মেছিৰ ব্যক্তিগত বিমানখনৰ বিষয়ে জানেনে? দাম শুনিলে চকু থৰ হ’ব আপোনাৰ
মেছিৰ এই ভাৰত ভ্ৰমণৰ সংগী তেওঁৰ নিজা প্ৰাইভেট জেট গাল্ফ’ষ্ট্ৰিম ভি (Gulfstream V)। পিছে এই বিমানখনৰ বাবে কিমান খৰচ হয় জানেনে? এই বিমানখনৰ খৰচ মুঠ ১৩৬ কোটি টকা। পিছে ইমান খৰচী বিমানখনৰ বিশেষত্ব কি?
ফুটবল বিশ্বৰ অবিসম্বাদী সম্ৰাট লিঅ’নেল মেছি এতিয়া ভাৰতত। তিনিদিনীয়া সূচীৰে ভাৰতত উপস্থিত হৈছে মহাতাৰকাগৰাকী। ইতিমধ্যে কলকাতা আৰু হায়দৰাবাদ ভ্ৰমণ কৰাৰ আজি মুম্বাইত উপস্থিত থাকিব মেছি। তেওঁৰ সৈতে থাকিব দুই ক্লাব সতীৰ্থ উৰুগুৱেৰ কিংবদন্তি তাৰকা লুইছ ছুৱাৰেজ আৰু আৰ্জেণ্টিনাৰে ৰড্ৰিগো ডি পল। স্বাভাৱিকতেই দেশৰ ফুটবল অনুৰাগীসকলৰ বাবে মেছিৰ এই ভাৰত ভ্ৰমণ হৈ পৰিছে বিশেষ। সেয়ে এই ভ্ৰমণক লৈ যথেষ্ট আনন্দিত হৈ পৰিছে মেছি অনুৰাগীসকল।
এখন ব্যক্তিগত বিমানেৰে ভাৰত ভ্ৰমণলৈ আহিছে তাৰকা ফুটবলাৰগৰাকী। অৰ্থাৎ মেছিৰ এই ভাৰত ভ্ৰমণৰ সংগী তেওঁৰ নিজা প্ৰাইভেট জেট গাল্ফ’ষ্ট্ৰিম ভি (Gulfstream V)। পিছে এই বিমানখনৰ বাবে কিমান খৰচ হয় জানেনে? এই বিমানখনৰ খৰচ মুঠ ১৩৬ কোটি টকা। পিছে ইমান খৰচী বিমানখনৰ বিশেষত্ব কি?
গাল্ফ’ষ্ট্ৰিম ভি হৈছে বিশ্বৰ আটাইতকৈ বিলাসী লং ৰেঞ্জ বিজনেছ জেট। ই এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ বাধাহীনভাৱে উৰিব পাৰে। এই বিমানখনে এয়াৰ ট্ৰেফিকৰ পৰা হাত সাৰিবলৈ অতি উচ্চতাত উৰিব পাৰে। এই বিলাসী বিমানখনত কেবিনকে ধৰি বহু ঠাই আছে।
মেছিৰ বিমানখনত মুঠ ১৪খন আসন আছে, এই আসনসমূহ প্ৰয়োজন সাপেক্ষে ৭খন বিচনালৈ ৰূপান্তৰিত কৰিব পাৰিব। সাধাৰণতে গাল্ফ’ষ্ট্ৰিম জেটৰ মূল্য ৯ মিলিয়ন ডলাৰৰ পৰা ১৪ মিলিয়ন ডলাৰৰ ভিতৰত। নতুন ভেৰিয়েণ্টৰ মূল্য ৪০ মিলিয়নতকৈও অধিক। কেৱল দামেই নহয়, এই বিমানখনৰ ৰক্ষণাবেক্ষণৰ খৰচো বছৰি কেইবা নিযুত ডলাৰ।
কলকাতা আৰু হায়দৰাবাদৰ পিছত আজি মুম্বাইত উপস্থিত থাকিব মেছি। মুম্বাইত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, শচীন তেণ্ডুলকাৰ আৰু বলীউডৰ চেলিব্ৰিটিসকলে মেছিক সাক্ষাৎ কৰিব। সোমবাৰে দিল্লীত সমাপ্ত হ’ব মেছিৰ ভ্ৰমণ।
এই সময়ছোৱাত মেছিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব পাৰে বুলি খবৰ প্ৰকাশ পাইছে। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ প্ৰকাশ পোৱা নাই। ভাৰত ভ্ৰমণৰ অন্ত পৰাৰ পিছতে পুনৰ ক্লাৱ মেছত জড়িত হৈ পৰিব তাৰকা ফুটবলাৰগৰাকী।