নতুন সপ্তাহত দেখা যাব শুক্ৰাদিত্য যোগ, এই চাৰি ৰাশিৰ জীৱনলৈ নামিব সৌভাগ্য
নতুন সপ্তাহত শুক্ৰাদিত্য যোগ গঠন হ’ব, ইয়াৰ ফলত এই নতুন সপ্তাহটো বিশেষ হৈ পৰিব। জ্যোতিষীসকলে কৰা আগজাননী অনুসৰি ডিচেম্বৰৰ এই নতুন সপ্তাহটোৱে চাৰিটা ৰাশিৰ বাবে উল্লেখনীয় উপকাৰিতা তথা সৌভাগ্য কঢ়িয়াই আনিব। চাওঁ আহক এই বিষয়ে।
এদিন এদিনকৈ আগবাঢ়িছে বছৰৰ অন্তিমটো মাহ ডিচেম্বৰ। চলিত মাহটোৰ এটা নতুন সপ্তাহ কাইলৈৰ পৰা আৰম্ভ হ’ব। এই নতুন সপ্তাহ ১৫ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ চলিব। সাধাৰণতে নতুন এটা দিনৰ আগজাননীক লৈ মানুহৰ মনত বিশেষ আগ্ৰহ থকাৰ দৰেই নতুন সপ্তাহটোক লৈও মানুহৰ মনত কিছু আগ্ৰহ দেখা যায়। এই নতুন সপ্তাহত সূৰ্য আৰু শুক্ৰৰ মাজত শুক্ৰাদিত্য যোগ গঠন হ’ব। অহা ১৬ ডিচেম্বৰত সূৰ্যই ধনু ৰাশিত প্ৰৱেশ কৰিব আৰু শুক্ৰ ৰাশিয়েও ২০ ডিচেম্বৰত একে ৰাশিত প্ৰৱেশ কৰিব।
দুয়োটা গ্ৰহৰ সংযোগে শুক্ৰাদিত্য যোগৰ সৃষ্টি কৰিব, ইয়াৰ ফলত এই নতুন সপ্তাহটো বিশেষ হৈ পৰিব। জ্যোতিষীসকলে কৰা আগজাননী অনুসৰি ডিচেম্বৰৰ এই নতুন সপ্তাহটোৱে চাৰিটা ৰাশিৰ বাবে উল্লেখনীয় উপকাৰিতা তথা সৌভাগ্য কঢ়িয়াই আনিব। চাওঁ আহক এই বিষয়ে-
মেষ ৰাশি
আৰ্থিক লাভৰ সম্ভাৱনা আছে। মানসিক চিন্তাৰ অন্ত পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উন্নত হ’ব, নতুন নতুন মানুহৰ সৈতে সু-সম্পৰ্ক গঢ় লৈ উঠিব। সন্তানৰ জীৱন সমৃদ্ধিশালী হ’ব। বন্ধু-বান্ধৱ তথা আত্মীয়ৰ সৈতে চলি থকা বিবাদৰো অন্ত পৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। গাফিলতি পৰিহাৰ কৰক। খৰখেদাকৈ লোৱা সিদ্ধান্ত আৰু বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক।
সিংহ ৰাশি
চৰকাৰী কামে গতি লাভ কৰিব। পূৰ্বৰ বিনিয়োগৰ পৰা যথেষ্ট লাভৰ মুখ দেখিব পাৰে। পাৰিবাৰিক সমস্যাৰ সমাধান হ’ব। ব্যৱসায়ত লাভৰ মুখ দেখিব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণৰ সম্ভাৱনা। খৰচ হ্ৰাস পোৱাৰ লগতে আয়ো বৃদ্ধি পাব। অসম্পূৰ্ণ হৈ থকা প্ৰকল্পসমূহ সম্পূৰ্ণ হ’ব।
তুলা ৰাশি
আপোনাৰ কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তন আহিব। আৰ্থিক লাভৰ সম্ভাৱনা থাকে। নতুন দোকান বা ব্যৱসায় আৰম্ভ কৰাৰ বাবেও সময় অনুকূল হ’ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ দ্বাৰা আপুনি লাভৱান হ’ব পাৰে। এই সময়ছোৱাত আপুনি ঘৰ বা নতুন সম্পত্তি ক্ৰয় কৰাৰ কথাও চিন্তা কৰিব পাৰে।
মকৰ ৰাশি
আৰ্থিক লাভৰ সম্ভাৱনা আছে। দীৰ্ঘদিনীয়া আৰ্থিক দুৰাৱস্থাৰ অন্ত পৰিব। চাকৰি সংক্ৰান্তীয় সমস্যা সমাধান হব। শীঘ্ৰেই এক উপযুক্ত চাকৰিৰ সুযোগ পাব। ভ্ৰমণৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সুখকৰ সময় কটাব। সন্তানৰ শিক্ষাৰ বিষয়ে গুৰুত্বসহকাৰে বিবেচনা কৰিব।