শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নৱবৰ্ষৰ উপহাৰ হিচাপে কেতিয়াও নিদিব এই ৫বিধ সামগ্ৰী, অন্যথা বছৰটো হ’ব পাৰে সমস্যা পূৰ্ণ

এনে উপহাৰসমূহে সম্পৰ্ক, সৌভাগ্য আৰু ইতিবাচক শক্তিক প্ৰভাৱিত কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। সেয়ে আশা তথা উদ্দীপনাৰে ভৰা নতুন বছৰটোত যাতে কোনো সমস্যাই আগুৰি নধৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সামগ্ৰীসমূহ উপহাৰ হিচাপে নিদিয়াই শ্ৰেয়। জানো আহক এইবিষয়ে।

নৱবৰ্ষৰ উপহাৰ হিচাপে কেতিয়াও নিদিব এই ৫বিধ সামগ্ৰী, অন্যথা বছৰটো হ’ব পাৰে সমস্যা পূৰ্ণ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 01 Jan 2026 19:11 PM

নতুন বছৰৰ আৰম্ভণিটো সকলোৱে সুখ-সমৃদ্ধিৰে ভৰা হোৱাটো বিচাৰে। এনে আশাৰেই সকলোৱে নতুন বছৰটোত আত্মীয়-স্বজন বা প্ৰিয়জনক উপহাৰ আগবঢ়ায়। ভাৰতীয় সংস্কৃতিত উপহাৰ আদান-প্ৰদানৰ পৰম্পৰা অতি পুৰণি, কিন্তু ইয়াক কেৱল এক সামাজিক সৌজন্য বুলি গণ্য কৰা নহয়। আমাৰ ধৰ্মীয় বিশ্বাস ধৰ্মীয় শাস্ত্ৰ অনুসৰি, প্ৰতিটো উপহাৰৰ সৈতে এক নিৰ্দিষ্ট শক্তি আৰু আৱেগ জড়িত হৈ থাকে। সেয়েহে, নতুন বছৰৰ দৰে এক শুভ ক্ষণত ভুল উপহাৰৰ নিৰ্বাচনে আপোনাৰ বা আপোনাৰ প্ৰিয়জনৰ জীৱনলৈ নেতিবাচক প্ৰভাৱ বা দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে।

এনে উপহাৰসমূহে সম্পৰ্ক, সৌভাগ্য আৰু ইতিবাচক শক্তিক প্ৰভাৱিত কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। সেয়ে আশা তথা উদ্দীপনাৰে ভৰা নতুন বছৰটোত যাতে কোনো সমস্যাই আগুৰি নধৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সামগ্ৰীসমূহ উপহাৰ হিচাপে নিদিয়াই শ্ৰেয়। জানো আহক এইবিষয়ে।

ৰুমাল

ৰুমালক চকুৰ পানী আৰু বিদায়ৰ সৈতে জড়িত কৰা হয়। ধৰ্মীয় আৰু লোকবিশ্বাস অনুসৰি ৰুমাল উপহাৰ দিলে দুখ, মনোমালিন্য আৰু আৱেগিক দূৰত্ব বৃদ্ধি পাব পাৰে। নতুন বছৰৰ দৰে শুভ ক্ষণত এনে বস্তু উপহাৰ দিয়াটো নেতিবাচক সংকেত বুলি গণ্য কৰা হয়।

ঘড়ী

ধৰ্মীয় দৃষ্টিকোণৰ পৰা ঘড়ীয়ে সময় সমাপ্ত হোৱাৰ সংকেত দিয়ে। নতুন বছৰত ঘড়ী উপহাৰ দিয়াটো সম্পৰ্কত দূৰত্ব, তিক্ততা বা সময়ৰ অভাৱৰ প্ৰতীক বুলি ধৰা হয়। কিছুমান বিশ্বাস অনুসৰি ইয়াক জীৱনৰ ঘড়ী চলি থকাৰ সৈতে জড়িত কৰা হয়, সেয়েহে ইয়াক উপহাৰ হিচাপে নিদিবলৈ পৰামৰ্শ দিয়া হয়।

সুগন্ধি বা পাৰফিউম

আধুনিক সময়ত পাৰফিউম এটা জনপ্ৰিয় উপহাৰ হ’লেও ধৰ্মীয় দৃষ্টিকোণৰ পৰা ইয়াক সম্পৰ্কৰ অস্থিৰতাৰ সৈতে জড়িত কৰা হয়। বিশ্বাস কৰা হয় যে যিদৰে সুগন্ধি সময়ৰ লগে লগে উৰি যায়, তেনেদৰে পাৰফিউম উপহাৰ দিলে সম্পৰ্কতো দূৰত্ব আহিব পাৰে।

ক’লা ৰঙৰ পাৰ্চ

ধৰ্ম আৰু জ্যোতিষ শাস্ত্ৰত ৰঙৰ বিশেষ গুৰুত্ব আছে। ক’লা ৰঙক ৰাহু-শনিৰ সৈতে জড়িত বুলি ধৰা হয় আৰু ইয়াক নেতিবাচক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। নতুন বছৰত ক’লা পাৰ্চ উপহাৰ দিলে ধন আগমনত বাধা, খৰচ বৃদ্ধি আৰু আৰ্থিক অস্থিৰতা আহিব পাৰে বুলি বিশ্বাস আছে। লক্ষ্মী দেৱীৰ কৃপাৰ বাবে ৰঙা, মুগা বা সেউজীয়া ৰঙৰ পাৰ্চ অধিক শুভ বুলি গণ্য কৰা হয়।

কাছ

ধৰ্মীয় বিশ্বাস অনুসৰি কাছক ভগৱান বিষ্ণুৰ ‘কুৰ্ম’ অৱতাৰৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। শাস্ত্ৰত কাছক স্থিৰতা আৰু ধৈৰ্যৰ প্ৰতীক বুলি কোৱা হৈছে যদিও উপহাৰ হিচাপে দিয়াটো উচিত নহয়। বাস্তু অনুসৰি, কাছক সঠিক দিশ আৰু বিধি-বিধানেৰেহে ঘৰত স্থাপন কৰিব লাগে। সঠিক নিয়ম বা তথ্য অবিহনে কাছ উপহাৰ দিলে ই আৰ্থিক বাধা আৰু মানসিক অশান্তিৰ কাৰণ হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।