8 AUG 2025
TV9 ASSAM
হিন্দু ধৰ্মত শাওনৰ পূৰ্ণিমাৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত ৯ আগষ্টত এই পূৰ্ণিমা তিথি পৰিব। এই দিনটো অতি বিশেষ বুলি মান্যতা আছে।
শাওন মাহ ভগৱান শিৱৰ প্ৰতি অৰ্পিত। শাওনৰ পূৰ্ণিমান ৰাখীবন্ধন পালন কৰা হ'ব। কোৱা হয়, এই দিনটোত পূজা-পাঠ, দান-দক্ষিণা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয়।
দৰিদ্ৰ-আৰ্তজনক খাদ্য শস্য দান কৰিব লাগে। ই অত্যন্ত শুভ। এই দিনটোত আটা, দাইল, চাউল আদি দান কৰিব লাগে। ইয়াৰ ফলত ভগৱান শিৱৰ কৃপা লাভ কৰা যায়।
শাওনৰ পূৰ্ণিমাৰ দিনা আৰ্তজনক কাপোৰ আৰু টকা দান কৰা অত্যন্ত শুভ বুলি কোৱা হয়। এনে কৰিলে জীৱনৰ পৰা নকৰাত্মক শক্তি দূৰ হয় আৰু দৰিদ্ৰতাৰ পৰা মুক্তি পায়।
কিছুমান লোকৰ পিত্ৰ দোষ থাকে। সেই লোকসকলৰ কাম-কাজত বাধা আহে আৰু আৰ্থিক সমস্যা হয়। এনে লোকে শাওনৰ পূৰ্ণিমাত ক'লা তিল দান কৰিব লাগে।
শাওনৰ পূৰ্ণিমাত গুড় দান কৰা শুভ। ইয়াৰ ফলত জীৱনৰ পৰা সকলো বাধা দূৰ হয় বুলি কোৱা হয়। ইয়াৰোপৰি ইয়াৰ ফলত জীৱনলৈ সুখ-শান্তি আহে।
শাওনৰ পূৰ্ণিমাৰ দিন শিৱ মন্দিৰক গৈ চাকি জ্বলাব পাৰে। ইয়াৰোপিৰ নদীত চাকি দিব পাৰে। ইয়াৰ ফলত ঋণৰ পৰা মুক্তি লাভৰ লগতে মানসিক চিন্তাৰ পৰা মুক্তি পাই বুলি কয়।
পঢ়িবলৈ ক্লিক কৰক