নৱবৰ্ষৰ আদৰণিৰ পৰা ৰাজ্য চৰকাৰৰ নতুন ঘোষণালৈ, দিনটোৰ শীৰ্ষ খবৰ
২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ হিতাধিকাৰীয়ে ৩,০০০ টকাৰ বিশেষ উপহাৰসহ মুঠ ৮,০০০ টকা লাভ কৰিব। ইয়াৰ লগতে আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বাবে 'বাবু আঁচনি’ৰ জৰিয়তে মাহিলি জলপানী আৰু জুবিন গাৰ্গৰ ন্যায়িক যুঁজৰ বাবে বিশেষ
নৱবৰ্ষৰ প্ৰথমটো দিনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে কেইবাখনো জনকল্যাণমূলক আঁচনি ঘোষণা কৰে। ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ হিতাধিকাৰীয়ে ৩,০০০ টকাৰ বিশেষ উপহাৰসহ মুঠ ৮,০০০ টকা লাভ কৰিব। ইয়াৰ লগতে আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বাবে ‘বাবু আঁচনি’ৰ জৰিয়তে মাহিলি জলপানী আৰু জুবিন গাৰ্গৰ ন্যায়িক যুঁজৰ বাবে বিশেষ অধিবক্তা নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে।
যোগাযোগৰ ক্ষেত্ৰত গুৱাহাটী-হাওৰাৰ মাজত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল চলিব বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে নিশ্চিত কৰিছে। আনহাতে, খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ সংকল্পৰে মুখ্যমন্ত্ৰীয়ে ২০২৬-ৰ নিৰ্বাচনী লক্ষ্য স্থিৰ কৰিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাহুল গান্ধীক লৈ কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰাৰ বিপৰীতে বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণ আৰু ছুইজাৰলেণ্ডৰ অগ্নিকাণ্ডই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
