ঘৰৰ এইসমূহ স্থানত ভুলতো নাৰাখিব ধন, অন্যথা আৰ্থিক সমস্যাই আপোনাক কৰিব জুৰুলা
সাধাৰণ কিছুমান ভুলৰ বাবে আপোনাৰ আৰ্থিক প্ৰগতিৰ ক্ষেত্ৰত বাধা নামি আহিব পাৰে। বাস্তু শাস্ত্ৰত এই সন্দৰ্ভত কিছুমান দিশৰ বিষয়ে আঙুলিয়াই দিয়া হৈছে। ঘৰৰ কিছুমান বিশেষ স্থানত ধন থ’লে আপোনাৰ কষ্টোপাৰ্জিত ধনৰ লোকচানহে হ’ব পাৰে বুলি বাস্তুৱে কয়।
হিন্দ ধৰ্মত প্ৰাচীন বাস্তু শাস্ত্ৰৰ গুৰুত্ব অসীম। ব্যক্তিৰ দৈনন্দিন জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাস্তু শাস্ত্ৰৰ নিয়মসমূহ সঠিকভাৱে পালন কৰিলে জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহে, কিন্তু সৰু সৰু ভুলৰ বাবে আমি জীৱনত বিভিন্ন প্ৰত্যাহ্বানৰো সন্মুখীন হ’বলগীয়া হয়। আমাৰ অসাৱধানতাৰ ফলত হোৱা এই ভুলবোৰেই বাস্তু দোষৰ কাৰণ হৈ পৰে। আৰ্থিক স্বচ্ছলতাৰ বাবে মানুহে বহুতো উপায় অৱলম্বন কৰে। পিছে সাধাৰণ কিছুমান ভুলৰ বাবে আপোনাৰ আৰ্থিক প্ৰগতিৰ ক্ষেত্ৰত বাধা নামি আহিব পাৰে।
বাস্তু শাস্ত্ৰত এই সন্দৰ্ভত কিছুমান দিশৰ বিষয়ে আঙুলিয়াই দিয়া হৈছে। ঘৰৰ কিছুমান বিশেষ স্থানত ধন থ’লে আপোনাৰ কষ্টোপাৰ্জিত ধনৰ লোকচানহে হ’ব পাৰে। গতিকে বাস্তুৱে সকীয়াই দিয়া ঘৰৰ এই বিশেষ স্থানসমূহৰ বিষয়ে জানো আহক-
আন্ধাৰ স্থানত থকা আলমাৰিঃ বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ ধন ৰখা আলমাৰি বা বাকচ কেতিয়াও আন্ধাৰ স্থানত ৰাখিব নালাগে। যদি আপোনাৰ ধন ৰখা বাকচ আন্ধাৰত থাকে, তেতিয়া তাত ধন ৰখাৰ পৰা বিৰত থাকক। ইয়াৰ ফলত ঘৰত ধনৰ অভাৱ হোৱাৰ লগতে আৰ্থিক সমস্যাই দেখা দিয়ে। বাস্তু মতে ধন থোৱা বাকচ সদায় উত্তৰ বা উত্তৰ-পূব দিশত ৰখাটো শুভ।
বাথৰুম বা শৌচালয়ৰ দেৱালৰ কাষতঃ ঘৰৰ ধন-সম্পত্তি কেতিয়াও শৌচালয় বা বাথৰুমৰ দেৱালৰ একেবাৰে ওচৰত ৰাখিব নালাগে। বিশ্বাস কৰা হয় যে এনে ঠাইত ধন ৰাখিলে হাতত পইচা নিটিকে আৰু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পায়। ইয়াৰ পৰিণতিত ঘৰখনত আৰ্থিক নাটনি হ’বলৈ ধৰে।
দক্ষিণ দিশত ধন ৰখা অনুচিতঃ বাস্তু শাস্ত্ৰৰ মতে দক্ষিণ দিশত ধন ৰখাটো একেবাৰে ভুল। যিহেতু দক্ষিণ দিশ মৃত্যুৰ দেৱতা যমৰাজৰ দিশ বুলি গণ্য কৰা হয়, সেয়েহে এই দিশত ধন ৰাখিলে ঘৰত দৰিদ্ৰতাই দেখা দিয়ে আৰু পৰিয়ালৰ সুখ-শান্তি বিঘ্নিত হয়।