শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জৈৱিক কৃষিৰ দ্বাৰ মুকলি কৰিছে পতঞ্জলিয়েঃ কৃষকক এইদৰে দেখুৱাইছে উন্নয়নৰ পথ…

জৈৱিক কৃষি প্ৰণালীৰ প্ৰতি সচেতনতা বৃদ্ধি কেৱল মানুহৰ স্বাস্থ্যৰ বাবেই নহয়, কৃষিভূমিৰ স্বাস্থ্যৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতত এই সেউজ বিপ্লৱৰ নেতৃত্ব দি কৃষকসকল জৈৱিক কৃষি গ্ৰহণৰ বাবে প্ৰেৰণা দিয়া তথা অনুপ্ৰাণিত কৰা এক অগ্ৰণী প্ৰতিষ্ঠান হৈছে পতঞ্জলি।

জৈৱিক কৃষিৰ দ্বাৰ মুকলি কৰিছে পতঞ্জলিয়েঃ কৃষকক এইদৰে দেখুৱাইছে উন্নয়নৰ পথ…
জৈৱিক কৃষিৰ বিকাশত পতঞ্জলিৰ ভূমিকা
monjit-dutta
Monjit Dutta | Published: 28 May 2025 07:00 AM

শেহতীয়া সময়ছোৱাত সকলো লোকৰ মাজতে বৃদ্ধি পাইছে জৈৱিক কৃষিৰ ফচল আহাৰ হিচাপে গ্ৰহণ কৰাৰ প্ৰৱণতা। ইয়াৰ সমান্তৰালকৈ কৃষসকলৰ মাজতো জৈৱিক কৃষি প্ৰণালীৰ প্ৰতি আগ্ৰহ প্ৰকাশ পাইছে। জৈৱিক কৃষি প্ৰণালীৰ প্ৰতি সচেতনতা বৃদ্ধি কেৱল মানুহৰ স্বাস্থ্যৰ বাবেই নহয়, কৃষিভূমিৰ স্বাস্থ্যৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতত এই সেউজ বিপ্লৱৰ নেতৃত্ব দি কৃষকসকল জৈৱিক কৃষি গ্ৰহণৰ বাবে প্ৰেৰণা দিয়া তথা অনুপ্ৰাণিত কৰা এক অগ্ৰণী প্ৰতিষ্ঠান হৈছে পতঞ্জলি। বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ এই প্ৰতিষ্ঠানে সঠিক প্ৰশিক্ষণ আৰু পৰামৰ্শৰ জৰিয়তে দেশত খেতিৰ প্ৰথা উন্নত কৰি তুলিছে।

পূৰ্বে দেশৰ অধিকাংশ স্থানতে ৰাসায়নিক সাৰ, কীটনাশকৰ অতিমাত্ৰা ব্যৱহাৰৰ দ্বাৰা খেতি কৰি অহা হৈছিল। ইয়াৰ এফালে মাটিৰ অৱক্ষয় আৰু পানী দূষিত কৰাৰ পৰা আৰম্ভ কৰি মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল। পিছে সময়ৰ অগ্ৰগতিৰ লগে লগে বিকল্প আৰু বহনক্ষম পদক্ষেপ হিচাপে জৈৱিক কৃষি প্ৰণালী বিকশিত হৈ উঠে। এতিয়া এই কৃষি প্ৰণালীৰ প্ৰসাৰত পতঞ্জলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

পতঞ্জলিৰ জৈৱিক কৃষিৰ পদক্ষেপে জৈৱিক সামগ্ৰীৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে- ইয়াৰ ভিতৰত জৈৱ সাৰ, জৈৱ কীটনাশক, পচন সাৰ, সেউজ গোবৰ, পুনঃব্যৱহৃত কৃষি আৱৰ্জনা আদি। পৰিৱেশৰ ক্ষতি কৰা কৃত্ৰিম সামগ্ৰীৰ ওপৰত নিৰ্ভৰ নকৰি পতঞ্জলিয়ে প্ৰাকৃতিকভাৱে আহৰণ কৰা সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কৃষকসকলক এই দিশত উৎসাহিত কৰে। এই পদক্ষেপে মাটিৰ উৰ্বৰতা আৰু জৈৱিক কাৰ্যকলাপ বৃদ্ধি কৰে।

