শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ সমাধিস্থলীত গৌৰৱ গগৈ, ৰাহুল গান্ধীৰ ভ্ৰমণ সন্দৰ্ভত ক’লে এইদৰে

আজি সোণাপুৰৰ সমাধিস্থলীত উপস্থিত হয় কংগ্ৰেছ সাংসদ তথা ৰাজ্যিক সভাপতি গৌৰৱ গগৈ। কাইলৈ অসম ভ্ৰমণ কৰিবলগা কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ভ্ৰমণৰ পূৰ্বে সমাধিস্থলীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰিস্থিতিৰ বুজ লয়।

monjit-dutta
Monjit Dutta | Updated On: 16 Oct 2025 18:20 PM
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সঠিক তদন্ত তথা ন্যায়ৰ দাবী তুলি ৰাজ্যজুৰি সোচ্চাৰ হৈছে সকলো। ন্যায়ৰ দাবীক লৈ ৰাজ্যজুৰি চলি থকা এনে সবল দাবীৰ মাজতে আজি সোণাপুৰৰ সমাধিস্থলীত উপস্থিত হয় কংগ্ৰেছ সাংসদ তথা ৰাজ্যিক সভাপতি গৌৰৱ গগৈ।

1 / 5
কাইলৈ অসম ভ্ৰমণ কৰিব কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। এই ভ্ৰমণত ৰাহুল গান্ধীয়ে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাব। তেওঁ লগতে কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহতো উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

2 / 5
ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ পূৰ্বে আজি সমাধিস্থলীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে অসম ভ্ৰমণত ৰাহুল গান্ধীয়ে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাদে কোনো দলীয় কাৰ্যসূচীত অংশ নলয় বুলি উল্লেখ কৰে।

3 / 5
লক্ষণীয়ভাৱে ৰাহুল গান্ধীৰ ভ্ৰমণৰ পূৰ্বে অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰিছিল এক বিশেষ মন্তব্য। কংগ্ৰেছ নেতাগৰাকীক এই ভ্ৰমণত কোনোধৰণৰ উচতনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁ আহ্বান কৰিছিল। বিজেপি সভাপতিগৰাকীৰ এনে মন্তব্যৰ পিছতে গৌৰৱ গগৈৰ মন্তব্য লক্ষণীয় হৈ পৰিছে।

4 / 5
ইফালে সোণাপুৰত জুবিন গাৰ্গৰ সমাধিস্থলীত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তত সন্তোষ প্ৰকাশ কৰে। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত সন্তুষ্টি প্ৰকাশ কৰি তেওঁ লগতে তদন্তৰ ক্ষেত্ৰত বিৰোধী দলৰ পৰা কোনো সহায়ৰ প্ৰয়োজন হ'লে চৰকাৰক সহযোগ কৰিব বুলি মন্তব্য কৰে।

5 / 5