শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কংগ্ৰেছ মোগল, ৰাহুল গান্ধী ঔৰংজেৱ! ইতিহাসৰ উদাহৰণ দি বিজেপিয়ে দৰ্শালে যুক্তি…

নেহৰু পৰিয়ালক মোগল সম্ৰাট বাবৰৰ পৰিয়ালৰ সৈতেও তুলনা কৰে দলটোৱে। লগতে ৰাহুল গান্ধীৰ নেতৃত্বত ষষ্ঠ মোগল সম্ৰাট ঔৰংজেৱৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ পতন হোৱাৰ দৰেই কংগ্ৰেছো পতনৰ সন্মুখীন হ’ব লাগিব বুলি কটাক্ষ কৰে বিজেপিয়ে।

কংগ্ৰেছ মোগল, ৰাহুল গান্ধী ঔৰংজেৱ! ইতিহাসৰ উদাহৰণ দি বিজেপিয়ে দৰ্শালে যুক্তি…
পতন হ’ব কংগ্ৰেছৰ
monjit-dutta
Monjit Dutta | Updated On: 15 Dec 2025 11:52 AM

দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছে ৰূপায়ণ কৰে ‘ভোট চোৰ গাদ্দী ছোড়’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে বিজেপিৰ ওপৰত তীক্ষ্ণ আক্ৰমণ চলায়। কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত দেশৰ সৰ্বপ্ৰান্তৰ দলীয় নেতা-কৰ্মীয়ে অংশ লয়। কংগ্ৰেছ নেতাসকলে বিজেপিয়ে অবৈধভাৱে চৰকাৰ গঠন কৰাৰ অভিযোগ তোলে। সমাৱেশত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আনকি বিজেপিক বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰো প্ৰত্যাহ্বান জনায়। এইদৰে নিৰ্বাচন অনুষ্ঠিত কৰিলে বিজেপি যে জয়ী নহয়, সেয়া দলটোৱে জানে বুলি দাবী কৰে প্ৰিয়ংকা গান্ধীয়ে।

কংগ্ৰেছৰ এই কাৰ্যসূচীৰ পিছতে প্ৰত্যাক্ৰমণ চলায় বিজেপিয়ে। নেহৰু পৰিয়ালক মোগল সম্ৰাট বাবৰৰ পৰিয়ালৰ সৈতেও তুলনা কৰে দলটোৱে। লগতে ৰাহুল গান্ধীৰ নেতৃত্বত ষষ্ঠ মোগল সম্ৰাট ঔৰংজেৱৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ পতন হোৱাৰ দৰেই কংগ্ৰেছো পতনৰ সন্মুখীন হ’ব লাগিব বুলি কটাক্ষ কৰে বিজেপিয়ে।

বিজেপিৰ প্ৰত্যাক্ৰমণ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে দাবী কৰা মতে ছ’চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ’ত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে ৰামলীলা ময়দানত ‘মোদী তেৰী কবৰ খুদেগী’ৰ দৰে ধ্বনি দিয়া দেখা গৈছে। এই শ্ল’গানক গৰিহণা দি সুধাংশু ত্ৰিবেদীয়ে আকৌ এবাৰ কংগ্ৰেছ কৰ্মীসকলে মোদীৰ মৃত্যু কামনা কৰিছে বুলি দাবী কৰে।

ইয়াৰ দ্বাৰাই মুছলিম লীগ-মাওবাদী এজেণ্ডা অনুসৰণ কৰি কংগ্ৰেছ যে অৰাজকতাৰ মঞ্চত পৰিণত হৈছে, সেয়া প্ৰমাণিত হোৱা বুলি দাবী কৰিছে বিজেপি নেতাগৰাকীয়ে। কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক কেইবাবাৰো অপমান কৰিছে বুলি উল্লেখ কৰি ত্ৰিবেদীয়ে লগতে দলটোৱে যেতিয়াই মোদীৰ কবৰ খান্দিবলৈ ইচ্ছুক হয় তেতিয়া ইয়াৰ ভৱিষ্যত স্পষ্ট হৈ পৰে বুলি মন্তব্য কৰে।

ৰাহুল গান্ধীক ঔৰংজেৱৰ সৈতে তুলনা

সুধাংশু ত্ৰিবেদীৰ দাবী, ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলৰ ভৱিষ্যত ‘দ্য লাষ্ট মোগল’ গ্ৰন্থত বৰ্ণনা কৰা মোগল সাম্ৰাজ্যৰ দৰেই হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয়, “বাবৰ, হুমায়ুন, আকবৰ, জাহাংগীৰ, শ্বাহজাহান, আৰু ঔৰংজেৱ নামৰ ছয়জন লোকে মোগল সাম্ৰাজ্য শাসন কৰিছিল আৰু ষষ্ঠ প্ৰজন্মৰ পিছত মোগল সাম্ৰাজ্যৰ অন্ত পৰিছিল।”

“একেদৰে কংগ্ৰেছ দলত নেহৰু পৰিয়ালৰ ছয়জন সদস্য মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীয়ে শাসন কৰি আহিছে। বৰ্তমান ক্ষমতা লাভ কৰা ষষ্ঠজন ৰাহুল গান্ধী। ইয়াৰ পিছত কংগ্ৰেছ দলেও মোগলৰ দৰেই ভাগ্যৰ সন্মুখীন হ’ব।”- এই দাবী সুধাংশু ত্ৰিবেদীৰ।