আয়কৰ সন্দৰ্ভত বাজেটত বিশেষ সিদ্ধান্ত, কি লাভ হ’ব জনসাধাৰণৰ…
বিবাহিত দম্পতীয়ে আয়ৰ ওপৰত পৃথক পৃথক আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ পৰিৱৰ্তে একেলগে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। ইয়াক ‘জইণ্ট টেক্সেচন’ বা যৌথ কৰ ব্যৱস্থা বুলি কোৱা হয়। বৰ্তমান ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে পৃথকে পৃথকে কৰ দাখিল কৰে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব। এই বাজেটৰ ওপৰত দেশবাসীৰ যথেষ্ট আশা আছে । বিশেষকৈ মধ্যবিত্তীয় কৰদাতাসকলে এই বিষয়টোৰ ওপৰত চকু ৰাখিছে। কিন্তু এইবাৰ বাজেটত আয়কৰ সন্দৰ্ভত কিবা বিশেষ আছে নেকি? ইয়াৰ মূলতে আছে ‘জইণ্ট টেক্সেচন’ বা যৌথ কৰ ব্যৱস্থা।
যৌথ কৰ কি?
বিবাহিত দম্পতীয়ে আয়ৰ ওপৰত পৃথক পৃথক আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ পৰিৱৰ্তে একেলগে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। ইয়াক ‘জইণ্ট টেক্সেচন’ বা যৌথ কৰ ব্যৱস্থা বুলি কোৱা হয়। বৰ্তমান ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে পৃথকে পৃথকে কৰ দাখিল কৰে। অৰ্থাৎ ব্যক্তিগত কৰ। সেইবাবেই এক দম্পতীৰ সম্পত্তিৰ হিচাপ একেলগে কৰাৰ কোনো ব্যৱস্থা নাই। কিন্তু নতুন প্ৰস্তাৱ কাৰ্যকৰী হ’লে সমগ্ৰ পৰিয়ালক এটা ইউনিট হিচাপে গণ্য কৰা হ’ব।
Latest Videos
আইনৰ ওপৰত আস্থা ৰাখকঃ কোকৰাঝাৰৰ ঘটনাক লৈ IGP অখিলেশ সিঙৰ আহ্বান
আয়কৰ সন্দৰ্ভত বাজেটত বিশেষ সিদ্ধান্ত, কি লাভ হ'ব জনসাধাৰণৰ...
ৰূপে দেখুৱাইছে যাদু! এইবাৰ মূল্যই ৪ লাখ স্পৰ্শ কৰিব নেকি?
SR প্ৰক্ৰিয়াক লৈ বিলাসীপাৰা সম-জিলা কাৰ্যালয়ৰ সন্মুখত যুৱ কংগ্ৰেছ
