ক’ত আছিল স্মাৰ্ট অসম আৰক্ষী? গুৱাহাটীত গণপ্ৰহাৰত প্ৰাণ গ’ল এজনৰ, আন এজনৰ অৱস্থা সংকটজনক…
গুৱাহাটী মহানগৰীত সংঘটিত এক জঘন্য ঘটনা। গণপ্ৰহাৰত প্ৰাণ গ'ল এজন যুৱকৰ, ইয়াৰ বিপৰীতে আন এজন যুৱক এতিয়াও জীৱন-মৃত্যুৰে যুঁজি আছে। পাণবজাৰত সংঘটিত হোৱা এই কাণ্ডই বহু প্ৰশ্ন উত্থাপন কৰিছে।

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। গণপ্ৰহাৰত প্ৰাণ গ’ল এজন লোকৰ, ইয়াৰ বিপৰীতে আন এজন সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে। জানিব পৰা মতে চুৰিৰ অভিযোগত একাংশ লোকে দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। এই প্ৰহাৰৰ ফলতেই এজনে মৃত্যুক সাৱতি লয় আৰু আন এজন বৰ্তমান আই চি ইউত ভৰ্তি হৈ আছে। এই সমগ্ৰ ঘটনাই মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
ঘটনাৰ বিৱৰণী অনুসৰি, পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সমীপত অভিযুক্ত দুই চোৰক উত্তম মাধ্যম সোধাই একাংশই। অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ৪টাকৈ চোৰে ঠাইখিনিত অত্যাচাৰ চলাই আছিল। পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চলাই গৈছিল চুৰি কাণ্ড। বিগত কেইটামান দিনত চোৰে চুৰি কৰি নিছিল ফাষ্টফুডৰ দোকানৰ পৰা চিলিণ্ডাৰকে ধৰি বহু সামগ্ৰী।
সেই চুৰিৰ সন্দেহতে শুকুৰবাৰ (৮ আগষ্ট)য়ে স্থানীয় একাংশ ৰাইজ আৰু ব্যৱসায়ীয়ে দুজন যুৱকক চোৰৰ সন্দেহত আটক কৰে। তাৰ পাছতে আৰম্ভ কৰ গণ প্ৰহাৰ। ইমানেই নহয়, মানৱীয়তাৰ সীমা অতিক্ৰম কৰি মুমূৰ্ষ অৱস্থাত পেলাই দিয়ে নলাত। তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ভুক্তভোগীক উদ্ধাৰ কৰে। ভুক্তভোগীৰ দেহত আঘাতৰ চিন স্পষ্ট। লগে লগে তেওঁক জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।
সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি হৈ থকা যুৱকজনৰ নাম দীপাংকৰ হাজৰিকা বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ মৰিগাঁৱত। পেচাত তেওঁ এজন ৰং মিস্ত্ৰী। ইফালে এই ঘটনাত মৃত্যুক সাৱতি লৈছে এজনে। এতিয়ালৈকে চিনাক্ত হোৱা নাই যুৱকজনৰ।
এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, পাণবজাৰ এখন অতি ব্যস্ত ঠাই। কিন্তু দিন দুপৰতে সংঘটিত হোৱা এই ঘটনাই এতিয়া নিৰাপত্তা ব্যৱস্থাটোৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। একাংশৰ মতে, এই ঘটনাক অৱহেলা কৰি আগুৱাই গৈছিল এজন আৰক্ষীক। এক কথাত আৰক্ষীৰ চকুৰ আগতে কোবাই কোবাই হত্যা কৰা হ’ল লোকজনক।
মৰেল পুলিচিং ৰোধ কৰিবলৈ চৰকাৰে বহু কঠোৰ আইন আনিছে। কিন্তু তাৰ পাছতো দানৱৰূপী একাংশ পাষাণৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হয় একাংশই। ইয়াৰোপৰি এই কাণ্ডই স্মাৰ্ট আৰক্ষী বুলি দাবী কৰা অসম আৰক্ষীৰ ফোপোলা স্বৰূপ এটাও উদঙাই দিছে। পানবজাৰৰ দৰে জনবহুল এলেকাত কেনেকৈ এই ঘটনা সংঘটিত হ’বলৈ পালে তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। গতিকে আৰক্ষীয়ে কি ব্যৱস্থা হাতত লয় সেয়া সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃমুকেশ আম্বানীয়ে কিমান টকা দৰমহা লাভ কৰে জানেনে? আদানীতকৈ ১০০ শতাংশ কম…