শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

টি-২০ বিশ্বকাপৰ বাবে এই দিনটোত ঘোষণা হ’ব ভাৰতীয় দল, বিচিচিআইয়ে দিলে ডাঙৰ আপডেট

ইতিমধ্যেই ক্ৰিকেটপ্ৰেমীৰ মাজত আগন্তুক বৰ্ষত হ’বলগীয়া টি-২০ বিশ্বকাপক লৈ চৰ্চা আৰম্ভ হৈছে। বিশ্বকাপৰ বাবে ঘোষণা হ’বলগীয়া দলত কোনকেইগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিব, সেই লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। এই সন্দৰ্ভত বিচিচিআইয়ে দিছে এক ডাঙৰ আপডেট।

টি-২০ বিশ্বকাপৰ বাবে এই দিনটোত ঘোষণা হ’ব ভাৰতীয় দল, বিচিচিআইয়ে দিলে ডাঙৰ আপডেট
ভাৰতীয় ক্ৰিকেট দলImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 19 Dec 2025 11:46 AM

সম্প্ৰতি দক্ষিণ আফ্ৰিকাৰ বিপক্ষে টি-২০ শৃংখলাত ব্যস্ত হৈ ভাৰতীয় দল। আজি অনুষ্ঠিত হ’ব এই শৃংখলাৰ অন্তিমখন মেচ। এই শৃংখলাক কেন্দ্ৰ কৰি চৰ্চা চলি থকাৰ সময়তে ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে এক ডাঙৰ খবৰ। ইতিমধ্যেই ক্ৰিকেটপ্ৰেমীৰ মাজত আগন্তুক বৰ্ষত হ’বলগীয়া টি-২০ বিশ্বকাপক লৈ চৰ্চা আৰম্ভ হৈছে। বিশ্বকাপৰ বাবে ঘোষণা হ’বলগীয়া দলত কোনকেইগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিব, সেই লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। এই সন্দৰ্ভত বিচিচিআইয়ে দিছে এক ডাঙৰ আপডেট।

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দল ঘোষণা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে বিচিচিআইয়ে। এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি বিচিচিআইয়ে উল্লেখ কৰা মতে অহা বৰ্ষত হ’বলগীয়া টি-২০ বিশ্বকাপ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় খেলুৱৈৰ নিৰ্বাচন অহা ২০ ডিচেম্বৰত কৰা হ’ব। মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই দল নিৰ্বাচনৰ বৈঠক।

অনুষ্ঠিত হ’ব বৈঠক

ইতিমধ্যে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দল ২০ ডিচেম্বৰত ঘোষণা কৰা হ’ব বুলি খবৰ প্ৰকাশ পাইছিল। অৱশ্যে এতিয়া সেই খবৰ আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে বিচিচিআইয়ে। দিনৰ ১:৩০ বজাত ভাৰতীয় দল নিৰ্বাচন সন্দৰ্ভত এক অনুষ্ঠিত হ’ব, ইয়াৰ পিছত টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদমেল অনুষ্ঠিত কৰিব।

নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা

২০২৬ চনৰ টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলা খেলিব ভাৰতে। দুয়োটা দলৰ মাজত তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ অনুষ্ঠিত হ’ব। অহা ১১, ১৪, আৰু ১৮ জানুৱাৰীত ৰাজকোট, ইন্দোৰ বদোদৰাত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ মেচকেইখন।

আনহাতে ২১ৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব পাঁচখন মেচৰ টি-২০ শৃংখলা। প্ৰথমখন মেচ নাগপুৰত অনুষ্ঠিত হোৱাৰ পিছত ২৩ জানুৱাৰীত ৰায়পুৰত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০। ২৫ জানুৱাৰীত গুৱাহাটীত তৃতীয়খন মেচ, ২৮ জানুৱাৰীত ভিজাগত চতুৰ্থ টি-২০ আৰু ৩১ জানুৱাৰীত তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব চূড়ান্ত টি-২০ মেচ।