দুটাকৈ গুৰুতৰ ৰোগত আক্ৰান্ত চাহাল, চিকিৎসকে দিলে এনে নিৰ্দেশনা
তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহাল সন্দৰ্ভত পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰকাশিত খবৰ অনুসৰি একেলগে দুটাকৈ সামান্য চিন্তনীয় ৰোগত আক্ৰান্ত হৈছে যুজবেন্দ্ৰ চাহাল। কি হৈছে তাৰকা ক্ৰিকেটাৰগৰাকীৰ? জানিবলৈ চাওক।
এসময়ত ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য সদস্য যুজবেন্দ্ৰ চাহাল বিগত বহুদিন ধৰি দলৰ পৰা আছে বাহিৰত। ধাৰাবাহিকতা ৰক্ষাত বিফল হোৱা চাহালৰ বাবে এতিয়া ভাৰতীয় দলৰ দ্বাৰ প্ৰায় বন্ধ হৈ পৰা যেনেই অনুমান হৈছে। এই লৈ ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীৰ মাজতো চৰ্চা পৰিলক্ষিত হৈছে। কেৱল খেলেই নহয়, ব্যক্তগত জীৱনতো উত্থান-পতনৰ সন্মুখীন হৈছে চাহাল। ভাৰতীয় দলৰ পৰা বাহিৰত থকা চাহালে শেহতীয়াকৈ নিজ ৰাজ্য হাৰিয়ানাক প্ৰতিনিধিত্ব কৰি অৱতীৰ্ণ হৈছিল ছৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ত।
কিন্তু প্ৰথম কেইখনমান খেল খেলাৰ পিছত দলৰ পৰা বাদ পৰে চাহাল। আনকি আজি ঝাৰখণ্ডৰ বিপক্ষে প্ৰতিযোগিতাৰ ফাইনেলত দেখা নগ’ল তাৰকা স্পিনাৰগৰাকীক। চাহালৰ অনুপস্থিতিৰ কাৰণো সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাছিল। এতিয়া এই তাৰকা ক্ৰিকেটাৰগৰাকীৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ খবৰ।
প্ৰকাশিত খবৰ অনুসৰি একেলগে দুটাকৈ সামান্য চিন্তনীয় ৰোগত আক্ৰান্ত হৈছে যুজবেন্দ্ৰ চাহাল। ডেংগু আৰু চিকুংগুনিয়া একেলগে ধৰা পৰিছে চাহালৰ দেহত। আজি ছৈয়দ মুস্তাক আলী ট্ৰফীৰ খিতাপ খিতাপ যুঁজৰ সময়তে চাহালে এই কথা প্ৰকাশ কৰে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে চাহালে জানিবলৈ দিছে তেওঁৰ স্বাস্থ্যৰ কথা।
ডাক্তৰে দিছে এনে নিৰ্দেশনা
চাহালে এটা পোষ্টত উল্লেখ কৰা মতে তেওঁ ডেংগু আৰু চিকুংগুনিয়াৰ সৈতে যুঁজি আছে, সেয়ে তেওঁ ফাইনেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে। চিকিৎসকে তেওঁক জিৰণি ল’বলৈ পৰামৰ্শ দিয়া বুলিও চাহালে উল্লেখ কৰে। চাহালে লিখিছে, “মোৰ দল হাৰিয়ানালৈ SMAT ফাইনেলৰ বাবে শুভেচ্ছা। মই দলৰ অংশ হ’ব বিচাৰিছিলো, কিন্তু দুৰ্ভাগ্যজনকভাৱে মই ডেংগু আৰু চিকুংগুনিয়াৰ সৈতে যুঁজি আছো।”
এই দুয়োটা ৰোগে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে বুলি দোহাৰি চাহালে চিকিৎসকে তেওঁক জিৰণি আৰু আৰোগ্যৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়াৰ কথাও সদৰী কৰে। তেওঁ লগতে সম্পূৰ্ণৰূপে সুস্থ অনুভৱ কৰিলে অতি সোনকালে খেলপথাৰলৈ উভতি আহিব আৰু পুনৰ ক্ৰিকেট খেলিব বুলি দৃঢ় আশা প্ৰকাশ কৰে।
এই প্ৰতিযোগিতাত চাহালৰ প্ৰদৰ্শন
ছৈয়দ মুস্তাক আলী ট্ৰফীৰ এই ছিজনত চাহালে মাত্ৰ তিনিখন মেচতহে নিজ দল হাৰিয়ানাক প্ৰতিনিধিত্ব কৰে। অৱশ্যে এই তিনিখন মেচত তেওঁৰ প্ৰদৰ্শন বিশেষ উন্নত নাছিল। এই সময়ছোৱাত তেওঁ মাত্ৰ চাৰিটা উইকেটহে দখল কৰাৰ লগতে যথেষ্ট ৰানো খৰচ কৰিছিল। এতিয়া ৰোগৰ পৰা মুক্ত হৈ চাহালে সফল প্ৰত্যাৱৰ্তন ঘটাব বুলি আশা কৰিছে অনুৰাগীয়ে।