India vs Pakistan U19 Asia Cup 2025: পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰে ভাৰতে, ডুবাইত ব্যৰ্থ বৈভৱ সূৰ্যবংশী
ভাৰতে পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰতে ২৪০ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে পাকিস্তানী দলটোৱে ২৪০ ৰান অতিক্ৰম কৰাত ব্যৰ্থ হয়।
১৯ অনুৰ্ধ এছিয়া কাপৰ পঞ্চমখন খেলত ভাৰতে পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰতে ২৪০ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে পাকিস্তানী দলটোৱে ২৪০ ৰান অতিক্ৰম কৰাত ব্যৰ্থ হয়। ভাৰতৰ বিস্ফোৰক বেটছমেন বৈভৱ সূৰ্যবংশীয়ে ডুবাই খেলপথাৰত মাত্ৰ ৫ ৰানহে কৰিবলৈ সক্ষম হয়। অধিনায়ক আয়ুষ ম্হাত্ৰেও ৩৮ ৰানত আউট হৈছিল যদিও তাৰ পিছত পাকিস্তানক পৰাস্ত কৰাত তিনিগৰাকী ভাৰতীয় খেলুৱৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ভাৰতৰ জয়ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই বেটছমেন এৰন জৰ্জ, অলৰাউণ্ডাৰ কনিষ্ক চৌহান আৰু বেগী বলাৰ দীপেশ দেৱেন্দ্ৰনে। এৰন জৰ্জে ৮৮টা বলত ৮৫ ৰান সংগ্ৰহ কৰে। কনিষ্ক চৌহানে ৪৬ ৰানৰ ইনিংছ খেলাৰ লগতে ৩ টা উইকেট দখল কৰে। দ্ৰুত বলাৰ দীপেশে মাত্ৰ ১৬ ৰান দি ৩টা উইকেট দখল কৰে।
প্ৰথমে বেটিং কৰা ভাৰতে চতুৰ্থ অভাৰত সৰ্বাধিক উইকেট হেৰুৱাইছিল। অপেনাৰ বৈভৱ সূৰ্যবংশী চাৰি ৰানত আউট হয়। ইয়াৰ পিছতে অধিনায়ক আয়ুষ ম্হাত্ৰেৰ সৈতে এৰন জৰ্জে উৎকৃষ্ট বেটিং প্ৰদৰ্শনেৰে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ চলায়। জৰ্জে উৎকৃষ্ট ফৰ্মত আছিল আৰু অতি আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন কৰিছিল। আয়ুষ ম্হাত্ৰে তিনিটা ছয় আৰু চাৰিটা চাৰিৰে ৩৮ ৰান কৰে। পৰৱৰ্তী সময়ত বিহান মালহোত্ৰাই ১২ ৰান আৰু বেদান্ত তিৱাৰীয়ে মাত্ৰ ৭ ৰানত আউট হয়। অৱশ্যে এৰন জৰ্জে ক্ৰীজত থাকি এক উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে।
অলৰাউণ্ডাৰ কনিষ্ক চৌহানেও ৪৬টা বলত ৪৬ ৰান সংগ্ৰহ কৰি উজ্জ্বল ইনিংছ খেলিছিল। কিন্তু তেওঁ অৰ্ধশতকত উপনীত হ’ব নোৱাৰিলে আৰু এৰন জৰ্জে শতক অৰ্জন কৰিবলৈ ব্যৰ্থ হয়। পাকিস্তানী বেগী বলাৰ মহম্মদ ছায়াম আৰু আব্দুল সুভানে তিনিটাকৈ উইকেট দখল কৰি ভাৰতক ২৪০ ৰানত সীমাবদ্ধ কৰি ৰাখে।
টিম ইণ্ডিয়াৰ পবাবে ভাল বলিঙৰ প্ৰয়োজন আছিল আৰু বলাৰসকলে নিৰাশ কৰা নাছিল। দীপেশ দেৱেন্দ্ৰনে দলটোৰ প্ৰথমটো অগ্ৰগতি প্ৰদান কৰে। পূৰ্বৰ খেলখনত বিস্ফোৰক শতক অৰ্জন কৰা সমীৰ মানহাছক ৯ ৰানত আউট কৰে। লগতে তেওঁ আলী হাছান বালোচৰ উইকেট দখল কৰে। আহমেদ হুছেইনকো আউট কৰে দীপেশে। ইয়াৰ পিছতে কনিষ্ক চৌহানে উছমান খানক আউট কৰে।
মিডল অভাৰত অধিনায়ক ফাৰহান ইউছুফ আৰু হুজাইফা এহছানে শক্তিশালী অংশীদাৰিত্ব গঢ়ি তুলিছিল যদিও বৈভৱ সূৰ্যবংশীয়ে ফাৰহান ইউছুফক আউট কৰি অংশীদাৰিত্ব ভংগ কৰে। ইয়াৰ পিছতে কনিষ্ক চৌহানে হুজাইফা এহছানক ৭০ ৰানত আউট কৰি পাকিস্তানৰ আশাক স্তব্ধ কৰি পেলায়। ৪১.২ অভাৰত ১৫০ ৰানত পাকিস্তানে আটাইকেইটা উইকেট হেৰুৱাই।