জৈৱ সাৰ এই ৰূপান্তৰৰ এক গুৰুত্বপূৰ্ণ অংশ, কিয়নো জৈৱ সাৰে ধনাত্মক অণুজীৱ আৰু নাইট্ৰজেন স্থিৰকৰণ, ফছফেটৰ দ্ৰৱণীয়কৰণ, আৰু জিংক অণুপুষ্টিকৰ সংগঠিতকৰণৰ দৰে কাৰ্যকলাপ অব্যাহত ৰাখে। ইয়াৰ উপৰিও জৈৱ সাৰে উদ্ভিদ বৃদ্ধিৰ হৰম’ন যেনে জিবেৰেলিন, অক্সিন আদিও সৃষ্টি কৰে, যাৰ ফলত স্বাস্থ্যসন্মত শস্য উৎপাদিত হয়। পতঞ্জলিয়ে কৰ্মশালা, প্ৰদৰ্শনী, ক্ষেত্ৰ পৰীক্ষা আদিৰ জৰিয়তে কৃষকসকলক এই কৌশলসমূহৰ বিষয়ে অৱগত কৰি আহিছে।

পতঞ্জলিৰ এই পদক্ষেপ কেৱল জৈৱিক সামগ্ৰী বিতৰণতে সীমাবদ্ধ নহয়, শিক্ষা আৰু দক্ষতা বিকাশ তেওঁলোকৰ মিছনৰ অন্যতম প্ৰধান বিষয়। সংস্থাটোৱে কৃষকসকলক ৰাসায়নিক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱ আৰু জৈৱিক বিকল্পৰ উপকাৰিতাৰ বিষয়ে সচেতন কৰিবলৈ বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এই প্ৰকল্পসমূহে মাটিৰ উৰ্বৰতা ব্যৱস্থাপনা, জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়া, কীট নিয়ন্ত্ৰণৰ বাবে জৈৱ কীটনাশকৰ ব্যৱহাৰ, আৰু সুলভ জৈৱিক সামগ্ৰীৰ ব্যৱহাৰৰ বাবে অনুপ্ৰেৰণামূলক কাৰ্যসূচী আদি দিশসমূহ সামৰি লয়।

কৃষকসকলে নিজেই শস্য আৰু মাটিৰ স্বাস্থ্যৰ ওপৰত জৈৱিক কৃষিৰ প্ৰভাৱ স্পষ্টকৈ প্ৰত্যক্ষ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি পতঞ্জলি মডেল ফাৰ্ম আৰু প্ৰদৰ্শন কেন্দ্ৰসমূহ লাইভ লেবৰ দৰেই ৰখা হৈছে। কৃষকসকলে জৈৱিক কৃষিৰ দিশলৈ গতি কৰাৰ লগে লগে তেওঁলোক এক প্ৰকাৰে স্বাধীন হৈ পৰে, কিয়নো জৈৱিক কৃষিয়ে ব্যয়বহুল ৰাসায়নিক সামগ্ৰী আৰু বিদেশী পুঁজিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে।

তদুপৰি কৃষকসকলক পামৰ আৱৰ্জনা আৰু স্থানীয়ভাৱে উপলব্ধ কেঁচামাল ব্যৱহাৰ কৰি নিজৰ পচন সাৰ, জৈৱ সাৰ, আৰু জৈৱিক কীটনাশক উৎপাদনৰ প্ৰশিক্ষণ দিয়া কাৰ্যসূচীৰ জৰিয়তে অধিক সঞ্চয় আৰু উপাৰ্জনৰ পথো মুকলি কৰে। অৰ্থনৈতিক লাভৰ উপৰিও জৈৱিক কৃষিয়ে পৰম্পৰাগত ব্যৱস্থাকো পুনৰ প্ৰতিষ্ঠা কৰে আৰু কৃষকক প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাত বিশেষভাৱে সহায় কৰে।