ফেটি লিভাৰৰ লক্ষণসমূহ কি কি জানক...

1  Jan 2026

TV9 ASSAM

যেতিয়া যকৃতত অতিৰিক্ত চৰ্বি জমা হয় তেতিয়া ফেটি লিভাৰ হয়। ফেটি লিভাৰ আজিৰ এক ডাঙৰ সমস্যা। বহু লোক এই ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়।

ফেটি লিভাৰ

যেতিয়া ফেটি লিভাৰ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। এই লক্ষণবোৰ দীৰ্ঘদিন দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।  

লক্ষণ

যদি আপোনাৰ খাদ্য, জীৱনশৈলী সলনি নোহোৱাকৈ পেটৰ আশে পাশে চৰ্বি বৃদ্ধি হৈছে তেন্তে ই ফেটি লিভাৰৰ লক্ষণ হ'ব পাৰে।  এনে অৱস্থাত বাকী অংশত চৰ্বি বৃদ্ধি নহয়।

চৰ্বি

ফেটি লিভাৰ হলে সকলো সময়তে মানুহে ভাগৰ অনুভৱ কৰি থাকে। পৰ্যাপ্ত টোপনি, আৰামৰ পাছতো যদি বাৰে বাৰে ভাগৰ লাগি থাকে তেন্তে এয়া ফেটি লিভাৰৰ লক্ষণ হ'ব পাৰে।

ভাগৰ

ফেটি লিভাৰ হ'লে যকৃতে ঠিকমতে কাম নকৰে। তেনে অৱস্থাত ভোক কম লাগে। ইয়াৰোপৰি অলপ খাদ্য গ্ৰহণ কৰাৰ পাছতে পেট ভৰ্তি, বমি বমি ভাব অনুভৱ হয়।

ভোক

যকৃত আমাৰ শৰীৰৰ সোঁফালে থাকে। যদি পেটৰ সোঁফালে ওপৰৰ অংশত বিষ হয় তেন্তে এয়া ফেটি লিভাৰৰ লক্ষণ হ'ব পাৰে। কেতিয়াবা এই বিষ বেছি, কেতিয়াবা কম হ'ব পাৰে।

পেট বিষ

ফেটি লিভাৰ হলে ছাল আৰু চুলিত পৰিৱৰ্তন দেখা যায়। যেনে ছালত খজুৱতি, শালমইনা, ৰঙা দাগ, চুলি সৰা, ছাল বা চকু হালধীয়া হোৱা আদি হ'ব পাৰে। শৰীৰত বেয়া পদাৰ্থ জমা হোৱা বাবে এনে হয়।

ছাল, চুলি

পঢ়িবলৈ ক্লিক কৰক 

আৰ্থিক সংকট দূৰৰ উপায়