জানুৱাৰী মাহত জন্ম লোৱাসকলে কৰক মাত্ৰ এইকেইটা সাধাৰণ কাম, সমগ্ৰ ২০২৬ বৰ্ষত থাকিব দেৱী লক্ষ্মীৰ কৃপা
জানুৱাৰী মাহত জন্ম হোৱা লোকসকলে এই বৰ্ষত কেইটামান সহজ নিয়ম মানি চলিলে জীৱনলৈ সোনকালেই ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। জ্যোতিষে এনে কিছুমান নিয়মৰ বিষয়ে উল্লেখ কৰিছে। জানো আহক এইবিষয়ে।
আজিৰ পৰা আৰম্ভ হৈছে এটি নতুন বৰ্ষ। সকলোৱে পৰম আনন্দেৰে আদৰণি জনাইছে নতুন বৰ্ষ ২০২৬ক। স্বাভাৱিকতেই সকলোৱে নতুন এটা বছৰ বুলিলে নতুন আশা মনত কঢ়িয়াই আনে। গতিকে এই বৰ্ষটোক কেন্দ্ৰ কৰিও সকলোৱে হয়তো নতুন আশা মনত বান্ধি ৰাখে। জ্যোতিষ শাস্ত্ৰৰ মতে, ২০২৬ চনটো সূৰ্যৰ প্ৰভাৱ থকা এক বিশেষ বছৰ। বিশেষকৈ জানুৱাৰী মাহত জন্ম হোৱা লোকসকলৰ ওপৰত সূৰ্যৰ প্ৰবল প্ৰভাৱ থাকিব। এই মাহত জন্মগ্ৰহণ কৰা লোকসকল সাধাৰণতে নেতৃত্ব দানৰ ক্ষমতা, আত্মসন্মান আৰু দৃঢ় ইচ্ছাশক্তিৰ অধিকাৰী হয়।
জানুৱাৰী মাহত জন্ম হোৱা লোকসকলে এই বৰ্ষত কেইটামান সহজ নিয়ম মানি চলিলে জীৱনলৈ সোনকালেই ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। জ্যোতিষে এনে কিছুমান নিয়মৰ বিষয়ে উল্লেখ কৰিছে। জানুৱাৰীত জন্মা লোকসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব পৰা এনে কিছু নিয়মৰ বিষয়ে জানো আহক-
সূৰ্য অৰ্ঘ্য অৰ্পণ কৰক
জানুৱাৰী মাহত জন্ম হোৱা সকলৰ বাবে সূৰ্যক পানী আগবঢ়োৱাটো অতি শুভ। প্ৰতিদিনে পুৱা গা ধুই এটা তামৰ পাত্ৰত পৰিষ্কাৰ পানী লৈ তাত অলপ ৰঙা ফুল বা গুৰ মিহলাই লওক। উদিত সূৰ্যৰ ফালে মুখ কৰি ভক্তিৰে পানীখিনি অৰ্পণ কৰক। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পায়, কেৰিয়াৰত উন্নতি হয় আৰু সমাজত সন্মান বাঢ়ে।
সূৰ্য মন্ত্ৰ জপ কৰক
মানসিক শক্তি আৰু স্পষ্টতা বৃদ্ধিৰ বাবে সূৰ্য মন্ত্ৰ জপ কৰাটো জৰুৰী। প্ৰতিদিনে পুৱা সূৰ্যক পানী দিয়াৰ পিছত অন্ততঃ ১১, ২১ বা ১০৮ বাৰ ‘ওঁম ঘূণি সূৰ্যায় নমঃ’ মন্ত্ৰটো জপ কৰক। এই মন্ত্ৰই আপোনাৰ ভিতৰৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি কৰিব।
ধ্যান কৰক
ব্যস্ত জীৱনত মানসিক শান্তি বজাই ৰাখিবলৈ প্ৰতিদিনে ৫ৰ পৰা ১৫ মিনিট ধ্যান কৰক। ধ্যান কৰিলে মনৰ একাগ্রতা বাঢ়ে, মানসিক চাপ কমে আৰু চিন্তা-চৰ্চা অধিক স্পষ্ট হয়। ই আপোনাৰ আৱেগিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব।
দান-দক্ষিণা কৰক
দুখীয়া বা আৰ্তজনক দান কৰিলে সূৰ্যৰ লগত জড়িত গ্ৰহদোষসমূহ আঁতৰ হয়। আপুনি কাপোৰ, খাদ্য শস্য, গুৰ, তামৰ বাচন বা ৰঙা ৰঙৰ বস্তু দান কৰিব পাৰে। এই অভ্যাসে জীৱনত স্থিৰতা আনে আৰু নেতিবাচক শক্তি দূৰ কৰি সৌভাগ্য কঢ়িয়াই আনে।
জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক
পিতৃ-মাতৃ, গুৰু বা যিকোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লোৱাটো আপোনাৰ বাবে অত্যন্ত লাভজনক। জ্যেষ্ঠজনক সেৱা-শুশ্ৰূষা কৰিলে আৰু তেওঁলোকৰ পৰামৰ্শ মানি চলিলে জীৱনৰ কঠিন সিদ্ধান্তবোৰ লোৱাত সহজ হয় আৰু কৰ্মত সফলতা লাভ কৰিব পাৰি।