শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: বৃহস্পতিবাৰৰ দিনটোৱে সফলতা কঢ়িয়াই আনিব এই ৰাশিৰ লোকলৈ, আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটোত কিছুমানৰ হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি কিছুমানে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে।

Today’s horoscope: বৃহস্পতিবাৰৰ দিনটোৱে সফলতা কঢ়িয়াই আনিব এই ৰাশিৰ লোকলৈ, আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 12 Jun 2025 06:00 AM

আজি ১২ জুন, বৃহস্পতিবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব। তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। আইনী বিষয়ত আপুনি জয়ী হ’ব। পাবলগীয়া ধন ঘূৰাই পাব। ব্যৱসায়ত ভাল। যদি কোনো ডিল হোৱাৰ কথা আছে সেয়া হ’ব। পৰিয়ালৰ দায়িত্বৰ প্ৰতি গুৰুত্ব দিব। পিতৃ-মাতৃ সুখ হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। চাকৰিয়াল সকলৰ ভাল। স্বাস্থ্য ভালে যাব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল।ধন বৃদ্ধিৰ যোগ আছে। আৰ্থিকস্থিতি আগতকৈ ভাল হ’ব। কোনো সিদ্ধান্ত খৰখেদাকৈ গ্ৰহণ নকৰিব। পৰিয়ালৰ পৰামৰ্শ গ্ৰহণ কৰিব। ব্যৱসায়ত ভাল। পৰিয়ালৰ প্ৰয়োজনীয় দিশত গুৰুত্ব দিব। আনৰ কথাত গুৰুত্ব নিদিব। আপোনাৰ কোনো পুৰণি ভুল পৰিয়ালে গম পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। সুখ-সুবিধা বৃদ্ধি হ’ব। পৰিয়ালক কোনো শুভ কাৰ্যৰ আয়োজন হ’ব পাৰে। আলহীৰ আগমন হ’ব পাৰে। পৰিয়ালত সুখৰ পৰিবেশ হ’ব। সন্তানক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ চেষ্টা কৰিব। ব্যৱসায়ৰ লগত জড়িত তথ্য আনৰ লগত শ্বেয়াৰ নকৰিব। স্বাস্থ্য ভাল।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সুখময় হ’ব। কাজিয়াৰ পৰা আঁতৰত থাকিব। অচিনাকী মানুহৰ কথাত বিশ্বাস নকৰিব। আপোনাৰ মনৰ কোনো ইচ্ছা পূৰণ হ’ব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। আৰ্থিক অৱস্থা আগতকৈ ভাল হ’ব। স্বাস্থ্যজনিত কিছু সমস্যাই দেখা দিব পাৰে। শিক্ষাৰ্থীসকলৰ ভাল।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। পৈত্ৰিক সম্পত্তি লাভৰ সম্ভাৱনা। ঘৰৰ বাবে নতুন সম্পদ ক্ৰয় কৰিব পাৰে। পুৰণি কোনো বন্ধুক লগ পাব পাৰে। সামাজিক দিশত সন্মান লাভ কৰিব। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আজিৰ দিনটো আপুনি পৰিশ্ৰম কৰিব লাগিব। খৰচৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। আৰ্থিক দিশত কিছু সমস্যাই দেখা দিব পাৰে। পৰিয়ালত গুৰুত্ব দিয়া দৰকাৰ। ভ্ৰমণৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব।

তুলা ৰাশিঃ আজি আপোনাৰ দিনটো ভালেৰে পাৰ হ’ব। মান-সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে। সুখী থাকিব। সংগীয়ে আপোনাৰ পৰা কিবা কথা লুকুৱাব পাৰে। ভ্ৰমণত যাব পাৰে। আনৰ কথাত বেছি হস্তক্ষেপ নকৰিব। সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব। নতুন কিবা কৰিলে সফলতা লাভ কৰিব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজি আপোনাৰ উন্নতিৰ যোগ আছে। উন্নতিৰ নতুন পথ মুকলি হ’ব। প্ৰেমত শুভ। ব্যৱসায়ত বিনিয়োগ কৰিলে ভাল ফল লাভ কৰিব পাৰে। ঘৰৰ সমস্যা সমাধান কৰা দৰকাৰ। নিজৰ দায়িত্ব পূৰণ কৰা দৰকাৰ। ধনৰ লগত জড়িত সমস্যা দূৰ হ’ব। চাকৰিয়ালসকলৰ বাবে দিনটো ভাল। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। লাভ হোৱাৰ সম্ভাৱনা আছে। শত্ৰু বৃদ্ধিৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সম্ভাৱনা আছে। ৰাজনীতিসকলৰ বাবে দিনটো ভাল। উন্নতিৰ যোগ আছে। কামৰ ক্ষেত্ৰত বন্ধুৰ পৰামৰ্শ লোৱাৰ পৰা বিৰত থাকক। আনৰ কথাত মাত নামাতিব। পাবলগীয়া ধন ঘূৰাই পাব। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ আজি আপোনাৰ দিনটো প্ৰত্যাহ্বানমূলক হ’ব। কোনো কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে চিন্তাত থাকিব। পৰিয়ালত কাজিয়া লাগিব পাৰে। কৰ্মক্ষেত্ৰত সৰু ভুলে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত যদি কোনো সাল-সলনি কৰিব বিচাৰিছে তেন্তে সাৱধান হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। স্বাস্থ্যত গুৰুত্ব দিব। কোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে। নতুন ঘৰ ক্ৰয় কৰাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। যাৰ বাবে চিন্তাও বাঢ়িব। নিজৰ দায়িত্ব পালনৰ চেষ্টা কৰিব। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজি কামৰ ক্ষেত্ৰত আপোনাৰ ওপৰত অধিক হেঁচা পৰিব পাৰে। ব্যৱসায়ীসকলে সফলতা লাভ কৰিব। হাতলৈ ধন আহিব। আৰ্থিক দিশ আগতকৈ ভাল হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। নিজৰ লক্ষ্যত গুৰুত্ব দিব। স্বাস্থ্য ভাল।