শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Eid Al Adha 2025: চৌদি আৰৱত দেখা গ’ল জোন…ভাৰতত কেতিয়া পালন কৰা হ’ব ঈদ-উল-আজহা?

Eid Al Adha 2025 Date In India: ইছলামিক পঞ্জিকা অনুসৰি প্ৰতি বছৰে জুল হিজ্জাৰ দশম দিনা ঈদ-উল-আজহা পালন কৰা হয়। ইছলামৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ যিটো প্ৰতি বছৰে ঈদ-উল-ফিতৰৰ পিছত পালন কৰা হয়, গতিকে এইবাৰ এই উৎসৱ কেতিয়া পালন কৰা হ'ব জানো আহক।

Eid Al Adha 2025: চৌদি আৰৱত দেখা গ’ল জোন…ভাৰতত কেতিয়া পালন কৰা হ’ব ঈদ-উল-আজহা?
ঈদ-উল-আজহা
trishna-kalita
Trishna Kalita | Updated On: 30 May 2025 19:48 PM

ইছলামত অতি পবিত্ৰ বুলি গণ্য কৰা ঈদ-উল-আজহা উৎসৱ ওচৰ চাপি আহিছে। ইয়াক ঈদ-উল-জুহা বা কুৰবানীৰ উৎসৱ বুলিও কোৱা হয়। ঈদ-উল-আজহা বিশ্বৰ মুছলমান সমাজে পালন কৰা এক বৃহৎ আৰু পবিত্ৰ উৎসৱ। ই কেৱল ত্যাগ নহয়, বৰঞ্চ আল্লাহৰ প্ৰতি সমৰ্পন, ত্যাগ আৰু মানৱতাৰ প্ৰতীক। এই দিনটোত ইছলাম ধৰ্মৰ লোকসকলে হজৰত ইব্ৰাহিমৰ আনুগত্য আৰু কুৰবানীক স্মৰণ কৰে, যেতিয়া তেওঁ আল্লাহৰ আদেশত পুত্ৰক বলিদান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

ভাৰতত কেতিয়া পালন কৰা হ’ব ঈদ-উল-আজহা?

মঙলবাৰে জোন দৰ্শনৰ পিছত চৌদি ৰাজ্যৰ উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে ঈদ উল আজহাৰ তাৰিখ। ইছলামৰ দ্বিতীয় বিশেষ আৰু পবিত্ৰ মাহ ২৭ মে’ মঙলবাৰে চৌদি আৰৱত দেখা গ’ল ঈদৰ জোন। চলিত বৰ্ষৰ হাজ যাত্ৰা ৪ জুনত ছৌদি আৰৱৰ পবিত্ৰ স্থান মক্কাত আৰম্ভ হ’ব, ৫ জুন আৰাফাৰ দিন আৰু ৬ জুনত ঈদ-উল আজহা পালন কৰা হ’ব।গতিকে ভাৰতত ৭ জুনত পালন কৰা হ’ব ঈদ-উল আজহা।

ঈদ-উল-আজহা কিয় পালন কৰা হয়?

ঈদ-উল-আজহা উদযাপনৰ আঁৰত আছে এক ঐতিহাসিক কাহিনী। এই ঈদে হজৰত ইব্ৰাহিমৰ আল্লাহৰ প্ৰতি থকা অদম্য ভক্তিৰ কথা সোঁৱৰাই দিয়ে। আল্লাহে ইব্ৰাহিমক নিজৰ আটাইতকৈ প্ৰিয় বস্তুটো কুৰবানী কৰিবলৈ নিৰ্দেশ দিছিল। আল্লাহৰ আদেশ পালন কৰি ইব্ৰাহিমে নিজৰ পুত্ৰক কুৰবানী কৰাৰ সিদ্ধান্ত ল’লে। এই কাম কৰিবলৈ ওলোৱাৰ লগে লগে আল্লাহে তেওঁক বাধা দিলে আৰু তাৰ পৰিৱৰ্তে এটা ছাগলী বলি দিয়া হ’ল। কোৱা হয় যে তেতিয়াৰ পৰাই কুৰবানীৰ পৰম্পৰা আৰম্ভ হৈছিল আৰু প্ৰতি বছৰে ঈদ-উল-আজহাত কুৰবানী কৰা হয়। পৰম্পৰা অনুসৰি ঈদ-উল-আজহাত জীৱ-জন্তু বলি দিয়া হয় আৰু ইয়াৰ মাংস তিনি ভাগত ভাগ কৰা হয়। এটা অংশ দুখীয়াক, দ্বিতীয়টো আত্মীয়ক আৰু তৃতীয়টো নিজৰ বাবে ৰখা হয়।

(অস্বীকাৰ: এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে ইয়াক নিশ্চিত নকৰে।)