শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Happy New Year 2026 Wishes: ‘নৱ আনন্দেৰে জাগা আজি…’, নৱবৰ্ষত আপোনজনক এইদৰে জনাওক শুভকামনা

Best Happy new year 2025 wishes in Assamese: নতুন বছৰত সকলোৱে জীৱনত নতুন লক্ষ্য নিৰ্ধাৰণ কৰি নতুন আশাৰে আগবাঢ়ি যোৱাৰ সংকল্প লওঁ। ২০২৫ বৰ্ষটোক বিদায় দি ভাল স্মৃতিবোৰ ৰাখক আৰু আধৰুৱা হৈ থকাখিনি সম্পূৰ্ণ কৰাৰ সকলোৱে প্ৰতিশ্ৰুতি লও । এই সময় আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়ে নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত সকলোকে দিয়ক মৰমেৰে শুভেচ্ছা...

Happy New Year 2026 Wishes: ‘নৱ আনন্দেৰে জাগা আজি…’, নৱবৰ্ষত আপোনজনক এইদৰে জনাওক শুভকামনা
Image Credit source: TV9 Bharatvarsh
barasha-misra
Barasha Misra | Published: 30 Dec 2025 20:35 PM

Happy New Year Wishes & Quotes: আকৌ এটি নতুন বছৰে আকোৱালি ল’ব সকলোকে। মাজত মাত্ৰ এটা দিন। নতুন বছৰে নিজৰ লগত লৈ আহে নতুন আৰম্ভণি, নতুন আশা আৰু নতুন সপোন। পুৰণি বছৰৰ স্মৃতিবোৰ ৰক্ষা কৰি নতুন কৃতিত্বৰ দিশত আগবাঢ়ি যোৱাৰ এই সময়। সকলোৱে সুখ আৰু ইতিবাচকতাৰে নতুন বছৰটো আৰম্ভ কৰিব বিচাৰে। এই সময়ত পৰিয়াল, বন্ধু-বান্ধৱী আৰু ঘনিষ্ঠসকলক দিয়ক বিশেষ শুভেচ্ছা, যাতে আমি তেওঁলোকৰ জীৱনতো এক ইতিবাচক আৰু সুখৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰো।

নতুন বছৰত সকলোৱে জীৱনত নতুন লক্ষ্য নিৰ্ধাৰণ কৰি নতুন আশাৰে আগবাঢ়ি যোৱাৰ সংকল্প লওঁ। ২০২৫ বৰ্ষটোক বিদায় দি ভাল স্মৃতিবোৰ ৰাখক আৰু আধৰুৱা হৈ থকাখিনি সম্পূৰ্ণ কৰাৰ সকলোৱে প্ৰতিশ্ৰুতি লও । এই সময় আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়ে নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত সকলোকে দিয়ক মৰমেৰে শুভেচ্ছা…

নৱবৰ্ষৰ শুভেচ্ছা (Happy new year 2026 wishes in Assamese)

  1. নতুন বছৰটো প্ৰেম আৰু শান্তিৰ প্ৰতীক হওক, আপোনাৰ জীৱনত শান্তি আৰু সুখ কঢ়িয়াই আনক। নৱবৰ্ষৰ শুভেচ্ছা
  2. প্ৰতি বছৰে জীৱনৰ এটা নতুন অধ্যায় সংযোজন কৰে, এই বছৰটো সুখ আৰু সফলতাৰে ভৰি পৰক। শুভ নৱবৰ্ষ
  3. আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমুহ সদস্যলৈ ইংৰাজী নববৰ্ষ ২০২৬ বৰ্ষৰ আগতীয়াকৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
  4. নতুন বৰ্ষ ২০২৫ য়ে তোমাৰ জীৱনলৈ বহুত বহুত সুখ-শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ ।
  5. দুখৰ কলীয়া ডাৱৰ আঁতৰি যাওক…আপোনাৰ প্ৰতিটো কামনা আৰু প্ৰতিটো সপোন পূৰণ হওক, এয়া মোৰ অন্তৰৰ পৰা নতুন বছৰৰ বাবে শুভেচ্ছা।
  6. এই নৱবৰ্ষত যি বিচাৰে আপোনাৰ হওক, প্ৰতিটো দিন সুন্দৰ আৰু ৰাতি উজ্জ্বল হওক, সফলতাই আপোনাৰ ভৰি স্পৰ্শ কৰক, আপোনাক নতুন বছৰৰ শুভেচ্ছা।
  7. প্ৰতিটো বছৰে কিবা নহয় কিবা এটা দিয়ে, প্ৰতিটো নতুন বছৰে কিবা নহয় কিবা আমাৰ বাবে আনে, আহকচোন এই বছৰ কিবা এটা ভাল কাম কৰি নতুন বছৰটো উদযাপন কৰোঁ !
  8. মৰম আৰু সুখেৰে ভৰা এই নৱবৰ্ষত আমাৰ পৰিয়ালটো অধিক শক্তিশালী হওক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনাৰ জীৱনটো সদায় সুখ আৰু শান্তিৰে ভৰি পৰে। শুভ নৱবৰ্ষ
  9. নতুন বছৰ নতুন আৰম্ভণিৰ সময়, গন্তব্যস্থানত উপনীত হ’বলৈ প্ৰস্তুতিৰ সময়.. আপুনি জীৱনত সফলতাৰ বাটত আগুৱাই যাওক তাৰেই কামনা…
  10. নতুন বছৰটো এখন খালী কিতাপৰ দৰে, আপোনাৰ সপোন আৰু কঠোৰ পৰিশ্ৰমেৰে সম্পূৰ্ণ কৰি উজলাই তোলক। প্ৰতিটো পৃষ্ঠাতে আপোনাৰ এটা সফলতাৰ কাহিনী লিখক। শুভ নৱবৰ্ষ!