১ জানুৱাৰী পৰা শাহুৱেকে যিমান টকীয়া লিপিষ্টিক-ক্ৰীম ঘঁহে বোৱাৰীয়েকেও সিমানেই ঘঁহিব- ৰূপজ্যোতি কুৰ্মী
মহিলা সবলীকৰণৰ দিশত ৰাজ্যত ৰূপান্তৰমুখী যাত্রা অব্যাহত ৰাখিছে অসম চৰকাৰে। অৰুণোদয় হিতাধিকাৰীক লৈ ডাঙৰ ঘোষণা আহি আছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ ১ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। ১ জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন !

অৰুণোদয় সন্দৰ্ভত আজি ৰূপজ্যোতি কুৰ্মীয়ে কয়, মুখ্যমন্ত্ৰীয়ে মহিলাৰ সজাগতাৰ বাবে কাম কৰে। মহিলাক স্কুটি দিলে, মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰিছে। কন্যা সন্তানৰ বাবে নিযুত মইনা আঁচনি আৰু এতিয়া ল’ৰাৰ বাবে বাবু আঁচনি আনিব। এনে এজন মুখ্যমন্ত্ৰী পোৱাটো আমাৰ সৌভাগ্য। তেখেতে মনৰ কথা বুজে। শাহু-বোৱাৰীক সমানে চালে তেওঁ। ১ জানুৱাৰী পৰা শাহুৱেকে যিমান টকীয়া লিপিষ্টিক-ক্ৰীম ঘঁহে বোৱাৰীয়েকেও সিমানেই ঘঁহিব পাৰিব।