Happy Raksha bandhan 2025: এনেকৈ জনাওক মৰমৰ ভাতৃ-ভগ্নীক ৰাখীবন্ধনৰ শুভেচ্ছা…, সম্পৰ্ক হৈ পৰিব মধুৰ…
Happy Raksha bandhan 2025: প্ৰতিবছৰৰ দৰে এইবাৰো ৰাখীবন্ধন পালন কৰা হ'ব। হিন্দু ধৰ্মত ৰাখীবন্ধনৰ বিশেষ গুৰুত্ব আছে। এই দিনটোত ভগ্নীয়ে ভাতৃ বা ককায়েকক ৰাখী পিন্ধায়।

ভাই-ভগ্নীৰ পবিত্ৰ সম্পৰ্ক আৰু অবিচ্ছেদ্য বন্ধনৰ প্ৰতীক ৰাখীবন্ধন। প্ৰতিবছৰে শাওন মাহৰ পূৰ্ণিমাৰ তিথিত ৰাখীবন্ধন পালন কৰা হয়। হিন্দু ধৰ্মত ৰাখীবন্ধনৰ বিশেষ গুৰুত্ব আছে। কোৱা হয়, এই দিনটোত ৰাখী বান্ধিলে ভাই-ভনীৰ সম্পৰ্ক সুদৃঢ় হৈ পৰে। এই দিনটোত ভগ্নীয়ে ভাতৃ বা ককায়েকক ৰাখী পিন্ধায়। ভাতৃ বা ককায়েকে ভগ্নীক উপহাৰ দিয়ে আৰু গোটেই জীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
শুভ সময়
বৈদিক পঞ্জিকা অনুসৰি ৮ আগষ্টৰ পুৱতি নিশা ২:১২ বজাৰ পৰা শাওন মাহৰ পূৰ্ণিমাৰ তিথি আৰম্ভ হ’ব। ই ৯ আগষ্টৰ পিছদিনা নিশা ১:২৪ বজাত অন্ত পৰিব। গতিকে ৯ আগষ্টত ৰাখীবন্ধন পালন কৰা হ’ব। ৰাখী পিন্ধোৱাৰ বাবে শুভ সময় পুৱা ৫:৪৭ বজাৰ পৰা দুপৰীয়া ১:২৪ বজালৈ। ইয়াৰ মুঠ সময়সীমা ৭ ঘণ্টা ৩৭ মিনিট।
যিসকল ভাই-ভগ্নীয়ে ঘৰৰ পৰা দূৰত থাকে সেইসকলে সামাজিক মাধ্যম বা মেছেজৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰে। আপুনিও তলত দিয়া ধৰণে আপোনজনক ৰাখীবন্ধনৰ শুভেচ্ছা জনাব পাৰে-
- মোৰ সুখ-দুখ সকলো সময়ত লগত থকা গৰাকীলৈ ৰাখী বন্ধনৰ শুভেচ্ছা।
- ৰাখীত লগোৱা বান্ধটোৰ দৰেই আমাৰ সম্পৰ্ক মজবুত হৈ ৰওক। ৰাখীবন্ধনৰ শুভেচ্ছা।
- ৰাখীবন্ধনৰ বহুত শুভেচ্ছা। আশা কৰো তোমাৰ জীৱন সুখ সমৃদ্ধিৰে ধুনীয়া হৈ পৰক।
- দূৰত্ব যিমানেই নহওক কিয়, তুমি মোৰ সদায় হৃদয়ৰ ওচৰত আছা, ৰাখীবন্ধনৰ শুভেচ্ছা।
- ৰাখীবন্ধনৰ বহুত বহুত শুভেচ্ছা। আশা কৰো ভগৱানে তোমাক সদায় ভালে ৰাখক। মনৰ জোখেৰে সুখী হোৱা।
- মোৰ মৰমৰ ভনী। সদায় সুখত থকা তুমি। মোৰ সুখ তোমাৰ সৈতে জড়িত। ৰাখী বন্ধনৰ বহুত শুভেচ্ছা।
- আমাৰ মাজৰ এই সম্পৰ্ক সদায় সুদৃঢ় হৈ থাকক। আশা কৰো তুমি জীৱনত সদায় আগুৱাই যোৱা। ৰাখীবন্ধনৰ বহুত শুভেচ্ছা।
- তুমি মোৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। তোমাক বহুত ভাল পাওঁ মই। জীৱনত বিচৰা সকলো সুখেই যেন তুমি পোৱা। ৰাখীবন্ধনৰ বহুত শুভেচ্ছা।
- ৰাখীবন্ধনৰ পবিত্ৰ ক্ষণে তোমাৰ জীৱনৈ হাঁহি, সুখ তথা আনন্দ কঢ়িয়াই আনক। ৰাখীবন্ধনৰ বহু শুভেচ্ছা।
- তোমাৰ উপস্থিতিয়ে মোৰ জীৱন ধুনীয়া কৰি তোলে। তুমি মোৰ বহু মৰমৰ। সদায় ভালে থকা। ৰাখীবন্ধনৰ বহুত শুভেচ্ছা।
- ৰাখীবন্ধনৰ এই দিনটোৱে মনত পেলাই দিয়ে, কিমান ভাগ্যৰ বলত মই তোমাক পাইছো। ৰাখীবন্ধনৰ বহুত শুভেচ্ছা।
- ৰাখী হৈছে প্ৰেম, ৰক্ষা, কেতিয়াও এৰি দিয়াৰ প্ৰতিশ্ৰুতি। আৰু মই এই প্ৰতিশ্ৰুতি পালন কৰিম। ৰাখীবন্ধনৰ শুভেচ্ছা।
- ৰাখীবন্ধনৰ বহুত শুভেচ্ছা। আশা কৰো এই ৰাখীয়ে আমাৰ জীৱনলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনক।
- তোমাৰ মৰম মোৰ আটাইতকৈ ডাঙৰ উপহাৰ। ৰাখীবন্ধনৰ শুভেচ্ছা।
- ৰাখীবন্ধনে কঢ়িয়াই আনক অনবিল সুখ শান্তি আৰু সমৃ্দ্ধি। সদায় সুখত থকা। ৰাখীবন্ধনৰ শুভেচ্ছা।
অন্য খবৰ পঢ়কঃ Raksha Bandhan 2025: ৰাখীবন্ধন কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…