শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰাসোৎসৱ

ৰাসোৎসৱ

ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। ৰাস মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্‌যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে।

শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ। মূলত: আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলিলেও বঢ়াই কোৱা নহ’ব।

Read More

১০০ টকাত উজলিল যুৱকৰ ভাগ্য, কোনে কোনে লাভ কৰিলে হাউলী ৰাসৰ ‘বৰঙণি পত্ৰ’ৰ বিলাসী বাহন?

বহু প্ৰতীক্ষাৰ অন্তত আহি গ'ল হাউলী ৰাসৰ বৰঙণি পত্ৰ খেলৰ ফলাফল ঘোষণা। কোনে প্ৰথম পুৰস্কাৰ ডিফেণ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে জানো আহক...

পাঠশালাৰ ৰাস মহোৎসৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সুউচ্চ চিত্ৰ অংকন

পাঠশালাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰা হৈছে। ৫০ সংখ্যক পাঠশালা ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ সুউচ্চ জুবিনৰ চিত্ৰ।

নলবাৰীৰ ৰাস মহোৎসৱৰ ব্যতিক্ৰমী প্ৰয়াস, ৰাজপথত জিলিকিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি!

১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। ৰাস মহোৎসৱত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণত বহুকেইটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

কিমান সময়ৰ পৰা আৰম্ভ ৰাস পূৰ্ণিমা? জানো আহক ৰাস মহোৎসৱৰ ইতিহাস…

ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য'ত ভগৱান শ্রীকৃষ্ণৰ জীৱন লীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। শৰৎ কালত পূৰ্ণিমাৰ সময়ত গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই বৃন্দাবনত ৰাসলীলা কৰিছিল। এয়াই ৰাস মহোৎসৱৰ মূল বিষয়। এইবাৰ কিমান সময়ৰ পৰা আৰম্ভ হ'ব ৰাস পূৰ্ণিমা জানো আহক

পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিঃ নিৰ্মাণ কৰা হৈছে জুবিন গাৰ্গৰ ১৭ফুট উচ্চতাৰ প্ৰতিমূৰ্তি…

Raas Mahotsav 2025: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পলাশবাৰীতো ৰাস মহোৎসৱৰ প্ৰস্তুতি চলিছে। ১৫ দিনীয়া কাৰ্যসূচীৰে পলাশবাৰীত ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। ইয়াতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰা হ'ব।

অসমত প্ৰথম ৰাসোৎসৱ কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। চৌদিশে মাথোঁ আৰম্ভ কৃষ্ণৰ বন্দনা। বিভিন্ন স্থানত জীৱন্ত ৰাসৰ বাবে আখৰাত ব্যস্ত গোপীনিসকল। ৰাসৰ পূৰ্বে কৃষ্ণৰ নাটত ব্যৱহাৰ কৰিবলৈ বহুতো মুখা সাজি উলিয়াইছে মুখা শিল্পীসকলে। কিন্তু আপুনি জানেনে অসমত প্ৰথম ৰাসোৎসৱ কত আৰম্ভ হৈছিল?

Raas Mahotsav 2025: সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ, চৌদিশে চলিছে ৰাস উদযাপনৰ প্ৰস্তুতি

ঠাইভেদে ৰাস বেলেগ বেলেগকৈ অনুষ্ঠিত কৰা হয়। উজনি অসমত ৰাস মহোৎসৱত ভাওনা কৰা হয়। ইফালে নামনি অসমত মূৰ্তিকেন্দ্ৰিক হয় ৰাস মহোৎসৱ।

Nalbari Raas Mahotsav: নলবাৰীৰ ৰাস মহোৎসৱৰ ব্যতিক্ৰমী পদক্ষেপ, ১০ হাজাৰ শিল্পীয়ে গঢ়িব ৰেকৰ্ড! আপুনিও কৰিব পাৰে অংশগ্ৰহণ

১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ইতিমধ্যে হৰি মন্দিৰত আৰম্ভ হৈছে প্ৰস্তুতি।

Nalbari Raas Mahotsav 2025: নলবাৰীৰ ৰাস মহোৎসৱ কেতিয়া? ঘোষণা কৰিলে তাৰিখ…

কৃষ্ণভক্তিৰ মূৰ্চনাত মুখৰিত হৈ পৰিব হৰিমন্দিৰ প্ৰাংগণ তথা ৰাসথলী। এইবেলিও মহামিলনৰ পবিত্ৰথলীত ৰূপান্ত্ৰিত হৈ পৰিব নলবাৰী।

৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা, কোনে লাভ কৰিলে কি বঁটা?

