শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মৃত্যুৰ সময়তো অকলশৰীয়া নহয় মানুহ, লগতে যায় এই ৩ বস্তু! কৈ গৈছে আচাৰ্য চাণক্যই

তিনিটা বিশেষ বস্তু মৃত্যুৰ পিছত আত্মাৰ সৈতে পৰলোকলৈ যায়। প্ৰাচীন ভাৰতীয় পণ্ডিত আচাৰ্য চাণক্যই তেওঁৰ 'চাণক্য নীতি'ত এই তিনিটা বস্তুৰ বিষয়ে উল্লেখ কৰিছে। এই বিষয়ে জানো আহক।

মৃত্যুৰ সময়তো অকলশৰীয়া নহয় মানুহ, লগতে যায় এই ৩ বস্তু! কৈ গৈছে আচাৰ্য চাণক্যই
চাণক্য নীতিImage Credit source: Wikipedia/Unsplash
monjit-dutta
Monjit Dutta | Published: 04 Jan 2026 17:33 PM

মৃত্যু এই সংসাৰৰ এক মানি ল’ব নোৱাৰা অথচ চৰম সত্য। এই পৃথিৱীলৈ অহা প্ৰতিটো প্ৰাণীয়েই এদিন নহয় এদিন বিদায় লোৱাটো নিশ্চিত। যেতিয়া আত্মাই শৰীৰ ত্যাগ কৰে, তেতিয়া আপোন মানুহৰো আমাৰ দেহৰ প্ৰতি থকা মোহৰ অন্ত পৰে আৰু তেওঁলোকে মৃতদেহৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে। কোৱা হয় যে এই সংসাৰৰ পৰা বিদায় লোৱাৰ সময়ত মানুহ খালী হাতেৰে যায়। সাধাৰণতে এই ধাৰণাই প্ৰতিজন লোকৰ মনত ক্ৰিয়া কৰে। আমি সকলোৱেই এই কথাটি শুনি আহিছে। পিছে আচাৰ্য চাণক্যই ক্ষেত্ৰত এক পৃথক মত দাঙি ধৰিছে।

এজন ব্যক্তিয়ে নিজৰ জীৱনকালত যি উপাৰ্জন কৰে বা যি সম্পদ-সম্পত্তি গঢ়ি তোলে, সকলো ইয়াতেই ৰৈ যায় বুলি বিশ্বাস কৰা হয়। কিন্তু আচলতে তেনে নহয়; তিনিটা বিশেষ বস্তু মৃত্যুৰ পিছত আত্মাৰ সৈতে পৰলোকলৈ যায়। প্ৰাচীন ভাৰতীয় পণ্ডিত আচাৰ্য চাণক্যই তেওঁৰ ‘চাণক্য নীতি’ত এই তিনিটা বস্তুৰ বিষয়ে উল্লেখ কৰিছে। এই বিষয়ে জানো আহক।

কৰ্ম

চাণক্য নীতি অনুসৰি এজন ব্যক্তিয়ে নিজৰ গোটেই জীৱনত যি ধৰ্ম বা অধৰ্মৰ কাম কৰে, সেই অনুসৰিয়েই তেওঁ সুখ-দুখ ভোগ কৰে। এজন মানুহৰ মৃত্যুৰ পিছত তেওঁৰ আত্মা স্বৰ্গলৈ যাব নে নৰকলৈ, সেয়া পুণ্য কৰ্মইহে নিৰ্ধাৰণ কৰে। সেইবাবেই কোৱা হয় যে মানুহৰ কৰ্ম আত্মাৰ লগত পৰলোকলৈ যায়। এনে কাৰণতে জন্মৰ পৰা মৃত্যুলৈকে সদায় সৎ কৰ্ম কৰিবলৈ পৰামৰ্শ দিয়া হয়।

মান-সন্মান

যিজন ব্যক্তিয়ে জীৱনকালত ভাল কাম কৰে, তেওঁ সমাজত যথেষ্ট আদৰ আৰু সন্মান লাভ কৰে। তেনে লোকক মৃত্যুৰ পিছতো তেওঁলোকৰ কৰ্মৰ বাবে সমাজে সদায় মনত ৰাখে। ইয়াৰ বিপৰীতে যিজন লোকে বেয়া কাম কৰে, তেওঁ জীৱনজুৰি সন্মানৰ পৰা বঞ্চিত হয়। আনকি তেনে লোকৰ প্ৰতি মৃত্যুৰ পিছতো মানুহৰ মনত ঘৃণা ভাৱ থাকে। গতিকে এজন ব্যক্তিয়ে অৰ্জন কৰা যশ আৰু সন্মান আত্মাৰ সৈতে পৰলোকলৈ যাত্ৰা কৰে।

আধৰুৱা ইচ্ছা

প্ৰতিজন মানুহৰে কিবা নহয় কিবা এটা ইচ্ছা আধৰুৱা হৈ ৰৈ যায়। ধৰ্মীয় বিশ্বাস অনুসৰি, মনৰ আধৰুৱা ইচ্ছাবোৰ মৃত ব্যক্তিৰ আত্মাৰ লগতে গুচি যায়। সেইবাবেই যেতিয়া কোনো ব্যক্তিৰ আকস্মিক মৃত্যু হয়, তেতিয়া তেওঁৰ আত্মাৰ শান্তিৰ বাবে বিশেষ পূজা-পাতল বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়, যাতে তেওঁৰ আধৰুৱা ইচ্ছাবোৰে আত্মাক আমনি নকৰে আৰু আত্মাই মুক্তি লাভ কৰে।