শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শোকাৱহ! তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত বনকর্মীসহ দুজনৰ মৃত্যু

শোকাৱহ! তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত বনকর্মীসহ দুজনৰ মৃত্যু

trishna-kalita
Trishna Kalita | Published: 31 Dec 2025 13:18 PM

লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, বন বিভাগৰ লোক। মৃত সঞ্জু ইছলাৰী কুমাৰীকাটা বন সংমণ্ডলৰ বনকৰ্মী আছিল। বিষয়াসকলে জনোৱা মতে,  কৰ্তব্যত থকা অৱস্থাতে হাতীৰ জাক এটাক মানুহৰ বাসস্থানৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰোতে তেওঁৰ ওপৰত বন্য হস্তীৰ জাকটোৱে আক্ৰমণ কৰে।

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ইয়াৰ মাজতে নিশা তামুলপুৰৰ খৈৰাণীত শোকাৱহ ঘটনা। হাতীৰ আক্ৰমণত নিহত দুজন লোক। নিহত কুমাৰীকাটা বন বিভাগৰ বন কর্মী সঞ্জু ইছলাৰী হাতীৰ জাক খেদি নিয়াৰ সময়ত বনকর্মী সঞ্জু ইছলাৰীক আক্ৰমণ।  আনফালে গাঁওখনলৈ ফুৰিবলৈ আহি হাতীৰ আক্ৰমণত মৃত্যু তপন তিমচীনাৰ।

লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, বন বিভাগৰ লোক। মৃত সঞ্জু ইছলাৰী কুমাৰীকাটা বন সংমণ্ডলৰ বনকৰ্মী আছিল। বিষয়াসকলে জনোৱা মতে,  কৰ্তব্যত থকা অৱস্থাতে হাতীৰ জাক এটাক মানুহৰ বাসস্থানৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰোতে তেওঁৰ ওপৰত বন্য হস্তীৰ জাকটোৱে আক্ৰমণ কৰে। ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু বন বিভাগৰ বিষয়া। মৃতদেহ উদ্ধাৰ কৰি পিছত কুমাৰীকাটা থানালৈ লৈ যোৱা হয়।