নিৰ্বাচন জিকিবলৈ বাঙালীৰ মাজত সৃষ্টি কৰিছে NRCৰ আতংক, মমতা বেনাৰ্জীক তীক্ষ্ণ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ
এন আৰ চিক লৈ অতি শেহতীয়াক সৰৱ হৈ পৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বঙালীসকলক বাংলাদেশী সজাই বিজেপি চৰকাৰে বিতাড়নৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে মমতাই। এই সন্দৰ্ভত মমতাক তীব্ৰ কটাক্ষ অসমৰ মুখ্যমন্ত্ৰীৰ।
এন আৰ চি সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জীয়ে বাঙালী জনগোষ্ঠীৰ মাজত “ভয়” জগাই তুলিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে ডঃ শৰ্মাই।
গুৱাহাটীত এক সংবাদমেলত ডঃ শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) সন্দৰ্ভত বাতৰিত প্ৰকাশিত বেনাৰ্জীৰ মন্তব্যক তীব্ৰ সমালোচনা কৰি তেওঁৰ উদ্বেগ অযুক্তিকৰ বুলি কয়। তেওঁ কয়, “কোনে তেওঁক এন আৰ চি মানিবলৈ কৈছে? তেওঁ অপ্ৰয়োজনীয়ভাৱে কথা কৈছে। তেওঁ হঠাতে কৈছে যে এন আৰ চি নামানে। এন আৰ চি ক’ত? কোনেও কোনো এন আৰ চিৰ নিৰ্দেশ দিয়া নাই।”
মুখ্যমন্ত্ৰী শৰ্মাই কয়, “বাঙালীৰ মাজত ভয় সৃষ্টি কৰি তেওঁলোকৰ ভোট লাভ কৰাৰ এয়া এক কৌশল। যোৱা ৫ বছৰে এন আৰ চিৰ কথা কোৱা নাছিল। নিৰ্বাচন আহিলেহে এই সকলোবোৰ কথা ক’বলৈ আৰম্ভ কৰে।”
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ডাবল ইঞ্জিন চৰকাৰে ৰাজ্যখনৰ মানুহৰ নাগৰিকত্ব কাঢ়ি নিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।
ঝাৰগ্ৰামত জনসাধাৰণক সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয়, “মই ভাবিছো, আমি সঁচাকৈয়ে স্বাধীন নে? আশাকৰোঁ আমাৰ নাগৰিকত্ব কাঢ়ি লোৱা নহ’ব। অনুগ্ৰহ কৰি আমাক বঞ্চিত নকৰিব।”
মুখ্যমন্ত্রীগৰাকীয়ে অভিযোগ কৰে যে ‘ডাবল ইঞ্জিন চৰকাৰে’ নাগৰিকক মিছাকৈ ৰোহিংগীয়া বুলি ব্ৰেণ্ডিং কৰি আটক কৰি ৰখাৰ চেষ্টা চলাইছে আৰু পুনৰ বাংলাদেশলৈ পঠিয়াবলৈ চেষ্টা কৰিছে ৷
বুধবাৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয়, “যদি প্ৰকৃত ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হয়, তেন্তে মই সমগ্ৰ বিশ্বতে প্ৰতিবাদ কৰিম। মালপুৱাই (বিজেপি নেতা অমিত মালবিয়াই) মোক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। আপুনি মোক গ্ৰেপ্তাৰ কৰিবলৈ আহিলেও বা গুলীচালনা কৰিবলৈ আহিলেও মই বাংলা ভাষাৰ অপমানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকিম।”
“SIR কাৰ্যকলাপৰ আঁৰত এন আৰ চিৰ ষড়যন্ত্ৰ চলি আছে। অসমত হিন্দু বঙালীৰ নাম থকা ভোটাৰ তালিকাৰ পৰা প্ৰায় সাত লাখ লোকক আঁতৰাই দিয়া হৈছে। কোচবিহাৰ আৰু আলিপুৰদুৱাৰত থকা লোকলৈ জাননী প্ৰেৰণ কৰাৰ লগতে ভাৰতীয় বাসিন্দাক বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। ভোটাৰ তালিকাৰ পৰা এটাও নাম বাদ দিব নালাগে। আমাৰ বিষয়া দুজনে নিলম্বনৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা জাননী লাভ কৰিছিল। ভয়ৰ প্ৰয়োজন নাই। নিৰ্বাচনৰ বাবে ৮-৯ মাহ বাকী আছে যদিও বিজেপিয়ে এতিয়াৰ পৰা নিজেই মানুহক নিলম্বন কৰিবলৈ আৰম্ভ কৰিছে। নিৰ্বাচন আয়োগে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে,” বুলিও কয় মমতা বেনাৰ্জীয়ে।