শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৰমৰ দিনত কিয় বৃদ্ধি পাই কিডনীত পাথৰ হোৱাৰ সমস্যা? চিকিৎসকে জনালে লক্ষণ আৰু পৰিত্ৰাণৰ উপায়…

গৰমৰ দিনত বৃক্কত পাথৰ হোৱাৰ সমস্যা বাঢ়ি যায়। প্ৰাৰম্ভিক অৱস্থাত ইয়াৰ কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰোপৰি কিছুমান বিশেষ যত্নৰে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

গৰমৰ দিনত কিয় বৃদ্ধি পাই কিডনীত পাথৰ হোৱাৰ সমস্যা? চিকিৎসকে জনালে লক্ষণ আৰু পৰিত্ৰাণৰ উপায়…
বৃক্ক (প্ৰতীকী ফটো)Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 30 May 2025 08:11 AM

গ্ৰীষ্মকালত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত কিডনী ষ্টোন বা বৃক্কত পাথৰ হোৱাৰ সমস্যা অন্যতম। বিশেষজ্ঞসকলৰ মতে ইয়াৰ মূল কাৰণ ডিহাইড্ৰেশ্যন আৰু শৰীৰত পানীৰ অভাৱ। যেতিয়া ঘামৰ জৰিয়তে শৰীৰৰ পানী দ্ৰুতগতিত নিৰ্গত হয় আৰু পৰ্যাপ্ত পৰিমাণৰ তলৰ পদাৰ্থ গ্ৰহণ কৰা নহয় তেতিয়া প্ৰস্ৰাৱ ডাঠ হৈ পৰে। এনে পৰিস্থিতিত প্ৰস্ৰাৱত থকা কেলচিয়াম, অক্সালেট আৰু ইউৰিক এচিডৰ দৰে মৌল বৃক্কত জমা হৈ পাথৰৰ ৰূপ লয়।

বৃক্ক শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। বৃক্কই প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত খনিজ পদাৰ্থ আঁতৰাই পেলায়। কিন্তু যেতিয়া শৰীৰত পানীৰ অভাৱ হয় তেতিয়া এই খনিজ পদাৰ্থবোৰ বৃক্কত জমা হ’বলৈ আৰম্ভ কৰে। প্ৰথম অৱস্থাত ই এটা সৰু কণিকা দৰে থাকে। কিন্তু লাহে লাহে ই ডাঙৰ হ’বলৈ ধৰে আৰু পাছত শিলৰ আকৃতি লয়। গ্ৰীষ্মকালত ঘাম ওলাই থকা আৰু শৰীৰত পানীৰ অভাৱ হোৱাৰ বাবে এই প্ৰক্ৰিয়া ত্বৰান্বিত হয়।

লক্ষণ

মেদান্ত হাস্পতালৰ ইউৰ’লজী আৰু ৰেনাল কেয়াৰ বিভাগৰ সঞ্চাল ক ডাঃ মনমীত সিঙে কিডনীত পাথৰ হোৱাৰ প্ৰাৰম্ভিক লক্ষণ আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ বিষয়ে উল্লেখ কৰিছে। কিডনীৰ পাথৰৰ ক্ষেত্ৰত দেখা দিয়া কেইটামান লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • তলৰ পেট বা পিঠিত তীব্ৰ বিষ হোৱা,
  • প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা পোৰা বা বিষ হোৱা,
  • প্ৰস্ৰাৱৰ ৰং ডাঠ হোৱা
  • প্ৰস্ৰাৱত ক’লা ৰঙৰ তেজ অহা,
  • সঘনাই প্ৰস্ৰাৱ কৰা অনুভৱ আদি।

ডাঃ মনমীত সিঙে কয় যে, এই লক্ষণসমূহ দেখা দিলে আওকান কৰিব নালাগে। লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। গ্ৰীষ্মকালত ঘাম ওলাই থকাৰ বাবে শৰীৰত অধিক পানীৰ প্ৰয়োজন হয়। গতিকে কম পানী খালে প্ৰস্ৰাৱত খনিজ পদাৰ্থৰ পৰিমাণ বাঢ়ি যায়, যাৰ ফলত পাথৰ সৃষ্টি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ দিনটো কমেও ৩-৪ লিটাৰ পানী খাব লাগে।

পৰিত্ৰাণ

যিসকল লোকৰ এই সমস্যা আছে তেওঁলোকে নিয়মিতভাৱে প্ৰস্ৰাৱ পৰীক্ষা আৰু আল্ট্ৰাছাউণ্ড কৰাব লাগে। চিকিৎসকে দিয়া ঔষধ সময়মতে খাব লাগে। ইয়াৰোপৰি ভজা খাদ্য আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰিব লাগে। গ্ৰীষ্মকালত পাথৰ হোৱাৰ সম্ভাৱনা কম কৰিবলৈ হাইড্ৰেচনৰ প্ৰতি মনোযোগ দিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে ভাল খাদ্য, পানী, জুচ, ফল-মূল আদি খাই থাকিব লাগে। ইয়াৰ বিষয়ে অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ সহায় ল’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ চাহ আৰু কফিয়ে মানসিক চাপ কম কৰে নেকি? জানক চিকিৎসকৰ পৰা…