ঘোষণা কৰা হৈছে ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰতিযোগিতাৰ ফলাফল। মঞ্চসূৰ্য ধৰণী বৰ্মন সোঁৱৰণী শ্ৰেষ্ঠ নাট্যদল বঁটা আগবঢ়োৱা হৈছে ৰাজমুকুট থিয়েটাৰলৈ। ৰাজমুকুট থিয়েটাৰলৈ আগবঢ়োৱা গৈছে নগদ ৫০ হাজাৰ টকা। ৰাজমুকুট থিয়েটাৰলৈ আগবঢ়োৱা গৈছে নগদ ৫০ হাজাৰ টকা। ভৱেন বৰুৱা সোঁৱৰণী শ্ৰেষ্ঠ নাট বঁটা ৰাজমুকুট থিয়েটাৰৰ ‘বকুল বনৰ পক্ষী’ নামৰ নাটকখনলৈ।

Nalbari Rash Mahotsav: ২৮ নৱেম্বৰত সামৰণি নলবাৰীৰ ৰাস মহোৎসৱৰ, নিতাল হৈ পৰিব হৰিমন্দিৰৰ চৌহদ

এই ৰাস মহোৎসৱ উপলক্ষে দৈনন্দিন জীৱনৰ দূখ ভাগৰ পাহৰি আনন্দত মতলীয়া হয় সৰ্বস্তৰৰ ৰাইজ। সংস্কৃতিৰ বৰপথাৰ হিচাপে প্ৰতিটো বৰ্ষতে জিলিকি উঠে নলবাৰী।

সোমবাৰে নলবাৰীত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰঃ কিয় এই সিদ্ধান্ত, চাওক…

অহা সোমবাৰে নলবাৰী জিলাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ। এক জাননী যোগে নলবাৰী জিলা প্ৰশাসনে অহা ২৫ নৱেম্বৰ অৰ্থাৎ সোমবাৰে জিলাখনত স্থানীয় বন্ধ ঘোষণাৰ সিদ্ধান্ত প্ৰকাশ কৰিছে। নলবাৰী জিলা প্ৰশাসনে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিছে চাওক।

নলবাৰী ৰাসৰ মৃন্ময় মূৰ্তিয়ে মন মুহিব আপোনাৰ, চাওক ফটো

Nalbari Raas Mahotsav 2024: ১৫ নৱেম্বৰৰ পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে নলবাৰী ৰাস মহোৎসৱ। প্ৰতিটো দিনেই নলবাৰীলৈ সমাগম ঘটিছে লাখ লাখ ভক্তৰ। প্ৰতিবাৰৰ দৰে এইবাৰো মৃন্ময় মূৰ্তিয়ে দৃষ্টি কাঢ়িছে ৰাইজৰ।

Raas Mahotsav 2024: ৰাস মহোৎসৱৰ উপলক্ষে কৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্য! জীৱন্ত ৰাসত ৰাধাৰ ৰূপত দীপলীনা, ৰিচা

ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ । ক'ৰবাত যদি জীৱন্ত ৰাস, ক'ৰবাত আকৌ মৃণ্ময় মূৰ্তিৰে কৃষ্ণলীলাৰ কাহিনী প্ৰকাশৰ বাবে বৰ্ণাঢ্য আয়োজন । জীৱন্ত ৰাস মহোৎসৱত ৰাধাৰ ভাৱত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী, কণ্ঠশিল্পীক।

উদুলি-মুদুলি নলবাৰী, ৰথত উঠি আহিছে ৰামায়ণৰ ‘ৰাম-সীতা’!

আজিৰে পৰা নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ। ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৯১ সংখ্যক ৰাস মহোৎসৱ৷ নলবাৰীৰ ৰাসত অংশ ল'বলৈ উপস্থিত হৈছে ৰামায়ণ ধাৰাবাহিকৰ ৰাম আৰু সীতা।