ঔষধৰ প্ৰয়োজন নাই, পাকঘৰৰ এই বস্তুৱে নিয়ন্ত্ৰণত ৰাখিব ব্লাড চুগাৰ! জানক…
এতিয়া ডায়েবেটিছ ৰোগে শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোকে আক্ৰান্ত কৰিছে। ইয়াৰ মূল কাৰণ হৈছে পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাস। যদিও ইয়াক সম্পূৰ্ণৰূপে আৰোগ্য কৰিব নোৱাৰি, তথাপিও পাকঘৰত উপলব্ধ আমলা, মেথি, তিতা, হলুদ আদি আয়ুৰ্বেদিক উপাদানৰ দ্বাৰা তেজৰ চেনিৰ মাত্ৰা ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি। কেনেকৈ জানো আহক..
বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা অন্যতম ৰোগ হৈছে ডায়েবেটিছ। এসময়ত বৃদ্ধসকলৰ মাজতে সীমাবদ্ধ হৈ থকা এই ৰোগে বৰ্তমান শিশু আৰু যুৱক-যুৱতীসকলকো আক্ৰান্ত কৰিছে। ইয়াৰ মূল কাৰণ হ’ল পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ, অনিদ্ৰা, খাদ্যাভ্যাস। যদিও ডায়েবেটিছ সম্পূৰ্ণৰূপে আৰোগ্য কৰিব নোৱাৰি, তথাপিও আমাৰ পাকঘৰত উপলব্ধ কিছুমান আচৰিত উপাদানৰ দ্বাৰা ইয়াক ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি। এতিয়া চাওঁ আহক আয়ুৰ্বেদ অনুসৰি চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা ছুপাৰফুড কি কি..
আমলখি
আমলখিত থকা পুষ্টিকৰ পদাৰ্থই অগ্নাশয়ৰ কাম-কাজ উন্নত কৰে। ই শৰীৰত ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰাত সহায় কৰে। প্ৰতিদিনে পুৱা খালী পেটত ১-২ গিলাচ সতেজ আমলখিৰ ৰস বা এচামুচ আমলখিৰ গুড়ি গৰম পানীৰ লগত মিহলাই খাব লাগে। শৰীৰৰ বিষমুক্ত কৰাত সহায় কৰে।
মেথি – দালচেনি
মেথি আৰু দালচেনিয়ে কেৱল ৰন্ধা-বঢ়াত সোৱাদ যোগোৱাই নহয়, তেজৰ চুগাৰ নিয়ন্ত্ৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এচামুচ মেথি গুটি ৰাতি তিয়াই ৰাতিপুৱা পানীখিনি খাই গুটি চোবাই খাব লাগে। ইয়াক দৈনিক খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰি বা গৰম পানীত ১/৪ চামুচ গুড়িৰ লগত মিহলাই খাব পাৰি।
তিতা কেৰেলা
তিতা যদিও ই ডায়েবেটিছ ৰোগীৰ ঔষধ। ইয়াত পলিপেপটাইড-পি নামৰ প্ৰাকৃতিক ইনচুলিনৰ দৰে যৌগ থাকে। ই কফ আৰু পিত্ত দোষৰ ভাৰসাম্য ৰক্ষা কৰে। দৈনিক খালী পেটত ৩০ মিলিলিটাৰ সতেজ তিতা কেৰেলাৰ ৰস খালে চুগাৰৰ মাত্ৰা সুস্থিৰ হৈ থাকে।
হালধি
হালধি কেৱল যকৃত পৰিষ্কাৰ কৰাই নহয় শৰীৰৰ প্ৰদাহ কমায়। ই ইনচুলিনৰ প্ৰতিক্ৰিয়া উন্নত কৰে। প্ৰতিদিনে আধা চামুচ হালধি গৰম পানী বা গাখীৰৰ লগত মিহলাই খালে স্বাস্থ্যৰ বাবে অতি উপকাৰী।
খাদ্যৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাৰীৰিক কাৰ্যকলাপও সমানেই গুৰুত্বপূৰ্ণ। উপৰোক্ত প্ৰাকৃতিক পদ্ধতিসমূহ পালন কৰাৰ সময়ত নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু উপযুক্ত সাৱধানতা অৱলম্বন কৰা। সঠিক জীৱনশৈলীৰে ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈও আপুনি আৰামত জীয়াই থাকিব পাৰে ।
(ইয়াত উল্লেখ কৰা তথ্যসমূহ কেৱল আপোনাৰ বুজিব আৰু সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে। এই টিপছসমূহ পালন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল)