শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ধোঁৱা ধোঁৱা দেখা, দৃষ্টিশক্তি কমা…হ’ব পাৰে চকুৰ এই বিৰল ৰোগৰ লক্ষণ, সকলো জানক চিকিৎসকৰ পৰা…

চকুৰ লগত জড়িত বহু প্ৰকাৰৰ ৰোগ আছে। পিছে আপুনি জানেনে, চকুত বিৰল প্ৰকাৰৰ এক ৰোগ হ'ব পাৰে। অৱশ্যে এই ৰোগ হোৱাৰ আগতে কিছুমান বিশেষ লক্ষণে দেখা দিয়ে।

ধোঁৱা ধোঁৱা দেখা, দৃষ্টিশক্তি কমা…হ’ব পাৰে চকুৰ এই বিৰল ৰোগৰ লক্ষণ, সকলো জানক চিকিৎসকৰ পৰা…
চকুImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 04 May 2025 20:16 PM

আজিকালি কৰ্কট ৰোগ এক ডাঙৰ সমস্যা হৈ পৰিছে। প্ৰতি বছৰে বিশ্বত লাখ লাখ লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। ডিঙি, মুখ, পেট, তেজ আদি বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ থাকে। পিছতে আপুনি জানেনে, চকুতো কৰ্কট ৰোগ হয়? আচৰিত হ’লেও এই কথা সঁচা। এই ৰোগ হোৱাৰ পূৰ্বে কিছুমান বিশেষ লক্ষণে দেখা দিয়ে। গতিকে এই লক্ষণসমূহ চিনাক্ত কৰা প্ৰয়োজন। চকুৰ কৰ্কট ৰোগৰ কাৰণ কি আৰু ইয়াৰ লক্ষণ কি? চকুৰ কৰ্কট ৰোগ শৰীৰৰ আন অংশলৈ বিয়পিব পাৰেনে? ইয়াৰ চিকিৎসা কি? এই বিষয়ে বিশেষজ্ঞই কোৱা সকলো তলত উল্লেখ কৰা হ’ল।

বিৰল শ্ৰেণীৰ ৰোগত চকুৰ কৰ্কট ৰোগ আহে। চকুত বহু ধৰণৰ এই ৰোগ হ’ব পাৰে। ইয়াৰ ভিতৰত চকুৰ ছানি আৰু ইয়াক আগুৰি থকা গঠনসমূহো অন্যতম। ই চকুত টিউমাৰৰ পৰা আৰম্ভ হয়। চকুৰ কিছুমান বিশেষ অংশত এই টিউমাৰটো হ’ব পাৰে। অৱশ্যে চকুত গঠন হোৱা প্ৰতিটো টিউমাৰ কৰ্কটৰ লক্ষণ নহয়। কিন্তু ইয়াৰ পৰীক্ষা কৰা গুৰুত্বপূৰ্ণ। সময়মতে চকুৰ কৰ্কট ৰোগৰ চিকিৎসা নকৰিলে সমগ্ৰ শৰীৰত বিয়পিব পাৰে। গতিকে এই ৰোগৰ লক্ষণসমূহ আওকান কৰা উচিত নহয়। প্ৰাৰম্ভিক পৰ্যায়ত চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগ বৃদ্ধি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। এই ৰোগৰ সময়তে চিকিৎসা কৰিলে ইয়াৰ ৰোধ কৰিব পৰা যায়।

প্ৰকাৰ আৰু লক্ষণ

জ্যেষ্ঠ অংক’লজিষ্ট ডাঃ ঋষি গুপ্তাই কয় যে চকুৰ কৰ্কট ৰোগ বহু ধৰণৰ। ইয়াৰ ভিতৰত আছে আইৰিছ মেলানোমা, যি চকুৰ ৰঙীন অংশ বা আইৰিছত গঠন হয়। ইযাৰোপৰি আছে চিলিয়াৰী বডি মেলানোমা, যিটো আপোনাৰ চকুৰ লেন্স নিয়ন্ত্ৰণ কৰা পেশীত গঠন হয়। ক’ৰ’ইডাল মেলানোমা ৰোগ চকুৰ মণিৰ স্তৰত গঠন হয় যিয়ে আপোনাৰ ৰেটিনা আৰু আপোনাৰ চকুৰ সন্মুখৰ অংশলৈ তেজ যোগান ধৰে।

এই তিনিও প্ৰকাৰৰ ৰোগত প্ৰাৰম্ভিক কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ ভিতৰতল দৃষ্টিশক্তি কম হোৱা, বস্তুবোৰ ধূসৰ দেখা আদি অন্যতম। ইয়াৰোপৰি চকুত দাগ বা পোহৰৰ জিলিকনি দেখা আৰু জ্বলা-পোৰা আদি লক্ষণে দেখা দিব পাৰে। গতিকে এই লক্ষণসমূহে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

কেনেকৈ ৰক্ষা কৰিব

এই ক্ষেত্ৰত চকুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষাৰ ওপৰত যত্ন লোৱা দৰকাৰ। চকুত সূৰ্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰিব দিব নালাগে। ইয়াৰ বাবে আপুনি ইউভি প্ৰটেক্টেড ছানগ্লাছ ব্যৱহাৰ কৰিব পাৰে। দীৰ্ঘদিন ধৰি সূৰ্যৰ পোহৰ, ধূলি আৰু বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰোপৰি চকুত কিবা সমস্যা থাকিলে পৰীক্ষা কৰা দৰকাৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো চকুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে তেন্তে আপুনিও মাজে সময়ে চকু পৰীক্ষা কৰা দৰকাৰ। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতত চকুৰ কৰ্কট ৰোগ বিৰত আৰু ইয়াৰ আশংকা ১ শতাংশতকৈ কম।

 

অন্য খবৰ পঢ়কঃ পুৱাৰ এই ৫ অভ্যাসে সলনি কৰিব পাৰে সকলো, জীৱনলৈ আহিব সুখ আৰু সফলতা…