শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত নহয়, এই কাৰকৰ বাবে ধ্বংস হ’ব পাকিস্তান! কি কাৰকৰ কথা সকীয়ালে প্ৰধানমন্ত্ৰী মোদীয়ে?

সোমবাৰে নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানৰ সৈতে ভাৰতৰ সংঘৰ্ষ আৰু অপাৰেচন সেন্দূৰ অভিযানৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া আছিল দেশবাসীক উদ্দেশ্যি প্ৰথমটো ভাষণ।

monjit-dutta
Monjit Dutta | Published: 13 May 2025 01:32 AM
অপাৰেচন সেন্দূৰ অভিযানৰ আৰম্ভণি আৰু ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণাৰ পিছত সোমবাৰে দেশবাসীক উদ্দেশ্যি প্ৰথমবাৰৰ বাবে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদীকো স্পষ্ট সকীয়নি প্ৰদান কৰে।

1 / 5
প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ আৰম্ভ কৰিয়েই দেশৰ সশস্ত্ৰ বাহিনী, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক অপাৰেচন সেন্দূৰৰ সফলতাৰ বাবে দেশবাসীৰ হৈ চেল্যুট জনায়। অপাৰেচন সেন্দূৰক তেওঁ ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা বুলি অভিহিত কৰি সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকে এতিয়া সেন্দূৰ আঁতৰোৱাৰ দাম কি, সেয়া ভালদৰেই বুজি পাইছে বুলি মন্তব্য কৰে।

2 / 5
ভাষণত তেওঁ লগতে চাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপাৰেচন ভাৰতৰ নীতি বুলি মুকলিকৈ ঘোষণা কৰে। ভাৰতত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে উপযুক্ত উত্তৰ দিয়া হ’ব আৰু সন্ত্ৰাসবাদৰ শিপা উৎপন্ন হোৱা প্ৰতিটো স্থানতে ভাৰতে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।

3 / 5
প্ৰধানমন্ত্ৰী মোদীয়ে সমান্তৰালকৈ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্ৰাসবাদৰ মালিকসকলক ভাৰতে পৃথক হিচাপে বিবেচনা নকৰিব বুলিও সকীয়াই দিয়ে। পাকিস্তানৰ সেনা আৰু চৰকাৰে সন্ত্ৰাসবাদক লালন-পালন কৰি আছে বুলি মুকলিকৈ মন্তব্য কৰি মোদীয়ে লগতে এই কাৰ্যই এদিন পাকিস্তানক নিজেই ধ্বংস কৰিব বুলিও সকীয়নি প্ৰদান কৰে। পাকিস্তানে জীয়াই থাকিব বিচাৰিলে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

4 / 5
ইফালে যুদ্ধবিৰতিৰ আধাৰত ভাৰতে এতিয়া প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰাখিছে যদিও আগন্তুক সময়ত পাকিস্তানে কি মনোভাৱ গ্ৰহণ কৰে, সেয়া লক্ষ্য কৰা হ’ব আৰু সেই অনুসাৰে ভাৰতে সিদ্ধান্ত ল’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তদুপৰি পাকিস্তানৰ সৈতে আলোচনা হ’লেও সেই আলোচনা সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ (PoK)ৰ ওপৰত হ’ব বুলি স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

5 / 5