শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শাওনৰ পূৰ্ণিমাত ৩০ বছৰ পাছত বিৰল সংযোগ! ভাগ্য ফুলিব এই ৩ ৰাশিৰ লোকৰ…

Sawan purnia 2025: হিন্দু ধৰ্মত শাওনৰ মাহৰ বিশেষ গুৰুত্ব আছে। ঠিক সেইদৰে শাওনৰ পূৰ্ণিমাও বিশেষ। এইবাৰ শাওনৰ পূৰ্ণিমাই ৩ ৰাশিৰ লোকলৈ ভাল খবৰ লৈ আনিব।

শাওনৰ পূৰ্ণিমাত ৩০ বছৰ পাছত বিৰল সংযোগ! ভাগ্য ফুলিব এই ৩ ৰাশিৰ লোকৰ…
শাওনৰ পূৰ্ণিমাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 06 Aug 2025 22:48 PM

এইবাৰ পূৰ্ণিমা জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিকোনৰ পৰা বিশেষ হ’বলৈ গৈ আছে। কিছুমান বিশেষ গ্ৰহৰ অৱস্থানৰ বাবে একাংশ ৰাশিৰ ওপৰত অতি ভাল প্ৰভাৱ পৰিব। শাওনৰ মাহটো ভগৱান শিৱৰ প্ৰতি অৰ্পিত আৰু পূৰ্ণিমাৰো বিশেষ গুৰুত্ব আছে। যেতিয়া দুয়োটাৰ মিল হয় তেতিয়া প্ৰভাৱ বহু পৰিমাণে বৃদ্ধি পায়। এইবাৰ শাওনৰ পূৰ্ণিমাত হ’বলগীয়া কাকতালীয় সংযোগে কিছুমান ৰাশিৰ জীৱনলৈ ভাল ফল আহিব।এনে জ্যোতিষীয় কাকতলীয়া ৩০ বছৰৰ পাছত হৈ আছে, যাৰ ফলত ইয়াৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। জ্যোতিষীসকলৰ মতে এই সংযোগ কিছুমান ৰাশিৰ লোকৰ সুখ-সমৃদ্ধিৰ পৰা কেৰিয়াৰৰ ক্ষেত্ৰতো সহায় কৰিব।

বিৰল সংযোগ

এইবাৰ শাওনৰ পূৰ্ণিমা তিনিটা গ্ৰহ নিজৰ ৰাশিত থাকিব। জ্যোতিষ শাস্ত্ৰৰ মতে, যেতিয়া কোনো গ্ৰহ নিজৰ ৰাশিত থাকে তেতিয়া সেই গ্ৰহটো শক্তিশালী আৰু শুভ বুলি গণ্য কৰা হয়। এই দিনটোত চন্দ্ৰ, বৃহস্পতি আৰু শনি নিজ ৰাশিত থাকিব, যাৰ ফলত এক শক্তিশালী যোগৰ সৃষ্টি হ’ব। ইয়াৰোপৰি আন কিছুমান শুভ সংযোগ গঢ় লৈ উঠিছে।

শাওনৰ পূৰ্ণিমা

হিন্দু পঞ্জিকা অনুসৰি, ২০২৫ চনৰ ৯ আগষ্ট অৰ্থাৎ শনিবাৰে শাওনৰ পূৰ্ণিমা হব। এই দিনটোত ৰাখীবন্ধন পালন কৰা হব। এই দিনটোত শাওন নক্ষত্ৰ আৰু পূষ্য যোগো গঠন হৈ আছে, যাৰ ফলত এই দিনটো অধিক শুভ আৰু বিৰল হৈ পৰিছে।

৩ ৰাশিৰ বাবে শুভ

বৃষ ৰাশিঃ এই ৰাশিৰ লোকসকলৰ বাবে দিনটো ভাল। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি কোনো ডাঙৰ সফলতা লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে বা দৰমহা বৃদ্ধি হ’ব পাৰে। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবেও দিনটো ভাল। পাবলগীয়া ধন ঘূৰাই পাব। আৰ্থিকস্থিতি ভাল হ’ব। পাৰিবাৰিক জীৱনত সুখ-শান্তি আহিব আৰু সম্পৰ্ক ভাল হ’ব।

সিংহ ৰাশিঃ এই ৰাশিৰ ভাগ্যৰ দুৱাৰ খোল খাব। পৰিশ্ৰমৰ ফল লাভ কৰিব। ব্যৱসায়ত ভাল ফল দেখিব, লাভ হ’ব। যিসকলে চাকৰি বিচাৰি আছে সেইসকলে ভাল চাকৰি লাভ কৰিব পাৰে। আৰ্থিক স্থিতি উন্নতি হ’ব। হঠাতে ধন লাভ কৰিব। আত্মবিশ্বাস বাঢ়িব। প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰিব।

ধনু ৰাশিঃ এই ৰাশিৰ লোকৰ বাবে বহু লাভৰ যোগ আছে। কৰ্মক্ষেত্ৰত অধিক প্ৰশংসা লাভ কৰিব পাৰে। আপোনাৰ ক্ষমতাৰ ব্যৱহাৰ কৰিব পাৰিব। আৰ্থিক দিশৰ পৰা উন্নতি লাভৰ সম্ভাৱনা আছে। বিনিয়োগ কৰিলে ভাল ফল পাব পাৰে। পৰিয়ালত সুখৰ পৰিবেশ থাকিব। সংগীৰ সৈতে ভাল সময় কটাব।

 

(এই লেখাটো ধৰ্মীয় বিশ্বাস তথা মান্যতাৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্য টিভি৯ অসমে বিচাৰ নকৰে।)

 

অন্য খবৰ পঢ়কঃ সম্পৰ্কত সমস্যা আহিছে নেকি? প্ৰেমানন্দ মহাৰাজে জনালে ইয়াৰ কাৰণ আৰু দূৰ কৰাৰ উপায়…