শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সৰস্বতী পূজাৰ পিছতে কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, মঙলৰ নক্ষত্ৰ পৰিৱৰ্তনে কঢ়িয়াব সৌভাগ্য

জ্যোতিষ মতে ২৪ জানুৱাৰী, শনিবাৰে বিয়লি ৬:১৭ বজাত মংগল গ্ৰহে অভিজিৎ নক্ষত্ৰত ভৰি দিব। ৩০ জানুৱাৰী, শুকুৰবাৰে পুৱা ৪:০৩ বজালৈ মংগল এই নক্ষত্ৰতে অৱস্থান কৰিব। এই জ্যোতিষীয় পৰিঘটনাই সকলো ৰাশিৰ ওপৰতে প্ৰভাৱ পেলাব যদিও ৪টা ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ হ’ব সৰ্বাধিক। চাওক এইবিষয়ে।

সৰস্বতী পূজাৰ পিছতে কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, মঙলৰ নক্ষত্ৰ পৰিৱৰ্তনে কঢ়িয়াব সৌভাগ্য
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Published: 22 Jan 2026 17:03 PM

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ মাহেন্দ্ৰ ক্ষণৰ পিছতে ঘটিবলৈ গৈছে এক বিৰল জ্যোতিষীয় পৰিঘটনা। কাইলৈ সমগ্ৰ দেশজুৰি জ্ঞান-বুদ্ধিৰ দেৱীক আৰাধনা কৰাৰ পিছতেই, পৰহিলৈ মহাকাশত হ’ব শক্তি আৰু সাহসৰ কাৰক মংগল গ্ৰহৰ মহা-অভিষেক। পঞ্জিকা অনুসৰি, কাইলৈ সৰস্বতী পূজাৰ পিছদিনাই অৰ্থাৎ ২৪ জানুৱাৰীত মংগল গ্ৰহে প্ৰৱেশ কৰিব সকলো দোষমুক্ত আৰু বিজয়ৰ প্ৰতীক ‘অভিজিৎ নক্ষত্ৰ’ত। ধৰ্মীয় বিশ্বাসত ভগৱান বিষ্ণুৰ আশীৰ্বাদপুষ্ট এই নক্ষত্ৰত মংগলৰ অৱস্থানে চাৰিটা বিশেষ ৰাশিৰ ভাগ্যত কঢ়িয়াই আনিব অভূতপূৰ্ব সফলতাৰ জোৱাৰ।

জ্যোতিষ মতে ২৪ জানুৱাৰী, শনিবাৰে বিয়লি ৬:১৭ বজাত মংগল গ্ৰহে অভিজিৎ নক্ষত্ৰত ভৰি দিব। ৩০ জানুৱাৰী, শুকুৰবাৰে পুৱা ৪:০৩ বজালৈ মংগল এই নক্ষত্ৰতে অৱস্থান কৰিব। এই সময়ছোৱাত মংগলৰ শক্তি চৰম পৰ্যায়ত থাকিব, ইয়াৰ ইতিবাচক প্ৰভাৱ সকলো ৰাশিৰ ওপৰতে পৰিব।

মঙলৰ এই নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষা, ৰাজনীতি আৰু ক্ৰীড়া জগতৰ সৈতে জড়িত লোকসকলে লাভ কৰিব অভূতপূৰ্ব সফলতা। এই জ্যোতিষীয় পৰিঘটনাই সকলো ৰাশিৰ ওপৰতে প্ৰভাৱ পেলাব যদিও ৪টা ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ হ’ব সৰ্বাধিক। চাওক এইবিষয়ে-

মেষ ৰাশি

মংগলৰ এই অৱস্থানে আপোনাৰ ভাগ্যৰ গতি বৃদ্ধি কৰিব। আত্মবিশ্বাস তুংগত থাকিব, ফলত কঠিন সিদ্ধান্তসমূহো সহজে ল’ব পাৰিব। দীৰ্ঘদিন ধৰি স্তব্ধ হৈ থকা কামবোৰে পুনৰ গতি পাব। চাকৰিৰ সাক্ষাৎকাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ যোগ আছে।

কাৰ্যালয়ত আপোনাৰ নেতৃত্ব গুণৰ প্ৰশংসা কৰা হ’ব আৰু জ্যেষ্ঠ বিষয়াৰ সহযোগিতা লাভ কৰিব। মাটি-বাৰী বা বাহন ক্ৰয়ৰ সিদ্ধান্ত লাভজনক হ’ব পাৰে। আৰ্থিক অৱস্থাৰ উন্নতি ঘটাৰ লগতে শত্ৰুপক্ষ দুৰ্বল হৈ পৰিব।

সিংহ ৰাশি

এই সময়ছোৱা সিংহ ৰাশিৰ জাতকসকলৰ মান-সন্মান আৰু প্ৰভাৱ বৃদ্ধিৰ কাৰক হ’ব। চৰকাৰী, প্ৰশাসনিক বা ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে সোণালী সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ’ব আৰু দায়িত্ব বৃদ্ধি পাব।

পদোন্নতিৰো সম্ভাৱনা আছে। আৰ্থিক বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা প্ৰবল। ক্ৰীড়া, সেনা, আৰক্ষী বা সুৰক্ষা সেৱাত কৰ্মৰত লোকসকলৰ বাবে এই সময় অতি অনুকূল। পৰিয়ালতো শান্তি-শৃংখলা অটুট থাকিব।

বৃশ্চিক ৰাশি

মংগলৰ এই নক্ষত্ৰ পৰিৱৰ্তনে বৃশ্চিক ৰাশিৰ জাতকৰ মানসিক শক্তি বৃদ্ধি কৰিব। আত্মবল বৃদ্ধি হোৱাৰ ফলত জটিল পৰিস্থিতিৰ পৰা ওলাই অহাত সফল হ’ব। কেৰিয়াৰ সম্পৰ্কীয় সাহসী সিদ্ধান্তই লাভ কঢ়িয়াই আনিব। আৰ্থিক স্থিতি লাহে লাহে মজবুত হ’বলৈ ধৰিব।

গৱেষণা, প্ৰযুক্তি, চিকিৎসা বা ৰহস্যময় বিষয়ৰ চৰ্চা কৰা লোকসকলে সফলতা লাভ কৰিব। দীৰ্ঘদিনৰ পৰা আউল লাগি থকা কামবোৰ সম্পূৰ্ণ হ’ব। শত্ৰুপক্ষ নিজে নিজে পিছুৱাই যাব আৰু পৰিয়ালত মানসিক শান্তি বিৰাজ কৰিব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকসকলৰ বাবে মংগলৰ এই স্থিতি হ’ব পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময়। পূৰ্বৰ কষ্টৰ সুফল এতিয়া স্পষ্ট ৰূপত প্ৰতিফলিত হ’ব। কেৰিয়াৰত ডাঙৰ পৰিৱৰ্তন বা নতুন চাকৰিৰ সুযোগ আহিব পাৰে। ধাৰ-ঋণৰ বোজা হ্ৰাস পাব।

কাৰিকৰী, অভিযান্ত্ৰিক আৰু নিৰ্মাণ খণ্ডৰ সৈতে জড়িত লোকৰ সফলতাৰ যোগ আছে। আৰ্থিক দিশ শক্তিশালী হ’ব আৰু আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পুৰণি বিবাদ সমাধান হ’ব আৰু আপোনাৰ নিয়মানুবৰ্তিতা বৃদ্ধি পাব।