অসমৰ দ্বিতীয় শক্তিপীঠ হিচাপে খ্যাত শিলঘাট কামাখ্যা দেৱালয়ৰ বিষয়ে জানো আহক
নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰৰ কথা দেশে-বিদেশে জনাজাত যদিও অসমৰে আন এক স্থানত আছে অন্য এটি কামাখ্যা মন্দিৰ ৷ যাৰ কথা হয়তো অসমৰ অধিকাংশ মানুহেই নাজানে। আজি অসমৰ দ্বিতীয় শক্তিপীঠ খ্যাত শিলঘাট কামাখ্যা দেৱালয়ৰ বিষয়ে জানো আহক...

সমাগত অম্বুবাচী মেলা (Ambubachi Mela)। এই পবিত্ৰ সময়ৰ বাবে নীলাচলত থকা শক্তিপীঠ কামাখ্যা (Kamakhya Temple) মন্দিৰত অম্বুবাচীক লৈ ব্যাপক প্ৰস্তুতি চলিছে। দেশ-বিদেশৰ ভক্তক আদৰিবলৈ একপ্ৰকাৰ সাজু কামাখ্যা দেৱালয়। ২২ জুনত বিয়লি ২:৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তি (Ambubachi Mela Date) আৰু ২৬ জুনত পুৱা ৩:০০ বজাত নিবৃত্তিৰ সৈতে অম্বুবাচী মেলাৰ সামৰণি পৰিব।। ২৬ জুনৰ নিবৃত্তি উপলক্ষে নিত্য পূজাৰ পাছত খুলি দিয়া হ’ব কামাখ্যাৰ দুৱাৰ।
নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰৰ কথা দেশে-বিদেশে জনাজাত যদিও অসমৰে আন এক স্থানত আছে অন্য এটি কামাখ্যা মন্দিৰ ৷ যাৰ কথা হয়তো অসমৰ অধিকাংশ মানুহেই নাজানে ৷ কামকূট পাহাৰৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত এই বিশেষ দেৱালয়খন। শিলঘাটত থকা কামাখ্যা দেৱালয় হৈছে শিলঘাটৰ এতি পুৰণি মন্দিৰ। ১৭৪৫ খ্ৰীষ্টাব্দত(১৬৬৭ শক)ত স্থাপিত এই দেৱালয়খন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত।
বছৰি কালী পূজা, বাসন্তী পূজা আৰু দুৰ্গোৎসৱৰ লগতে প্ৰতিদিনে পূজা-অৰ্চনা অনুষ্ঠিত হৈ আহিছে শিলঘাটৰ এই কামাখ্যা দেৱালয়ত। অসমৰ দ্বিতীয় শক্তিপীঠ হিচাপে খ্যাত কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়। কালিকা পুৰাণৰ প্ৰবাদ অনুসৰি শিলঘাটৰ কামকূট পাহাৰত মহাদেৱ আৰু দেৱী কামাখ্যাৰ মিলন হৈছিল।
পৌৰাণিক কাহিনী
পাহাৰৰ লুংলুঙীয়া একা-বেঁকা পথেৰে শিলঘাটৰ কামাখ্যা পাহাৰৰ কামকূট শৃংগতেই আছে অসমৰ দ্বিতীয় শক্তিপীঠখ্যাত কামাখ্যা দেৱালয়। নীলাচলৰ বুকুত অম্বুবাচী মেলা আৰম্ভ হ’বলৈ কিছুদিন বাকী। গুৱাহাটী মহানগৰীত থকা মা কামাখ্যা মন্দিৰত চলা এনে ব্যস্ততাৰ মাজতে আকৌ ৰাজ্যৰ আন শিলঘাটতো সন্তৰ্পণে চলে মা কামাখ্যাৰ আৰাধনা।
এই মন্দিৰটো অষ্টম-নৱম শতিকাতে শালস্তম্ভ ৰজা বনমালদেৱে শিলঘাটস্থিত কামকূট পাহাৰত শিলেৰে কামাখ্যা দেৱালয় স্থাপন কৰিছিল। জনবিশ্বাস অনুসৰি, ৰজা বনমালদেৱৰ শোণিতপুৰৰ কিছু পূবত ৰাজধানী স্থাপন কৰাৰ বাবে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত যাবৰ বাবে দূৰত্ব বেছি হৈছিল। সেই কাৰণে শিলঘাটৰ কামকূট পাহাৰত স্থাপন কৰে দ্বিতীয় শক্তিপীঠখ্যাত এই কামাখ্যা দেৱালয়।
প্ৰাকৃতিক দুৰ্যোগত ধ্বংসপ্ৰাপ্ত হয় শিলৰে নিৰ্মিত এই দেৱালয়খন। পৰৱৰ্তী সময়ত ধ্বংসস্তুপত পৰিণত হোৱাৰ বাবে আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই এই কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণৰ কৰে। তেতিয়াৰে পৰা অনুষ্টুপীয়াকৈ ইয়াত মা কামাখ্যাৰ আৰাধনা চলি আহিছে। শিলঘাটৰ এই কামাখ্যা দেৱালয়ক দ্বিতীয় শক্তিপীঠ বুলি জনা যায়।
অম্বুবাচীৰ সময়ত নীলাচল পাহাৰত যেনে পৰিৱেশৰ সৃষ্টি হয়, তাৰ বিপৰীতে কিন্তু শিলঘাটৰ কামাখ্যা দেৱালয়ত নিমাওমাও পৰিৱেশে বিৰাজ কৰে। কিয়নো নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ মা কামাখ্যা মন্দিৰত যোনী পূজা কৰা হয় বাবে অম্বুবাচী পালন কৰা হয়, আৰু দেস-বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম ঘটে। কিন্তু শিলঘাটৰ কামাখ্য দেৱালয়ত দেৱীৰ বিগ্ৰহ আছে সেয়ে অতীজৰে পৰা এই স্থানত অম্বুবাচী পালন কৰা নহয়। শিলঘাটৰ কামাখ্যা দেৱালত অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়ত বন্ধ আৰু নিবৃত্তিৰ সময়ত খোলা হয়। তাৰ পিছতে পূজা-অৰ্চনা কৰি দেৱীৰ আশীৰ্বাদ লয় ভক্তয়। অম্বুবাচীৰ সময়ত শিলঘাটৰ কামাখ্যা দেৱালয়ত ভক্তৰ সমাগম সেৰেঙা হোৱা দেখা যায়।