Daily Horoscope: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? জানক দৈনিক ৰাশিফল
আজি ৭ আগষ্ট, জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি কিছুমান ৰাশিৰ লোকৰ উদয় হ’ব ভাগ্য। ইয়াৰোপৰি কিছুমানে আজি বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

মেষ ৰাশিঃ আজিৰ দিনটো আপোনাক সৰু সৰু যাত্ৰা আৰু অনুষ্ঠান আদিয়ে সুখ প্ৰদান কৰিব। যদি আপুনি নিজৰ আয় বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে ,তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনা সমূহত নিৱেশ অথবা বিনিয়োগ কৰক। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। জীৱন লগৰীৰ লগত আজিৰ সন্ধিয়াটো সচাঁকৈয়ে কিবা এটা বিশেষ হ’বলৈ গৈ আছে।
বৃষ ৰাশিঃ মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গ’লে আপোনাৰ আৰ্থ হানি হ’ব পাৰে। নতুন বন্ধু বৃদ্ধি হ’ব। আপুনি আৰু বহুত দায়িত্ব লাভ কৰিব আৰু আপোনাৰ উন্নতি হ’ব। নিজৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকক কিয়নো বহু সময়ত আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। জীৱন সংগীৰ সৈতে মৰম আৰু ভালপোৱা বৃদ্ধি কৰিব পাৰে। আজি আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে।
মিথুন ৰাশিঃ শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে উপযোগী । আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লৈ আগবাঢ়িব পাৰে। সামাজিক স্থানত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। প্ৰেমত শুভ।
কৰ্কট ৰাশিঃ আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। বন্ধুৰ লগত ফুৰিব যাব পাৰে। কিন্তু বেছি খৰছ নকৰিব, নহ’লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘুৰি আহিব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি তুলিব।
সিংহ ৰাশিঃ আপোনাৰ সন্মুখত বহুত বাধা আহিব পাৰে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ হাতত আহিব তাৰ অতি ভালদৰে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল’ব। প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব।
কন্যা ৰাশিঃ আপোনাৰ শক্তিশালী গুণসমূহে আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হ’ব পাৰে। সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিব। আজিৰ দিনটোত প্ৰেমত শুভ।
তুলা ৰাশিঃ মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে গুৰুত্ব দিব। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ প্ৰয়াস কৰিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। কৰ্ম ক্ষেত্ৰত শুভ। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।
বৃশ্চিক ৰাশিঃ আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত সহায় কৰিব পাৰে। সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। পাৰিবাৰিক সমস্যা থাকিব পাৰে। আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক কৰা পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰিব পাৰে । এই ৰাশিৰ জাতক-জাতিকাই ভাই -ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আত্মত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে।
ধনু ৰাশিঃ আপোনাৰ উদাৰ স্বভাৱে সুখৰ মুহূৰ্ত লৈ আহিব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। আজি আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। বিবাদ,মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাস টোক গুৰুত্ব নিদিব। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক।
মকৰ ৰাশিঃ ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱাটো ভাল হ’ব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। সহকৰ্মী আপোনাক বহুত সহায় সহযোগ কৰিব আৰু অফিচত বিশ্বাসৰ ভেটিত নতুন সম্বন্ধৰ আৰম্ভণি হব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।
কুম্ভ ৰাশিঃ আজিৰ দিনটোত আপুনি সৰু সৰু কথাত সোনকালে অস্তিৰ হৈ পৰিব। প্ৰেমে আজি বাৰুকৈয়ে আপোনাক আগুৰি ধৰিব। ঘৰৰ মানুহৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব। আজি খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।
মীন ৰাশিঃ আজি আপোনাৰ আত্ম-বিশ্বাসৰ স্তৰ বাঢ়িব। পিতৃ-মাতৃৰ পৰা গালি খাব পাৰে। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে। আজি ব্যৱসায়ীৰ বাবে ভাল দিন ,ব্যৱসায়ৰ বাবে হঠাত কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ কৰ্ম জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে।