Top9 News: ৰাজ্যৰ প্ৰতিটো প্ৰান্তত কি কি হ’ল? দিনটোৰ খবৰ…
Top9 News Assam: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বকোৰ হাজাৰ হাজাৰ মহিলাৰ মাজত চেক বিতৰণ কৰে। মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলে ১০,০০০টকাকৈ লাভ কৰে। বকোত প্ৰদান কৰে এই চেক।
আজি বছৰৰ শেষ দিন। এই দিনটোত লৈ সকলোৰে থাকে নিজা নিজা প্ৰস্তুতি। সকলোৰে মাজত নতুন বছৰক লৈ আনন্দ উছাহ। এই দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বকোত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। হাজাৰ হাজাৰ মহিলাই মুখ্যমন্ত্ৰীৰ পৰা চেক গ্ৰহণ কৰে। ইফালে শৰ্মাই আজি চিকেন নেক সন্দৰ্ভত মত প্ৰকাশ কৰে। শংকা প্ৰকাশ কৰি তেওঁ কয় যে,চিকেন নেক কৰিড’ৰৰ আশে-পাশে থকা অঞ্চলসমূহত বাংলাদেশৰ সৈতে ঘনিষ্ঠ সাংস্কৃতিক আৰু পাৰিবাৰিক সম্পৰ্ক থকা লোকসকলে বাস কৰে।
ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। অসমৰ বুৰঞ্জী ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, শৰ্মাই এইখন শংকৰ-মাধৱৰ অসম আৰু আজান ফকীৰৰ নহয় বুলি কৈছিল।
সবিশেষৰ বাবে চাওক ভিডিঅ’…