TV9 ASSAM
ই মুখৰ ভিতৰৰ বেক্টেৰিয়া ধ্বংস কৰি উশাহ সতেজ কৰে আৰু মুখৰ দুৰ্গন্ধ আঁতৰায়।
ডিঙিৰ বিষ, কাহ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা দূৰ কৰিবলৈ তুলসী পানী এক মহৌষধ।
ই পাচনতন্ত্ৰক সক্ৰিয় কৰি পেট ফুলা, গেছ আৰু বদহজমৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে।
তুলসীত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু চৰ্দি-জ্বৰৰ দৰে সংক্ৰমণৰ পৰা ৰক্ষা কৰে।
ইয়াৰ এণ্টিবেক্টেৰিয়েল গুণে ব্ৰণ দূৰ কৰে আৰু ছালৰ বয়স বৃদ্ধিৰ লক্ষণ ৰোধ কৰি ছাল সজীৱ কৰি তোলে।
তুলসী পানীয়ে তেজৰ কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।
ই শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু বিষাক্ত পদাৰ্থ বাহিৰ কৰি চৰ্বি জ্বলোৱাত সহায় কৰে।
ই শৰীৰত ‘কৰ্টিছল’ হৰমনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি মানসিক চাপ কমায় আৰু মন শান্ত কৰি ৰাখে।
ডায়েবেটিছ ৰোগীৰ বাবে ই অতি উপকাৰী, কাৰণ ই ব্লাড চুগাৰৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
এনে অভ্যাস এৰিলে ৰক্ষা পৰিব উচ্চ ৰক্তচাপৰ পৰা