Numerology Prediction 2026: নতুন বৰ্ষত সুখ-শান্তিৰে ভৰিব এই ৪ তাৰিখত জন্ম হোৱা লোকৰ জীৱন, আপোনাৰ জন্মদিনো আছে নেকি তালিকাত?
সূৰ্যৰ প্ৰবল প্ৰভাৱৰ বাবে এই বছৰটোত কিছুলোকৰ মাজত আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পাব যদিও ৰাজনৈতিক অস্থিৰতা বা সামাজিক উত্তেজনাৰ দৰে পৰিস্থিতিও সৃষ্টি হ’ব পাৰে। আপোনাৰ জন্ম তাৰিখৰ ভিত্তিত ২০২৬ চনটো কেনেকুৱা হ’ব, তলত সহজকৈ আগবঢ়োৱা হ’ল।
নৱবৰ্ষ ২০২৬ৰ আজি প্ৰথমটো দিন। জ্যোতিষীসকলে এই নতুন বছৰটোক লৈ ইতিমধ্যে বহু আগজাননী কৰিছে। সংখ্যা বিজ্ঞান বা নিউমেৰ’লজীৰ গণনা অনুসৰিও এই বছৰটোক লৈ কিছু আগজাননী কৰা হৈছে। এই ২০২৬ চনটোৰ অধিপতি গ্ৰহ হৈছে সূৰ্য আৰু সূৰ্যৰ সংখ্যা হৈছে ১। সেয়ে এই বছৰ ৰেডিক্স নম্বৰ ১ থকাসকলৰ বাবে শুভফল দেখা গৈছে। সূৰ্যৰ প্ৰবল প্ৰভাৱৰ বাবে এই বছৰটোত কিছুলোকৰ মাজত আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি পাব যদিও ৰাজনৈতিক অস্থিৰতা বা সামাজিক উত্তেজনাৰ দৰে পৰিস্থিতিও সৃষ্টি হ’ব পাৰে।
আপোনাৰ জন্ম তাৰিখৰ ভিত্তিত ২০২৬ চনটো কেনেকুৱা হ’ব, তলত সহজকৈ আগবঢ়োৱা হ’লঃ
জন্ম তাৰিখ ১, ১০, ১৯, ২৮
সূৰ্যৰ নিজৰ বছৰ হোৱা বাবে আপোনালোকৰ বাবে এয়া এক সোণালী সময়। কেৰিয়াৰত সফলতা লাভ কৰিব, আৰ্থিক সমস্যা আঁতৰ হ’ব আৰু ঘৰুৱা জীৱনত সুখ-শান্তি বৃদ্ধি পাব।
জন্ম তাৰিখ ২, ১১, ২০, ২৯
আপোনালোকৰ বাবেও এই বছৰটো অতি শুভ। পুৰণি জটিলতাৰ পৰা মুক্তি পাব। কেৰিয়াৰত পদোন্নতিৰ যোগ আছে আৰু আৰ্থিক দিশত আশাতীত ফল লাভ কৰিব।
জন্ম তাৰিখ ৩, ১২, ২১, ৩০
এই বছৰটো আপোনাৰ বাবে ক্ৰমাৎ উন্নতিৰ বছৰ। বিশেষকৈ কেৰিয়াৰত নতুন পৰিৱৰ্তন আহিব পাৰে আৰু এই পৰিৱৰ্তনে আপোনাক লাভান্বিত কৰিব। স্বাস্থ্যৰো উন্নতি ঘটিব।
জন্ম তাৰিখ ৪, ১৩, ২২, ৩১
এই সময়ছোৱাত আপুনি অলপ সাৱধান হোৱা প্ৰয়োজন। টকা-পইচাৰ লেনদেনত সজাগ থাকক আৰু কোনো ডাঙৰ বিপদাশংকা নল’ব। হঠাতে হোৱা আঘাত বা পেটৰ সমস্যাৰ পৰা সাৱধানে থাকক।
জন্ম তাৰিখ ৫, ১৪, ২৩
এই বছৰটো মধ্যমীয়া ফলদায়ক হ’ব। কেৰিয়াৰত উত্থান-পতন আহিব পাৰে যদিও বিবাহ বা সন্তান লাভৰ দৰে মাংগলিক কাৰ্যৰ সম্ভাৱনা আছে। ধন উপাৰ্জনৰ বাবে অলপ বেছি কষ্ট কৰিব লাগিব।
জন্ম তাৰিখ ৬, ১৫, ২৪
আপুনি এই বছৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰ্থিক অৱস্থা স্বাভাৱিক থাকিব যদিও স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। বিবাহৰ কথা আগবাঢ়িব পাৰে, কিন্তু সিদ্ধান্ত লওঁতে পলম নকৰিব।
জন্ম তাৰিখ ৭, ১৬, ২৫
জীৱনত মিশ্ৰিত ফল দেখা দিব। আৰ্থিক লাভ হ’ব যদিও খৰচ বৃদ্ধি পাব পাৰে। এই বছৰত মাটি-বাৰী বা সম্পত্তি কিনা-বেচাৰ বাবে শুভ যোগ আছে।
জন্ম তাৰিখ ৮, ১৭, ২৬
এই বছৰটোত কিছু প্ৰত্যাহ্বান আহিব পাৰে। কামৰ ঠাই বা বাসস্থানৰ পৰিৱৰ্তন হ’ব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত অধিক সচেতন হওক। আৰ্থিক দিশ সন্তোষজনক হ’ব।
জন্ম তাৰিখ ৯, ১৮, ২৭
আপোনাৰ বাবে ২০২৬ চনটো অত্যন্ত ফলদায়ক। কেৰিয়াৰত নতুন মাত্ৰা যোগ হ’ব। পৰিয়ালৰ অশান্তি আঁতৰ হ’ব আৰু আৰ্থিক অৱস্থা লাহে লাহে শক্তিশালী হৈ পৰিব।