শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১৯ বছৰীয়া যুৱ ক্ৰিকেটাৰক ১৪.২০ কোটি টকাত ক্ৰয় কৰিলে CSK য়ে

২০২৪-২৫ ছিজনত তেওঁ ৰঞ্জি ট্ৰফীত অভিষেক ঘটায়, উত্তৰাখণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলতে শতক অৰ্জন কৰে। বিজয় হাজাৰে ট্ৰফীত শতক অৰ্জন কৰে। শেহতীয়াকৈ তেওঁ চৈয়দ মুস্তাক আলী ট্ৰফীৰ অংশ আছিল যদিও আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল।

১৯ বছৰীয়া যুৱ ক্ৰিকেটাৰক ১৪.২০ কোটি টকাত ক্ৰয় কৰিলে CSK য়ে
Image Credit source: X Handle
manas-borah
Manas Borah | Updated On: 16 Dec 2025 19:27 PM

আই পি এল ২০২৬ৰ মিনি নিলামত চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজস্থানৰ যুৱ উইকেটকীপাৰ-বেটছমেন কাৰ্তিক শৰ্মা। মাত্ৰ ১৯ বছৰ বয়সতে এক আকৰ্ষণীয় মূল্য লাভ কৰিবলৈ সক্ষম হৈছে কাৰ্তিক শৰ্মাই। এইগৰাকী যুৱ ক্ৰিকেটাৰক ১৪.২০ কোটি টকাত ক্ৰয় কৰিছে চেন্নাই ছুপাৰ কিংছে। কাৰ্তিক শৰ্মাৰ বেছ প্ৰাইচ আছিল ৩০ লাখ টকা।

যোৱা বছৰ কাৰ্তিকে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ ট্ৰাইলত অংশগ্ৰহণ কৰিছিল যদিও পিছত চেন্নাই ছুপাৰ কিংছৰ প্ৰি-ছিজন শিবিৰত অংশগ্ৰহণ কৰিছিল। শিবিৰৰ সময়ত আঘাতৰ সলনি তেওঁক দলত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে বুলি আলোচনা হৈছিল যদিও নিলামত পঞ্জীয়ন নোহোৱাৰ বাবে সেয়া সম্ভৱ নহ’ল। এইবাৰ তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ হৈও ট্ৰাইল দিছিল, য’ত তেওঁ মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছিল। নিলামত তেওঁক ক্ৰয় কৰাৰ দৌৰত কেকেআৰ আছিল যদিও চিএছকেয়ে শেষত ক্ৰয় কৰে।

২০২৪-২৫ ছিজনত তেওঁ ৰঞ্জি ট্ৰফীত অভিষেক ঘটায়, উত্তৰাখণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলতে শতক অৰ্জন কৰে। বিজয় হাজাৰে ট্ৰফীত শতক অৰ্জন কৰে। শেহতীয়াকৈ তেওঁ চৈয়দ মুস্তাক আলী ট্ৰফীৰ অংশ আছিল যদিও আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল।

কাৰ্তিক শৰ্মাই এই পৰ্যন্ত ১২খন খেল খেলিছে। এই সময়ছোৱাত তেওঁ ৩০.৩৬ গড়ে ৩৩৪ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ১৬টা চাৰি আৰু ২৮টা ছয় মাৰিবলৈ সক্ষণ হৈছে।

ইফালে, আবুধাবিত অনুষ্ঠিত হোৱা IPL 2026 ৰ মিনি নিলামৰ আৰম্ভণিতে ছেট ১ ত অন্তৰ্ভুক্ত খেলুৱৈৰ নাম ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণকো ছেট ১ ত অন্তৰ্ভুক্ত কৰা হয় আৰু আশা কৰা মতে তেওঁৰ বেছ মূল্যতকৈ বহুগুণ বেছি মূল্য লাভ কৰে। গ্ৰীণৰ বেছ মূল্য আছিল ২ কোটি টকা, কিন্তু কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ২৫.২০ কোটি টকাত ক্ৰয় কৰে। এই বৃহৎ ধনেৰে কেমেৰন গ্ৰীণ আই পি এলত বিক্ৰী হোৱা আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপে পৰিগণিত হয়।