খালেদা জীয়াই মৃত সঞ্জীৱনী চটিয়াই গ’ল নেকি ভাৰত-বাংলাদেশৰ সম্পৰ্কত!
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ বছৰ পূৰ্বে বেগম খালেদা জিয়াৰ সৈতে হোৱা বৈঠক আৰু দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথাও পত্ৰত উল্লেখ কৰিছে। বৈদেশিক মন্ত্ৰীগৰাকীয়েও তাৰিক ৰহমানৰ সৈতে সাক্ষাৎ কৰি খালেদা জিয়াৰ অৱদানৰ কথা স্মৰণ কৰে, আৰু ভৱিষ্যতে দুয়োখন চুবুৰীয়া দেশৰ মাজৰ সম্পৰ্ক পুনৰ সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰে।
খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। অন্ত্যেষ্টিক্ৰিয়াত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানৰ কাষত থিয় দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখা এখন শ্ৰদ্ধাপূৰ্বক চিঠি প্ৰদান কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে। কূটনীতিবিদসকলে কয় যে বিএনপি নেতাগৰাকীৰ সৈতে এই সাক্ষাৎ আৰু তেওঁৰ জীৱনৰ কঠিন সময়ত তাৰিকৰ কাষত থিয় দিবলৈ ভাৰতে যি আন্তৰিকতা দেখুৱাইছে, সেইটোৱে দুয়োখন দেশৰ সম্পৰ্কত এক টাৰ্নিং পইণ্ট কঢ়িয়াই আনিব পাৰে। তিক্ত সম্পৰ্কটো আকৌ আগৰ দৰে মধুৰ হ’ব পাৰে।
পশ্চিম বংগৰ জলপাইগুৰিৰ কন্যা খালেদা জিয়া বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। বিএনপি নেত্ৰী খালেদা জিয়াৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোক প্ৰকাশ কৰে। ইয়াৰ পিছতে বিদেশ মন্ত্ৰণালয়ে প্ৰকাশ কৰে যে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব বিদেশ মন্ত্ৰী এছ জয়শংকৰ। দেশখনৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ বিদেশ মন্ত্ৰীৰ উপস্থিতি অতি তাৎপৰ্যপূৰ্ণ আৰু অভূতপূৰ্ব। বিশেষকৈ যদি সেই দেশ বাংলাদেশ হয়।
২০২৪ চনৰ আগষ্ট মাহত যেতিয়া শ্বেখ হাছিনাই গণ বিদ্ৰোহৰ সন্মুখত নতজানু হৈ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু নিজৰ জীৱন ৰক্ষাৰ বাবে ভাৰতত আশ্ৰয় লৈছিল, তেতিয়া দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিবলৈ আৰম্ভ কৰে। বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত চলি থকা অত্যাচাৰ আৰু ভাৰতৰ বিভিন্ন প্ৰান্ত দখল কৰাৰ অহৰহ ভাবুকিৰ ফলত দুয়োখন দেশৰ মাজত সম্পৰ্কই ফাট মেলে। কিছুদিন পূৰ্বে ওছমান হাদীৰ হত্যাকাণ্ডৰ পাছতো বাংলাদেশে ভাৰতলৈ আঙুলি টোঁৱাই, আৰু বাংলাদেশৰ নেতাই ভাৰতৰ সাত ভনীক দখল কৰাৰ ভাবুকি দিয়ে। সেই সময়তে খালেদা জিয়াৰ মৃত্যুত হঠাৎ সম্পর্কৰ সমীকৰণ সলনি হৈ গ’ল ৷
