শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসাৱধানতাই বিপদ মাতে ! গ্ৰীষ্মকালত হৃদৰোগীয়ে কি কি কথা গুৰুত্ব দিব লাগে ?

গ্ৰীষ্মকালত হৃদযন্ত্ৰ বন্ধ হোৱাৰ আশংকা প্ৰায়ে বৃদ্ধি পায় । গতিকে যিসকল ইতিমধ্যে হৃদৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকে গ্ৰীষ্মকালত নিজৰ হৃদযন্ত্ৰৰ বিশেষ যত্ন লোৱা উচিত। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কৰিব লাগে ? জানক

অসাৱধানতাই বিপদ মাতে ! গ্ৰীষ্মকালত হৃদৰোগীয়ে কি কি কথা গুৰুত্ব দিব লাগে ?
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 04 May 2025 17:55 PM

গ্ৰীষ্মকালত হৃদযন্ত্ৰৰ যত্ন লোৱাৰ অতি প্ৰয়োজন। গ্ৰীষ্মকালত হৃদযন্ত্ৰ বন্ধ হোৱাৰ আশংকা প্ৰায়ে বৃদ্ধি পায় । গতিকে যিসকল ইতিমধ্যে হৃদৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকে গ্ৰীষ্মকালত নিজৰ হৃদযন্ত্ৰৰ বিশেষ যত্ন লোৱা উচিত। গ্ৰীষ্মকালত হৃদযন্ত্ৰৰ ওপৰত বেছি চাপ দিব নালাগে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কৰিব লাগে ? জানক

গৰমৰ দিনত দীৰ্ঘসময় ৰ’দত থাকি কঠোৰ পৰিশ্ৰম কৰা লোকৰ হাৰ্ট এটেক হোৱাৰ আশংকা থাকে। অসাৱধানতাই বিপদ সৃষ্টি কৰিব পাৰে । গ্ৰীষ্মকালত খাদ্য আৰু জীৱনশৈলীত সামান্য পৰিৱৰ্তন কৰি আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি তুলিব পাৰে।

বিশেষজ্ঞৰ মতে, গ্ৰীষ্মকালত দীৰ্ঘ সময় ৰ’দত থকাটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়। ইয়াৰ ফলত আপোনাৰ শৰীৰটো গৰম হৈ পৰে আৰু শৰীৰটো শীতল কৰি ৰাখিবলৈ হৃদযন্ত্ৰই শৰীৰৰ সকলো অংশলৈ তেজ যোগান ধৰিবলৈ অধিক জোৰেৰে পাম্প কৰিবলগীয়া হয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পায়।

ইয়াৰ বাহিৰেও যদি আপুনি বেছি কাম কৰে তেন্তে আপোনাৰ ঘাম ওলাই আৰু আপুনি ডিহাইড্ৰেচনৰ বলি হ’ব পাৰে। এনে পৰিস্থিতিত হৃদযন্ত্ৰৰ ওপৰতো চাপ বাঢ়ে। ইয়াৰ বাবে হাৰ্ট এটেক হোৱাৰ আশংকা থাকে। এই সময়ছোৱাত অধিক ব্যায়াম বা ৱৰ্কআউট বা কাম কৰিব নালাগে।

গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰাখিলে হৃদযন্ত্ৰৰ সুস্থ কৰি ৰাখিব পাৰি। ইয়াৰ বাবে বেছি সময় ৰ’দত থাকিব নালাগিব আৰু খাদ্যাভ্যাস সলনি কৰিব লাগিব। গৰমৰ দিনত অতি লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। খাদ্যত অধিক পৰিমাণৰ তৰল পদাৰ্থ থাকিব লাগে। ঋতু ভিত্তিক ফল খাব পাৰে ।

ইয়াৰ লগতে যদি আপুনি মদ আৰু ধঁপাতৰ প্ৰতি আকৰ্ষিত তেন্তে আপোনাৰ এই অভ্যাস নিয়ন্ত্ৰণ কৰক। মদ আৰু ধঁপাতেও হৃদযন্ত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটায়। গৰমত নিজকে ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে মানসিক চাপৰ পৰা আঁতৰি থাকক।