শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

1-1-1: ১-১-১ মহাসংযোগ! কিয় বিশেষ পহিলা জানুৱাৰী, জানক সকলো…

1-1-1: আজি ১ জানুৱাৰী, ২০২৬। অংকশাস্ত্ৰৰ পৰা আজিৰ দিনটো অতি বিশেষ বুলি গণ্য কৰা হৈছে। কিয়নো আজি গঠন হৈছে মহাসংযোগ। কোৱা হয়, এই দিনটোই আত্মবিশ্বাস, নেতৃত্বৰ আৰম্ভণি কৰে।

1-1-1: ১-১-১ মহাসংযোগ! কিয় বিশেষ পহিলা জানুৱাৰী, জানক সকলো…
১১১ মহাসংযোগImage Credit source: META AI
barasha-sarma
Barasha Sarma | Published: 01 Jan 2026 18:00 PM

আজি ১ জানুৱাৰী, ২০২৬। ইংৰাজী নৱবৰ্ষৰ পহিলা দিন। এই দিনটোত সংখ্যাই এক বিশেষ সংযোগ গঠন কৰিছে যিয়ে দিনটো বিশেষ কৰি তুলিছে।  সংখ্যা বিজ্ঞানীৰ মতে, ২০২৬ চনৰ ১ জানুৱাৰীৰ বাৰে বাৰে ১ নম্বৰটো দেখা গৈছে, যিয়ে নতুন আৰম্ভণি আৰু শক্তিশালী সংকল্পৰ প্ৰতীক। সংখ্যা বিজ্ঞান আৰু ভাৰতীয় পৰম্পৰাত এটা দিনৰ গুৰুত্ব কেৱল তাৰিখৰ ওপৰতে নহয়, সংখ্যা, সময়ৰ সমন্বয়ৰ দ্বাৰা নিৰ্ধাৰিত হয়। সেয়েহে ২০২৬ চনৰ ১ জানুৱাৰীক বহু দিশত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা গৈছে।

১-১-১ বিৰল সংযোগ

ভাৰতীয় পৰম্পৰা আৰু সংখ্যা বিজ্ঞানত সংখ্যাৰ সমন্বয়ক অত্যন্ত গুৰুত্ব দিয়া হয়। এইবাৰ ১ জানুৱাৰীৰ সংখ্যাগত গণনা তলত দিয়া ধৰণৰ।

  • তাৰিখ: ১
  • মাহ: ১ (জানুৱাৰী)
  • বছৰৰ বাবে ভাগ্যৰ সংখ্যা: ২০২৬ (২+০+২+৬ = ১০; ১+০ = ১)

গতিকে তাৰিখ আৰু বছৰৰ মূল সংখ্যা মিলি শক্তিশালী ১-১-১ ক্ৰম গঠন হৈছে। অংকশাস্ত্ৰত সূৰ্যক ১ সংখ্যাৰ স্বামী বুলি কোৱা হয়। যেতিয়া বাৰে বাৰে এনেকৈ ১ সংখ্যাটো দেখা হৈছে তেতিয়া ই সফলতা, উজ্জ্বলতা আৰু নতুন শক্তি আনে।

সূৰ্যৰ বিশেষ কৃপা

অংকশাস্ত্ৰ অনুসৰি, বছৰৰ পহিলা দিনটোত অংক ইমান শক্তিশালী হোৱাৰ অৰ্থ এয়াই যে, ২০২৬ চনটো সেইসকল লোকৰ বাবে অত্যন্ত ভাল যিয়ে সাহসৰ সৈতে নতুন কামৰ আৰম্ভণি কৰিব। যেতিয়া সূৰ্যৰ সংখ্যা বাৰে বাৰে দেখা যায় তেতিয়া সেই দিনটো আত্মিক জাগৰণ আৰু সংকল্পৰ বাবে শ্ৰেষ্ঠ বুলি কোৱা হয়। এইদ দিনটোত এলাহ ত্যাগ কৰি অনুশাসন গ্ৰহণ কৰিব লাগে।

এই দিনটোত কি কৰিব লাগে

  • সূৰ্যক পানী আগবঢ়াব লাগে।
  • সূৰ্যক তামৰ পাত্ৰ পানী আগবঢ়োৱা ভাল।
  • নতুন সংকল্প লওক।
  • নেতিবাচক ত্যাগ কৰক।
  • ১ মানে আৰম্ভণিৰ প্ৰতীক, গতিকে তিক্ততা ত্যাগ কৰি নতুনৰ পিনে আগবাঢ়াক।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যসত্যৰ সৈতে টিভি ৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ মিথুন ৰাশিৰ বাবে কেনে হ’ব নতুন বছৰ? টকা-পইচা, সম্পৰ্ক, কেৰিয়াৰ সকলো জানক…