম অৱস্থাত দিল্লী কেপিটেলছে ঘৰুৱা মেচ বিশাখাপট্টনমত খেলিছিল। আৰু এই ছিজনত তেওঁলোকৰ প্ৰথমখন মেচ আছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে। এই খেলখনৰ পূৰ্বে বিশেষকৈ কে এল ৰাহুলক লৈ সাংঘাতিক ধৰণে চৰ্চা আৰম্ভ হৈছিল । তেওঁ পূৰ্বে খেলি অহা দল দুটাৰ বিৰুদ্ধে কেনে প্ৰদৰ্শন কৰিব সেইলৈ চলিছিল চৰ্চা ।

“জাৰ্চি সলনি হ’লেও মোৰ নাম কে এল ৰাহুল !”, লক্ষ্ণৌৰ বিৰুদ্ধে অৰ্ধশতকেৰে নিজৰ সামৰ্থ্য দেখুৱালে ৰাহুলে…
কে এল ৰাহুলImage Credit source: PTI
manas-borah
Manas Borah | Published: 23 Apr 2025 16:27 PM

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ বনাম দিল্লী কেপিটেলছ। প্ৰথম অৱস্থাত দিল্লী কেপিটেলছে ঘৰুৱা মেচ বিশাখাপট্টনমত খেলিছিল। আৰু এই ছিজনত তেওঁলোকৰ প্ৰথমখন মেচ আছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে। এই খেলখনৰ পূৰ্বে বিশেষকৈ কে এল ৰাহুলক লৈ সাংঘাতিক ধৰণে চৰ্চা আৰম্ভ হৈছিল । তেওঁ পূৰ্বে খেলি অহা দল দুটাৰ বিৰুদ্ধে কেনে প্ৰদৰ্শন কৰিব সেইলৈ চলিছিল চৰ্চা ।

লক্ষ্ণৌৰ বিৰুদ্ধে প্ৰথমখন খেল খেলা নাছিল কে এল ৰাহুলে। কাৰণ সেইদিনা তেওঁ এটি সন্তানৰ পিতৃ হৈছিল । সেই খেলখনত কঠিন যুঁজৰ অন্তত দিল্লী কেপিটেলছে মাত্ৰ ১ উইকেটত জয়লাভ কৰে। লক্ষ্ণৌৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হোৱা দিল্লী কেপিটেলছৰ খেলখনৰ পূৰ্বেও অনুৰাগীৰ মাজত একেই উন্মাদনা। অৱশেষত ৰাহুলে নিজৰ পূৰ্বৰ দলৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিবলৈ সাজু হৈছে । কি কৰিব?

এই আলোচনাৰ এটা কাৰণ হ’ল আৰ চি বিৰ বিৰুদ্ধে বেংগালুৰুৰ খেলপথাৰত জয়লাভ কৰি কে এল ৰাহুলে নিজৰ কৃতিত্ব উদযাপন কৰা দেখা গৈছিল । বেংগালুৰুৰ এজন ল’ৰা। তেওঁৰ আই পি এল কেৰিয়াৰ আৰম্ভ হৈছিল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ পৰা। লক্ষ্ণৌ এৰি যোৱাৰ সময়ত আৰ চি বিৰ অনুৰাগীসকলেও ৰাহুলক অধিনায়ক বনাবলৈ দাবী জনাইছিল । অনুৰাগীৰ কথাত গুৰুত্ব দিয়া নাছিল আৰচিবিৰ দল পৰিচালনা সমিতিয়ে। প্ৰতিদ্বন্দ্বী হওক বা নহওক, আচলতে তেওঁ এজন স্থানীয় ল’ৰা। বেংগালুৰুৱে মেচখনত পৰাস্ত হোৱাৰ পাছতো কে এল ৰাহুলৰ সফলতাত ঘৰুৱা তাৰকাগৰাকীক উৎসাহিত কৰিছিল আৰচিবিৰ সমৰ্থকে । এই খেলপথাৰখনো মোৰ বুলি বাৰ্তা প্ৰেৰণ কৰি খেলপথাৰত বিজয় উদযাপন কৰা দেখা গৈছিল কে এল ৰাহুলক।

একেদৰে পূৰ্বৰ দল লক্ষ্ণৌৰ খেলপথাৰত অপৰাজিত অৰ্ধশতক। মেচ বিজয়ী ইনিংছৰ বাবেও তেওঁ অভিলেখ গঢ়িছিল। আই পি এলত তেওঁ ৪০ সংখ্যক অৰ্ধশতক অৰ্জন কৰে। ৫ হাজাৰ ৰানৰ ৰেৰ্ক়ড অতিক্ৰম কৰিলে ৰাহুলে। আই পি এলত ডেভিড ৱাৰ্নাৰে ১৩৫ ইনিংছত ৫০০০ ৰান সংগ্ৰহ কৰিছিল। ১৩০ ইনিংছৰ সেই ৰেকৰ্ড অতিক্ৰম কৰি শীৰ্ষত আছে কে এল ৰাহুল।

পূৰ্বৰ দল লক্ষ্ণৌৰ খেলপথাৰত অৰ্ধশতক। তেতিয়াও বিজয়ক বৰ বেছি উদযাপন কৰা নাছিল । নিজৰ বেটেৰে জাৰ্চিত লিখা নামটো দেখুৱাই দিছিল অনুৰাগীক । অহংকাৰ নাই, কেৱল সন্মান। এই অনুৰাগীসকল সদায় তেওঁৰ কাষত আছিল। তেনেকৈয়ে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিলে। যেন তেওঁ এটা বাৰ্তা দিলে যে, জাৰ্চি সলনি হ’লেও মই তোমাৰ ৰাহুল, মোৰ একে এল ৰাহুল । কেৱল খেলখনত জয়ী হোৱাই নহয় কে এল ৰাহুলে গেলেৰীত বহি থকা অনুৰাগীৰো মন জয় কৰিলে।

দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা