পাঠশালাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২৭ ফুট দৈৰ্ঘ্য আৰু ২০ ফুট বহলৰ বৃহৎ মুখ মণ্ডল অংকন। ৫০ সংখ্যক পাঠশালা ৰাস মহোৎসৱ উপলক্ষে অংকন কৰা হৈছে এই চিত্ৰ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰি সংবাদ মাধ্যমৰ সন্মুখত কান্দি উঠিল চিত্ৰ শিল্পীসকল। 'জোনাক গলা জ্বাৰৰ নিশা' গীতটো বজাই চিত্ৰ অংকন কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ।
এতিয়া পাঠশালা ৰাস মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জুবিন গাৰ্গৰ বৃহৎ ছবিখন।
বজালী আৰ্ট নামৰ প্ৰতিষ্ঠানটোৰ চাৰিজন শিল্পীয়ে ২ দিনত অংকন কৰি উলিয়াইছে চিত্ৰখন।
পাঠশালা ৰাস মহোৎসৱত এইবাৰ ৭০০ মৃণ্ময় মূৰ্তিৰ লগতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছবিখনে সকলোৰে মন চুই গৈছে।