শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভেনিজুৱেলাত মাৰ্কিন আক্ৰমণৰ সময়তে চৰ্চাত পুৰণি ভৱিষ্যদ্বাণী, সঁচা হ’ব নেকি বাবা ভাংগা-নাষ্ট্ৰেডমাছৰ আগজাননী?

আমেৰিকাৰ এই চৰম পদক্ষেপে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ সমান্তৰালকৈ চৰ্চালৈ আহিছে দুটাকৈ প্ৰাচীন ভৱিষ্যদ্বাণী। এই দুই ভৱিষ্যদ্বাণী কৰিছিল দুই বিশ্বচৰ্চিত ভৱিষ্যবক্তা ক্ৰমে ফৰাচী জ্যোতিষী নাষ্ট্ৰেডমাছ আৰু বুলগেৰিয়ান ভৱিষ্যবক্তা বাবা ভাংগাই।

ভেনিজুৱেলাত মাৰ্কিন আক্ৰমণৰ সময়তে চৰ্চাত পুৰণি ভৱিষ্যদ্বাণী, সঁচা হ’ব নেকি বাবা ভাংগা-নাষ্ট্ৰেডমাছৰ আগজাননী?
চৰ্চাত বাবা ভাংগা-নাষ্ট্ৰেডমাছৰ ভৱিষ্যবাণীImage Credit source: Wikipedia
monjit-dutta
Monjit Dutta | Updated On: 04 Jan 2026 14:03 PM

২০২৬ৰ আৰম্ভণিতেই বিশ্বত দেখা গৈছে যুদ্ধৰ দাবানল। ভেনিজুৱেলাত আমেৰিকাৰ আকস্মিক আক্ৰমণ আৰু তাৰ পিছতে বিশ্ব ৰাজনীতিৰ পৰিস্থিতিয়ে বহন কৰিছে বিশেষ গুৰুত্ব। যোৱা নিশা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকান সেনাই চলায় এক বৃহৎ সামৰিক অভিযান। কেৱল আক্ৰমণ কৰাই নহয়, ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক মাৰ্কিন সেনাই কৰায়ত্ব কৰে আৰু আমেৰিকালৈ লৈ যায়। আমেৰিকাৰ এই চৰম পদক্ষেপে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ সমান্তৰালকৈ চৰ্চালৈ আহিছে দুটাকৈ প্ৰাচীন ভৱিষ্যদ্বাণী।

এই দুই ভৱিষ্যদ্বাণী কৰিছিল দুই বিশ্বচৰ্চিত ভৱিষ্যবক্তা ক্ৰমে ফৰাচী জ্যোতিষী নাষ্ট্ৰেডমাছ আৰু বুলগেৰিয়ান ভৱিষ্যবক্তা বাবা ভাংগাই। ভেনিজুৱেলাত মাৰ্কিন সেনাৰ আক্ৰমণৰ পিছতে নাষ্ট্ৰেডমাছ আৰু বাবা ভাংগাৰ ভৱিষ্যবাণীসমূহ পুনৰ চৰ্চালৈ আহিছে। নিজ নিজ ভৱিষ্যবাণীত এই দুই ভৱিষ্যবক্তাই ২০২৬ চনত এক বিশ্বজোৰা মহাযুদ্ধৰ আগজাননী দিছিল।

বাবা ভাংগাৰ ভৱিষ্যবাণী

বুলগেৰিয়ান ভৱিষ্যবক্তা বাবা ভাংগাই ২০২৬ চনক লৈ এক ভয়ংকৰ পূৰ্বাভাস দিছিল। তেওঁৰ মতে, পূবৰ দেশসমূহৰ মাজত চলি থকা তীব্ৰ উত্তেজনাই কালক্ৰমত এক বৃহৎ যুদ্ধৰ ৰূপ ল’ব আৰু ইয়াৰ জুই পশ্চিমীয়া দেশসমূহলৈকো বিয়পি পৰিব। তেওঁ চীন, ৰাছিয়া আৰু আমেৰিকাৰ দৰে মহাশক্তিধৰ দেশৰ মাজত প্ৰত্যক্ষ সংঘৰ্ষৰ আগজাননী কৰিছিল।

টাইৱানক লৈ চীনৰ স্থিতি আৰু আমেৰিকাৰ সৈতে ৰাছিয়াৰ প্ৰত্যক্ষ শত্ৰুতাৰ লগতে ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আৰু চীন, ৰাছিয়াৰ গৰিহণাই বাবা ভাংগাৰ ভৱিষ্যবাণীৰেই প্রতিফলন ঘটোৱা যেন ধাৰণা কৰে হৈছে। এই লৈ এতিয়া বিশ্বজুৰি দেখা গৈছে ব্যাপক চৰ্চা।

নাষ্ট্ৰেডমাছৰ ভৱিষ্যবাণী

ইফালে নাষ্ট্ৰেডমাছৰ মতে, ২০২৬ চনটো হ’ব পাৰে এক ধ্বংসাত্মক বিশ্বযুদ্ধৰ আৰম্ভণিৰ সময়। ধৰ্ম আৰু উগ্ৰ জাতীয়তাবাদৰ নামত বিশ্বজুৰি ৰক্তক্ষয়ী সংঘাতৰ সূচনা হ’ব। বিশেষকৈ তেওঁ সাগৰীয় যুদ্ধৰ ইংগিত দিছিল, যাৰ ফলত বিশ্বৰ খাদ্য যোগান আৰু অৰ্থনীতি বিপৰ্যস্ত হৈ পৰিব।

আশ্চৰ্যজনকভাৱে, আমেৰিকাই কাৰাকাছত যি কৌশলেৰে নিশাৰ অন্ধকাৰত আক্ৰমণ চলালে, তাৰ সৈতে নাষ্ট্ৰেডমাছৰ এটা বিশেষ সূত্ৰ মিলি গৈছে। তেওঁ ‘মৌ-মাখিৰ জাক’ শব্দৰ ব্যৱহাৰ কৰি নিশাৰ ভাগত হ’বলগীয়া এক আকস্মিক আক্ৰমণৰ কথা লিখি থৈ গৈছিল।

বিশেষজ্ঞসকলৰ মতে, ইয়াত ‘মৌ-মাখি’ মানে পতংগ নহয়, বৰঞ্চ এক সুপৰিকল্পিত আৰু ক্ষিপ্ৰ সামৰিক অভিযানকহে বুজাইছে। চিএনএনৰ তথ্য অনুসৰি, আমেৰিকান সেনাই মাদুৰোক তেওঁৰ শোৱনি কোঠাৰ পৰাই আটক কৰিছে আৰু এয়া নাষ্ট্ৰেডমাছৰ বৰ্ণনাৰ সৈতে হুবহু মিলি গৈছে।

ভেনিজুৱেলাত আমেৰিকাই চলোৱা এই সামৰিক কাৰ্যপন্থাই এতিয়া সমগ্ৰ বিশ্বক শংকিত কৰি তুলিছে। সকলোৰে মনত একেটাই প্ৰশ্ন, লেটিন আমেৰিকান দেশখনত চলা এই মাৰ্কিন অভিযানে ২০২৬ চনত সঁচাকৈয়ে এক মহাযুদ্ধৰ সূচনা কৰিব নেকি? এই প্ৰশ্নৰ উত্তৰ আগন্তুক সময়ছোৱাত স্পষ্ট হৈ পৰিব।