বৃক্ক বিকলৰ পুৱাৰ লক্ষণসমূহ কি কি জানক...

1  Jan 2026

TV9 ASSAM

বৃক্কই আমাৰ শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাৰ লগতে বহু কাম কৰে। কিন্তু আজিকালি বৃক্কৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়।

বৃক্ক

বৃক্কৰ সমস্যা হ'লে শৰীৰে বহু ইংগিত দিয়ে। পুৱাৰ কিছুমান লক্ষণ আওকাণ কৰিব নালাগে। অৱশ্যে এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

লক্ষণ

টোপনি পূৰ হোৱাৰ পাছতো যদি পুৱা ভাগৰ আৰু দুৰ্বল অনুভৱ হৈ থাকে তেন্তে ই বৃক্ক বিকল হোৱাৰ লক্ষণ হ'ব পাৰে। বৃক্কই বেয়া পদাৰ্থ শৰীৰৰ পৰা বাহিৰ উলিয়াব নোৱাৰিলে এনে হয়।

ভাগৰ, দুৰ্বল

বৃক্কই যেতিয়া ছডিয়াম আৰু ফ্লুইড বাহিৰ কৰিব নোৱাৰে তেতিয়া ভৰি ফুলি যায়। গতিকে পুৱা উঠাৰ লগে লগে যদি ভৰিৰ পতা ফুলে তেন্তে ইয়াক সহজভাৱে নল'ব।

ভৰি ফুলা

বৃক্ক বিকল হ'লে মগজুই ঠিকমতে তেজ হৈ নাপায়। এনে অৱস্থাত পুৱা সাৰ পোৱাৰ পাছত মূৰৰ বিষ হ'ব পাৰে। ইয়াৰোপৰি খিংখিঙীয়া মনোযোগত অভাৱ আদি হ'ব পাৰে।

মূৰৰ বিষ

যদি পুৱাৰ প্ৰস্ৰাৱত বহুত ফেন ওলাই তেন্তে ই প্ৰটিন বাহিৰ হোৱাৰ সংকেত হ'ব পাৰে। যদি দীৰ্ঘদিন প্ৰস্ৰাৱৰ পৰা ফেন ওলাই থাকে তেন্তে ই বৃক্ক বিকলৰ লক্ষণ হ'ব পাৰে।

প্ৰস্ৰাৱ

পুৱা উঠাৰ লগে  লগে যদি মুখখন ফুলে তেন্তে ই বৃক্কৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। চকুৰ তলখিনি ফুলিব পাৰে। শৰীৰত অতিৰিক্ত ফ্লুইড জমা হোৱাৰ ফলত এনে হয়।

মুখ ফুলা

পঢ়িবলৈ ক্লিক কৰক

ফেটি লিভাৰৰ লক্ষণ