নতুন বছৰত ঘৰৰ এনে দিশত কেতিয়াও নলগাব কেলেণ্ডাৰ, অন্যথা ঘৰলৈ নামিব পাৰে দুখ-দুৰ্গতি
বাস্তু শাস্ত্ৰ মতে, ঘৰত কেলেণ্ডাৰ এখন যিকোনো দিশতে ওলোমাই থোৱাটো অনুচিত। কিয়নো কেলেণ্ডাৰৰ সঠিক দিশে ঘৰলৈ সুখ-শান্তি কঢ়িয়াই আনে আৰু ভুল দিশে উন্নতিৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে। জানো আহক কেলেণ্ডাৰ ওলোমোৱাৰ শুভ আৰু অশুভ দিশসমূহ।
নতুন বছৰ ২০২৬ক সকলোৱে অতি উৎসাহেৰে আদৰণি জনাইছে। প্ৰতিটো নতুন বছৰৰ আৰম্ভণিতে আমাৰ ঘৰত সলনি হোৱা এক অতি প্ৰয়োজনীয় বস্তু হ’ল কেলেণ্ডাৰ। এখন কেলেণ্ডাৰে কেৱল দিন বা তাৰিখেই নহয়, গোটেই বছৰটোৰ অনুষ্ঠান-পাৰ্বণ আৰু উৎসৱসমূহৰ বিষয়েও আমাক অৱগত কৰে। বাস্তু শাস্ত্ৰ মতে, ঘৰত কেলেণ্ডাৰ এখন যিকোনো দিশতে ওলোমাই থোৱাটো অনুচিত। কিয়নো কেলেণ্ডাৰৰ সঠিক দিশে ঘৰলৈ সুখ-শান্তি কঢ়িয়াই আনে আৰু ভুল দিশে উন্নতিৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে। জানো আহক কেলেণ্ডাৰ ওলোমোৱাৰ শুভ আৰু অশুভ দিশসমূহ।
কেলেণ্ডাৰ ওলোমোৱাৰ শুভ দিশসমূহঃ
পূব দিশঃ ঘৰৰ পূব দিশৰ দেৱালত কেলেণ্ডাৰ লগোৱাটো অতি শুভ। পূব দিশ হ’ল সূৰ্যদেৱৰ দিশ, যি উন্নতি আৰু নতুনত্বৰ প্ৰতীক। এই দিশত কেলেণ্ডাৰ লগালে ঘৰৰ সদস্যসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহে।
উত্তৰ দিশঃ উত্তৰ দিশ হ’ল সমৃদ্ধি আৰু স্থিৰতাৰ দিশ। ব্যৱসায়িক উন্নতি আৰু আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ উত্তৰ দিশৰ দেৱালত কেলেণ্ডাৰ ওলোমাই থোৱা উচিত।
উত্তৰ-পূব দিশঃ এই দিশটো আধ্যাত্মিক সজাগতা আৰু ব্যক্তিগত বিকাশৰ দিশ বুলি গণ্য কৰা হয়। আত্ম-বিশ্লেষণ আৰু মানসিক শান্তিৰ বাবে এই দিশত কেলেণ্ডাৰ লগোৱাটো ফলদায়ক বিবেচিত হয়।
পশ্চিম দিশঃ প্ৰয়োজন সাপেক্ষে পশ্চিম বা দক্ষিণ-পশ্চিম দিশৰ দেৱালতো কেলেণ্ডাৰ লগাব পাৰি।
কোন দিশত আৰু কোন স্থানত কেলেণ্ডাৰ নলগাবঃ
দক্ষিণ দিশঃ বাস্তু শাস্ত্ৰ অনুসৰি কেতিয়াও দক্ষিণ দিশত কেলেণ্ডাৰ লগাব নালাগে। বিশ্বাস কৰা হয় যে এই দিশত কেলেণ্ডাৰ লগালে পৰিয়ালৰ সদস্যৰ উন্নতি থমকি ৰয় আৰু স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।
দুৱাৰ বা খিৰিকীৰ ওপৰতঃ কেতিয়াও কোনো দুৱাৰ বা খিৰিকীৰ ঠিক ওপৰত কেলেণ্ডাৰ ওলোমাই নথ’ব। ইয়াৰ ফলত ঘৰত ইতিবাচক শক্তিৰ প্ৰৱাহ বাধাৰ সৃষ্টি হয়।
পুৰণি কেলেণ্ডাৰঃ নতুন বছৰৰ লগে লগে পুৰণি কেলেণ্ডাৰখন আঁতৰাই পেলাব লাগে। পুৰণি কেলেণ্ডাৰ ওলোমাই থ’লে জীৱনলৈ স্থবিৰতা আহিব পাৰে বুলি ধাৰণা কৰা হয়।